ড. সুৰজিত বৰকটকী
গণিত বিভাগ, ডিব্ৰুগড় বিশ্ববিদ্যালয়
অধ্যায়বোৰ পৃথক পোষ্ট হিচাপেও পঢ়িব পাৰে: সূচীপত্ৰ।
সূচীপত্ৰ
- কৃতজ্ঞতা
- অধ্যায় ১ : প্ৰস্তাৱনা
- অধ্যায় ২ : সংখ্যাবিলাক আমাৰ মাজলৈ কেনেকৈ আহিল?
- অধ্যায় ৩ : পাইথাগোৰাছৰ সপোন
- অধ্যায় ৪ : সংখ্যাৰ দশমিক বিস্তৃতি
- অধ্যায় ৫ : কেইটামান বিখ্যাত অপৰিমেয় সংখ্যা
- অধ্যায় ৬ : বীজগণিতীয় অপৰিমেয় সংখ্যা আৰু অবীজীয় সংখ্যাবিলাক
- অধ্যায় ৭ : অপৰিমেয় সংখ্যাৰ সাঁথৰ আৰু খেল
- অধ্যায় ৮ : উপসংহাৰ
কৃতজ্ঞতা
এই অধ্যায়টো পৃথক পোষ্ট হিচাপে পঢ়ক
অপৰিমেয় সংখ্যাৰ ওপৰত পুষ্টিকা এখন লিখিবলৈ অনুৰোধ কৰিছিলে অসম গণিত শিক্ষায়তনৰ সভাপতি প্ৰবীন দাস ছাৰে৷ সময়ৰ অভাৱৰ বাবে প্ৰথমে অকনমান থেৰো-গেৰো নকৰা নহয়৷ কিন্তু ছাৰৰ আগ্ৰহক শ্ৰদ্ধা জনাই কামটো হাতত ল’লো৷ আৰু তেতিয়াহে অনুভৱ কৰিলোযে আৰম্ভনিতে যিমান সহজ বুলি ভাবিছিলো, কামটো সিমান সহজ নহয়৷ ১০-১২ পৃষ্ঠা হাতেৰে লিখাৰ পাছত উপলব্ধি কৰিলোযে হাতেৰে লিখাতকৈ কম্পিউটাৰত পোণপটীয়াকৈ টাইপ কৰি গ’লেই মোৰ বাবে সহজ হ’ব৷ ইয়াৰ বাবে তেজপুৰ বিশ্ববিদ্যালয়ত গৱেষণাৰত তথা অসমৰ নতুন প্ৰজন্মৰ ভিতৰত মই ভাল পোৱা এজন যুক্তিবাদী লেখক পংকজজ্যোতি মহন্তৰ পৰা অসমীয়া লিখিব পৰা লেটেক্স টেম্পলেট টো আনিলো৷ জুমুঠিটো তৈয়াৰ কৰি লিখিম বুলি ভাবোতেই ছাৰৰ পৰা ফোন আহিলেই৷ হাতত সময় একেবাৰে কম৷ মোৰ ছাত্ৰী নিহাৰীকা কাকতি (সহকাৰী অধ্যাপক, গণিত বিভাগ, শিৱসাগৰ ছোৱালী মহাবিদ্যালয়) ক ক’লো অকনমান সহায় কৰি দিবলৈ৷ তেওঁৰ সহায় আৰু সহধৰ্মিনীৰ প্ৰুপৰিডিং ৰ পাছত কিবা এখন ওলালগৈ৷ পঢ়িব পৰা যদি হৈছে, সেইয়া তিনিওজনৰে সহযোগত হোৱা প্ৰচেষ্টাৰ ফল৷ এই আপাহতে উল্লেখিত আটাইকেজন ব্যক্তিলৈ মোৰ কৃতজ্ঞতা জনালোঁ৷ পুষ্টিকাখন পঢ়ি, গণিত ভাল নোপোৱা বা গণিতৰ প্ৰতি ভয় ভাৱ থকা পঢ়ুৱৈ সকল, বিশেষকৈ ছাত্ৰ-ছাত্ৰী সকল, গণিতৰ ধ্যান-ধাৰণা বিলাকৰ প্ৰতি অকনমানো আকৃষ্ট হোৱা বুলি জানিলে তাকেই কষ্টৰ সাৰ্থকতা বুলি গ্ৰহন কৰিম৷
সুৰজিত বৰকটকী
ডিব্রুগড় বিশ্ববিদ্যালয়, ডিব্রুগড়
দিনাংক- ১২/১২/২০২৫
অধ্যায় ১ : প্ৰস্তাৱনা
এই অধ্যায়টো পৃথক পোষ্ট হিচাপে পঢ়ক
গণিতৰ ভাষাত Commensurable-ৰ অর্থ হ’ল সাধাৰণ পৰিমাণ বিশিষ্ট বা পৰিমাপযোগ্য। ইয়াৰ মূল গাণিতিক অর্থটো হ’ল এনেধৰণৰ: দুটা বাস্তব সংখ্যা, a আৰু b-ক পৰিমাপযোগ্য বুলি কোৱা হয় যদি এটা সাধাৰণ এককৰ জড়িয়তে দুয়োটা সংখ্যাকে পূর্ণসংখ্যাৰ গুণিতক বা পূৰণফল হিচাপে প্রকাশ কৰিব পৰা যায়। উদাহৰণস্বৰূপে, ৬ আৰু ৯ সংখ্যা দুটা পৰিমাপযোগ্য, কাৰণ সিঁহতৰ এটা সাধাৰণ ভাজক বা গুণনীয়ক ৩ আছে। ৬ = ২ × ৩ আৰু ৯ = ৩ × ৩। ইয়াত ৩ টো এটা সাধাৰণ একক। ঠিক একেদৰে, ২ আৰু ৫ সংখ্যা দুটা পৰিমাপযোগ্য হয়নে? ইয়াত, ১ টোৱেই সিঁহতৰ গুণনীয়ক আৰু সেইকাৰণেই ইয়েই হ’ব আমাৰ প্ৰয়োজনীয় একক৷ যিহেতু ২ = ২ × ১ আৰু ৫ = ৫ × ১৷ গণিতত এনে সংখ্যা বিলাককে পৰিমেয় সংখ্যা বুলি কোৱা হয়৷ এতিয়া প্ৰশ্ন হয়: আমি যিবিলাক সংখ্যাৰ সৈতে পৰিচিত, সিঁহতৰ যিকোনো দুটা সংখ্যাৰে এনেদৰে এটা সাধাৰণ একক থকাটো সম্ভৱ নে? উদাহৰণ স্বৰূপে √২ আৰু ৩ ৰ বাবে এনেদৰে এটা সাধাৰণ একক আমি পামনে? ইয়াৰ উত্তৰ হ’ল: নোৱাৰি৷ গণিতৰ হাজাৰ বছৰীয়া ইতিহাসত হোৱা এই বিষয়ৰ গৱেষণাই আমাৰ এই পুস্তিকাৰ মূল উপজীব্য বিষয়৷ যিবিলাক সংখ্যাই এই ধৰ্ম পালন নকৰে, সিঁহতকে আমি অপৰিমেয় সংখ্যা বুলি কওঁ৷ কিন্তু এই অপৰিমেয় সংখ্যাবিলাকৰ উত্থানৰ ইতিহাস অত্যন্ত আকর্ষণীয়৷ সিবিলাক নথকাহ’লে কি হ’ল হেতেন, সিবিলাকৰ আৱিস্কাৰে আমাক কি কি সুবিধা কৰি দিলে, ইত্যাদি বিলাক এখন উপন্যাসতকৈ কম উপভোগ্য নহয়৷ অপৰিমেয় সংখ্যাসমূহ সসীম জগতত অসীমতাৰ স্মাৰক। সেইবোৰ বাস্তৱ সংখ্যা, আৰু বিজ্ঞান আৰু অভিযান্ত্ৰিকতাৰ বাবে অতি প্ৰয়োজনীয়, কিন্তু সিহঁতৰ দশমিক বিস্তাৰ বা বিস্তৃতি বা সম্প্ৰসাৰণ কেতিয়াও শেষ নহয় আৰু এই বিস্তাৰৰ কেতিয়াও এক বিশেষ আৰ্হিত পুণৰাবৃত্তি নঘটে। এই অসীমতাতে এক গভীৰ ৰহস্যময়তা অনুভৱ কৰা যায়৷ ই আমাক শিকায় যে যদিও মানৱ জাতিয়ে জ্ঞানৰ সাধনাত এক শক্তিশালী স্হিতিত উপনীত হৈছে, গাণিতিক সত্যৰ এই জগত খনৰ ৰহস্য সম্পূৰ্ণকৈ উদ্ধাৰ কৰিবলৈ এতিয়াও বহু বাকী। সিঁহতৰ আৱিষ্কাৰ, অধ্যয়ন আৰু চিৰন্তন ৰহস্যই জনা আৰু নজনা, নিশ্চিত আৰু অনিশ্চিত বিষয়ৰ মাজত থকা গভীৰ সম্পৰ্কক বুজায়— যিয়ে আমাক গণিতৰ সৌন্দৰ্য আৰু ইয়াৰ প্ৰত্যাহ্বান দুয়োটাৰ বিষয়ে জ্ঞান দিয়ে।
আমি চেষ্টা কৰিম যাতে গণিতৰ বৰ বেছি ভিতৰলৈ নোযোৱাকৈও পঢ়ুৱৈ সকলে অপৰিমেয় সংখ্যাৰ বিষয়ে কিছু কথা জানিব পাৰিব৷ যিবিলাক অংশত গাণিতিক সংকেত বিলাকৰ ব্যৱহাৰ অপৰিহাহ্য, সিবিলাক বাদ দিও পঢ়ুৱৈ সকলে যাতে পৰৱৰ্ত্তী অংশলৈ সহজে যাব পাৰে, এই পুষ্টিকাখনে জড়িয়তে আমি সেইধৰণেই আগবাঢ়িবলৈ যত্ন কৰিম৷
অধ্যায় ২ : সংখ্যাবিলাক আমাৰ মাজলৈ কেনেকৈ আহিল?
এই অধ্যায়টো পৃথক পোষ্ট হিচাপে পঢ়ক
বিজ্ঞানী সকলে সংখ্যা বিলাককেই এই বিশ্ব-ব্ৰহ্মাণ্ডৰ বিভিন্ন কাৰ্য-প্ৰণালীৰ মূল মাধ্যম ৰূপে স্বীকৃতি দিয়ে৷ প্ৰখ্যাত গ্ৰীক দাৰ্শনিক প্লেটোৰ ঘৰৰ সন্মুখত লিখা আছিল যে যি ব্যক্তিয়ে সংখ্যাৰ বিষয়ে একো নাজানে, তেওঁক প্ৰৱেশৰ অনুমতি দিয়া নহয়৷ গ্ৰীক গণিতজ্ঞ পাইথাগোৰাছ আৰু তেওঁৰ শিষ্য বিলাকে বিশ্বাস কৰিছিল যে এই পৃথিৱীত যদি কিবা সত্য আছে সেইয়া হ’ল এই সংখ্যা বিলাক৷ তাত বাদে বাকী সকলো বিভ্ৰান্তি (Illusion)৷ গতিকে দেখা যায় যে সংখ্যা বিলাকক লৈ অতীজৰে পৰাই দাৰ্শনিক তথা বিজ্ঞানী সকল জোখতকৈ বেছি সংবেদনশীল হৈ আহিছে৷ অৱশ্যে হোৱাটোও স্বাভাৱিক৷ এই সংখ্যা বিলাকৰ জড়িয়তে আমাৰ চৌপাশৰ প্ৰতিটো পৰিঘটনাকে আমি বিশ্লেষণ কৰিব পাৰোঁ, সি লাগে ৰামধেনুৰ ধেনুভিৰীয়া ভাজটোৱেই হওঁক অথবা চৰাই এটা ছোঁ মাৰি আহি পানীত পৰোতে হোৱা সেই নয়নাভিৰাম দৃশ্যই হওঁক৷ সাধাৰণতে আমি সংখ্যা বিলাকক ব্যৱহাৰ কৰোঁ গণনা কৰিবলৈ, বা সময়ৰ নিৰ্দেশনা দিবলৈ, দুৰত্ব নিৰূপণ কৰিবলৈ, নতুবা টকা-পইচাৰ হিচাপ কৰিবলৈ৷ কিছু উচ্চ পৰ্যায়ত, আমি সংখ্যা ৰ ব্যৱহাৰ দেখা পাওঁ বৈজ্ঞানিক তথা প্ৰযুক্তিগত কাম কাজ বিলাকত, সমাজ বিজ্ঞানৰ ঘটনা-পৰিঘটনা বিলাকৰ বিশ্লেষণত৷ কিন্তু এই গতানুগতিক আৰু সাধাৰণ ভাৱে প্ৰায়োগিক কাম বোৰৰ উপৰিও সংখ্যা বিলাকৰ পিঠিত উঠি আমি গুছি যাব পাৰোঁ আন এখন জগতলৈ: সেইখন হ’ল সংখ্যা ৰ ৰহস্যময় জগত৷ সংখ্যা ই ইয়াত কথা পাতে, সংখ্যা ই ইয়াত সুন্দৰ সুন্দৰ সাঁচ লয়, সংখ্যা ৰ লগত ইয়াত খেলিব পাৰি আৰু বহু কিবা কিবি কৰিব পাৰি৷
আমি পঢ়ুৱৈ সকলক লৈ যাব বিচাৰিছোঁ সংখ্যা ৰ সেই মনোৰম পৃথিৱী খনলৈ আৰু দেখুৱাব খুজিছোঁ এক বিশেষধৰণৰ সংখ্যা ৰ কাৰচাজি! এই বিশেষ ধৰণৰ সংখ্যা বিলাকক অপৰিমেয় সংখ্যা বুলি কোৱা হয়৷ এই সংখ্যা বিলাকে আমাক অসীমৰ বিষয়ে ধাৰণা দিয়ে৷ এই সংখ্যাবিলাকৰ ব্যৱহাৰ যদিও বিভিন্ন বিষয়ত দেখা যায়, ইবিলাকৰ নিজা বৈশিষ্ট্য বিলাকো ব্যৱহাৰিক দিশৰ সমানেই আকৰ্ষণীয়৷
সংখ্যাৰ আৰম্ভনি
চাৰি হাজাৰ বছৰৰো আগেয়েই সংখ্যা ৰ আৰম্ভ হৈছিল বুলি গৱেষণাত প্ৰকাশ পাইছে৷ আৰম্ভনিৰ পৰ্যায়ৰ পৰা খ্ৰীষ্টপূৰ্ব কিছু শতিকালৈকে অৱশ্যে সিবিলাকৰ ব্যৱহাৰ সীমাবদ্ধ আছিল প্ৰথমে বস্তুৰ গণনা কৰিবলৈ আৰু তাৰ পাছত জোখ মাখ তথা আন আন হিচাপ কৰিবলৈ৷ ভাৰতীয় দশমিক পদ্ধতিৰ ব্যৱহাৰ আৰৱ দেশৰ মাজেৰে গৈ ইউৰোপত আৰম্ভ হোৱাৰ পাছত হে সংখ্যাপদ্ধতিৰ মাজত বৰ্তমানে বিচাৰি পোৱা তথা বিচাৰি পাই আলোড়িত এক বিমুৰ্ত ধাৰণাৰ বিকাশ হ’ল৷ সংখ্যা ৰ এই উত্থানত সম্পদৰ হিচাপ, বাণিজ্য, সময়ৰ হিচাপ আদি বিভিন্ন কাৰ্যৰ বস্তুনিষ্ঠ বিশ্লেষণ সম্ভৱপৰ হৈ উঠিল৷ ইয়াৰ লগতে শূণ্যৰ আৱিস্কাৰ, দশমিক পদ্ধতিৰ বিস্তাৰ, তথা সংখ্যা ৰ স্হানীয় মান আদিৰ জড়িয়তে ন ন দিশ মুকলি হ’ল৷ অতীজত মানুহে যেতিয়া জীৱ জন্তু এৰাল দিছিল তেতিয়াই বাৰংবাৰতা পদ্ধতিৰ আৱিস্কাৰ হোৱা যেন লাগে৷ কাৰণ, মানুহে গণনা কৰিব নাজানিলেও ঘৰৰ পৰা ওলাই যোৱা প্ৰতিটো জন্তুৰ বিপৰীতে শিলত এডাল আৰু জন্তুটোৰ গাত একোডাল আঁক মাৰি হিচাপ ৰাখিছিল৷ গধূলি ঘৰলৈ ঘুৰি অহাৰ পাছত সেই আঁকডালৰ বিপৰীতে জন্তুটোৰ পিঠিৰ দাঁগবোৰ পৰ্যবেক্ষণ কৰিলেই আটাইবিলাক জন্তু উভটি আহিলনে নাই তাক গম পোৱা যায়৷ এইয়াই আজিৰ বাৰংবাৰতা পদ্ধতি৷ আমাজন অৱবাহিকাত আজিও কিছুসংখ্যক লোক আছে, যি এক আৰু দুইক বাদ দি আন গণনা কৰিব নোৱাৰে৷ তেওঁলোকৰ বাবে দুইতকৈ ডাঙৰ হ’লেই সি বহুতৰ শাৰীত পৰে৷ আৰম্ভনিৰ এই সংখ্যাবিলাকৰ উৎপত্তি হৈছিল কোনো বস্তুৰ একক হিচাপে৷ যেনে, আমি যে কওঁ: এটা কমলা, পাচটা কমলা; এটা হাতী, ছয়টা হাতী ইত্যাদি, ইয়াত এক, পাচ, ছয় ইত্যাদি সংখ্যা বিলাক আছিল বিমূৰ্ত৷ পাচ (৫) টা এক (১) যদি আমি একেলগ কৰোঁ তেতিয়া পাচ (৫) পাম৷ ইয়াকে আমি ১+১+১+১+১=৫ ৰে বুজাওঁ৷ পৰৱৰ্ত্তী সময়ত এই একেটা কথাকে আমি পূৰণেৰে বুজাব পৰা হ’লো, যেনে “এক"ক পাচেৰে (৫) পূৰণ কৰি পাচ পাম বা “এক"ক (১) ছয় (৬) ৰে পূৰণ কৰি ছয় (৬) পাওঁ৷ অৰ্থাৎ, আৰম্ভনিৰ সংখ্যাবিলাক আছিল ১ বিলাকৰ যোগফল বা ১ বিলাকৰ পূৰণফল৷ তাৰ পাছত মানুহে ১, ২, ৩... সংখ্যাবিলাক এনেকৈ গণনা কৰিবলৈ শিকিলে৷ লগে লগে এনেদৰে গণনা কৰিব পৰা নতুন নতুন সংখ্যা ৰো উৎপত্তি হ’ল৷ এই বিলাককে পৰবৰ্ত্তী পৰ্যায়ত স্বাভাবিক সংখ্যা বুলি নামকৰণ কৰা হ’ল৷ শূণ্যৰ ক্ৰমবিকাশ হ’ল৷ লাভ-লোকচানৰ হিচাপ কৰিবলৈ ঋণাত্মক সংখ্যা বিলাকৰ (−১, −২, −৩, ⋯) প্ৰয়োজন হ’ল৷ ধনাত্মক আৰু ঋণাত্মক সংখ্যা বিলাকক একেলগে পূৰ্ণ সংখ্যা বুলি সংজ্ঞাবদ্ধ কৰা হ’ল৷ আগতে কোৱাৰ দৰে, এই ধনাত্মক আৰু ঋণাত্মক সংখ্যাবিলাক ১ বা -১ ৰ গুণিতক, অৰ্থাৎ, ৫ মানে: ৫ টা ১, ১৬ মানে ১৬ টা ১ অথবা, -৭ মানে ৭ টা -১ ইত্যাদি৷ ইয়াকে আমি ৫ = ৫/১ বা ১৬ = ১৬/১ বুলি লিখিব পাৰিম৷ অৰ্থাৎ ৫ সংখ্যাটো আচলতে ১ এককৰ ৫ টা ভাগৰ সমস্টি৷ একে দৰ্শনেৰে, এইবাৰ ৫ ক একক হিচাপে ল’লে আমি কি পাম? যেনে ১৬ সংখ্যাটো ৫ এককৰ কেইটা ভাগৰ সমস্টি হ’ব? তাকে তেতিয়া আমি ১৬/৫ ৰ জড়িয়তে বুজাওঁ৷ ইহতক ভগ্নাংশ বুলি কোৱা হয়৷ এই আটাইবিলাক সংখ্যাকে একেলগে আমি পৰিমেয় সংখ্যা বুলি কওঁ৷ এইদৰেই পৰিমেয় সংখ্যা বিলাকৰ আগমণ ঘটিল৷ এতিয়া, পুৰণি বিভিন্ন সভ্যতাত কিদৰে সংখ্যা পদ্ধতিৰ ক্ৰমবিকাশ হৈছিল তাক থোৰতে অকনমান আলোচনা কৰি লওঁহক৷
সংখ্যাপদ্ধতিৰ ক্ৰমবিকাশ
বিশ্বৰ বিভিন্ন প্ৰান্তত হোৱা গণিতৰ ক্ৰমবিকাশৰ কাহিনী ৰোমাঞ্চকৰ৷ ভাবিলে আচৰিত লাগে, ৩০০০-৪০০০ বছৰৰ আগেয়েই কেনেকৈ মানুহে সংখ্যা ৰ বিষয়ে ধাৰণা কৰিছিল, শূণ্যৰ কথা জানিছিল, বা সংখ্যা ৰ জড়িয়তে গ্ৰহ নক্ষত্ৰৰ কক্ষপথ ঠাৱৰ কৰিছিল৷ কেইটামান বিশেষ সভ্যতা, য’ত সংখ্যা ৰ বা বহল ৰূপত গণিতৰ বিশেষ চৰ্চা হৈছিল, সেইকেইটা আছিল এনেধৰণৰ:
মেছ’পটেমীয় সভ্যতা: খ্ৰীষ্টপূৰ্ব ৩৫০০ মানৰ আশে পাশে এই সভ্যতাৰ বিস্তাৰ হৈছিল৷ এই সভ্যতাৰ মানুহে এক, দহ, ষাঠি আদি সংখ্যাৰ সংকেত প্ৰৱৰ্ত্তন কৰে৷ সংখ্যা ৰ বিমূৰ্ত্ত ধাৰণাৰ আৰম্ভনি এই সভ্যতাতেই হৈছিল বুলি গম পোৱা যায়৷ মেছ’পটেমিয়াৰ সংখ্যা তত্ত্বত প্ৰথম অৱস্থাত শূন্যৰ বাবে চিহ্নৰ অভাৱ আছিল, যাৰ ফলত কিছু অসুবিধা হৈছিল৷ পিছলৈ শূণ্যৰ বাবে এটা স্হানৰ (place holder) বিকাশ ঘটিছিল। মেছ’পটেমিয়াৰ গণিতজ্ঞসকলে বৰ্গ, ঘনক আৰু ইয়াৰ পাৰস্পৰিক সম্পৰ্কৰ বিস্তৃত টেবুল তৈয়াৰ কৰি আধুনিক বীজগণিতীয় আৰু জ্যামিতিক ধাৰণাসমূহৰ ভিত্তি স্থাপন কৰিছিল আৰু সময় নিৰ্ধাৰণ আৰু কোণ জোখাৰ দৰে ক্ষেত্ৰসমূহত তাক ব্যবহাৰ কৰিছিল।
বেবিলনীয় সভ্যতা: খ্ৰীষ্টপূৰ্ব 2০০০ মানৰ পৰা খ্ৰীষ্টপূৰ্ব ৪০০ মানলৈকে বিস্তাৰিত এই সভ্যতাত ষষ্ঠিক পদ্ধতিৰ আৱিস্কাৰ হোৱা বুলি জনা যায়৷ এই পদ্ধতিৰে তেওঁলোকে সংখ্যা ৰ স্হানীয় মান নিৰূপণ কৰিছিল বুলি গৱেষক সকলে ঠাৱৰ কৰিছে৷ বেবিলনৰ সভ্যতাই ষষ্ঠিক পদ্ধতিৰ (ভিত্তি বা আধাৰ-৬০) জড়িয়তে স্থান-মূল্যৰ ব্যৱস্থা সৃষ্টি কৰি সংখ্যাতত্ত্বক আগুৱাই লৈ গৈছিল। তেওঁলোকে গণনাৰ বাবে টেবুল ব্যৱহাৰ কৰিছিল৷ আনকি তেওঁলোকে দ্বিঘাত আৰু কিছুমান ত্ৰিঘাট সমীকৰণ সমাধান কৰাৰ উপৰিও গাণিতিক, বীজগণিতীয় আৰু জ্যামিতিৰ পদ্ধতিও উদ্ভাৱন কৰিছিল। যদিও তেওঁলোকে শূন্যৰ ধৰ্মবিলাকৰ বিষয়ে সবিশেষ আয়ত্ব কৰিব পৰা নাছিল, ভগ্নাংশ আৰু স্থান মূল্যৰ বিষয়ে তেওঁলোকৰ জ্ঞানে উল্লেখযোগ্য গাণিতিক অগ্ৰগতি লাভ কৰিবলৈ সক্ষম হৈছিল৷ আধুনিক সময় আৰু কোণৰ জোখ মাখৰ ধাৰণাসমূহক এইবিলাকে প্ৰভাৱিত কৰিছিল।
মায়া সভ্যতা: মায়াসভ্যতা সুপৰিকল্পিত চহৰ-ৰাজ্যৰ ব্যৱস্হাপনা, উন্নত লেখন পদ্ধতি, কেলেণ্ডাৰ আৰু গণিতৰ উচ্চ পৰ্যায়ৰ ব্যৱহাৰৰ বাবে পৰিচিত। তেওঁলোকৰ প্ৰভাৱ আধুনিক যুগৰ দক্ষিণ-পূব মেক্সিকো, গুৱেটামালা, বেলিজ আৰু হণ্ডুৰাছ আৰু এল ছালভাডৰৰ কিছু অংশত বিয়পি পৰিছিল। আমেৰিকা মহাদেশত মায়া সভ্যতা কেইবা সহস্ৰাব্দলৈকে বিদ্যমান আছিল৷ এই সভ্যতা প্ৰায় ২০০০ খ্ৰীষ্টপূৰ্ব ৰ পৰা ষোড়শ শতিকাৰ স্পেনিছ বিজয়লৈকে বিস্তাৰিত আছিল৷ মায়া সভ্যতাত ব্যৱহাৰ হোৱা সংখ্যা ব্যৱস্থাটো ২০-ভিত্তিৰ এটা স্থান-মূল্য ব্যৱস্থা আছিল য’ত তিনিটা মূল চিহ্ন ব্যৱহাৰ কৰা হৈছিল। এই সভ্যতাত শূণ্যৰ ব্যৱহাৰৰ কথা গম পোৱা যায়৷
হিন্দু সভ্যতা: হিন্দু সভ্যতাৰ যুগ বিতৰ্কৰ বিষয়, পশ্চিমীয়া পণ্ডিতসকলৰ মতে ইয়াৰ উৎপত্তি সিন্ধু উপত্যকাৰ সভ্যতাৰ ঠিক পিছতে অৰ্থাৎ খ্ৰীষ্টপূৰ্ব ১৫০০ চনৰ আশে-পাশে হোৱা বুলি ধৰা হয়৷ এই যুগটোকে বৈদিক যুগ বুলি কোৱা হয়। কিন্তু বহু গৱেষকে বেদত জ্যোতিৰ্বিজ্ঞানৰ প্ৰমাণ, সৰস্বতী নদীৰ উল্লেখ, ইযাৰ পূৰ্ববৰ্ত্তী দ্ৰাবিড় সভ্যতাৰ হৰপ্পা আৰু মহেঞ্জোদাৰো আদি স্থানৰ প্ৰত্নতাত্ত্বিক তথ্যৰ ভিত্তিত এই সভ্যতাৰ উৎপত্তি তাতোকৈও আগৰ বুলি ধাৰণা কৰিছে৷ এই সিদ্ধান্ত বোৰৰ পৰা এই সভ্যতা ২০০০ বছৰৰো আগৰ বুলি অনুমান কৰিব পাৰি। ০, ১, ২, ৩, ৪, ৫, ৬, ৭, ৮, আৰু ৯ এই দহটা চিহ্ন ব্যৱহাৰ কৰি সৃষ্টি হোৱা হিন্দু সংখ্যা ব্যৱস্থাটোকেই পৰৱৰ্ত্তী পৰ্যায়ত সমগ্ৰ বিশ্বই গ্ৰহণ কৰিলে। প্ৰথম আৰু চতুৰ্থ শতিকাৰ ভিতৰত ভাৰতত উদ্ভাৱন হোৱা এই ব্যৱস্থাটো হৈছে দশমিক (ভিত্তি-দহ) স্থান-মূল্য ব্যৱস্থা য’ত একো একোটা সংখ্যাত থকা অংক বিলাকৰ অৱস্থানে ইয়াৰ মূল্য নিৰ্ধাৰণ কৰে অৰ্থাৎ সেই অংকবিলাকৰ স্হান নিৰূপণ কৰে। যেনে, আমি সংখ্যা এটাত একক ৰ ঘৰ, দহক ৰ ঘৰ, শতক ৰ ঘৰৰ অংকবিলাকৰ ভিন ভিন মান জানিব পাৰোঁ৷ উদাহৰণস্বৰূপে, ৩৪২ = ৩০০ + ৪০ + ২ ত ‘৩’ ৰ মান ৩০০ অৰ্থাৎ অংক “৩" ক, শতকৰ ঘৰত থকাটো বুজায়, আনহাতে ৪৩২ ত ইয়াৰ মান ৩০ অৰ্থাৎ ই, দহকৰ ঘৰত থাকে, ইত্যাদি ইত্যাদি। ভাৰতত উৎপত্তি হোৱাৰ পিছত আৰবী সভ্যতালৈ সংখ্যাৰ ধাৰণা বিস্তাৰিত হয় আৰু পিছলৈ ইউৰোপত ইয়াৰ প্ৰচলন হয়, যাৰ ফলত ইয়াৰ নাম হ’ল হিন্দু-আৰবী সংখ্যা ব্যৱস্থা। এই পদ্ধতিৰ মূল বৈশিষ্ট্য সমুহ আছিল: (১) অৱস্থান ব্যৱস্থা: এটা সংখ্যাৰ মান সংখ্যাটোৰ ভিতৰত ইয়াৰ অৱস্থানৰ ওপৰত নিৰ্ভৰ কৰে। এই বিষয়ে ওপৰত আমি উদাহৰণ দিছোঁ৷ (২) ভিত্তি-দহ (দশমিক): বিস্তাৰ বিলাকত স্থান মানৰ বাবে দহৰ গুণিতক ব্যৱহাৰ হয়। অৰ্থাৎ ওপৰত উল্লিখিত উদাহৰণটোতে যদি চাওঁ, ৩৪২ = ৩০০ + ৪০ + ২ ক আমি এনেদৰেও প্ৰকাশ কৰিব পাৰোঁ : ৩৪২ = ৩০০ + ৪০ + ২ = ৩ × ১০² + ৪ × ১০¹ + ২ × ১০⁰৷ এই পদ্ধতি বা ব্যৱস্হাক সেইয়ে দশমিক পদ্ধতি বা ব্যৱস্হা বোলা হয় আৰু ১০ ক পদ্ধতিটোৰ ভিত্তি বা আধাৰ বুলি কোৱা হয়৷ [১] (৩) শূন্য চিহ্ন: শূন্য চিহ্নৰ আৱিষ্কাৰ ব্যৱস্থাটোৰ বাবে অতি গুৰুত্বপূৰ্ণ আছিল, যাৰ ফলত স্থানৰ মান নোহোৱা হোৱা সংখ্যাবোৰ সহজে প্ৰকাশ কৰিব পৰা গৈছিল। আজি এই ব্যৱস্হা নথকা হ’লে সংখ্যাবিলাক, বিশেষকৈ ডাঙৰ সংখ্যাবিলাক আৰু সিহতকলৈ কৰা ডাঙৰ ডাঙৰ গণনা বিলাক কৰাটো সম্ভৱ নহ’ল হেতেন৷ ইয়াৰ উপৰিও হিন্দু সংখ্যা পদ্ধতিৰ অৱস্থান ভিত্তিক ধৰ্ম আৰু শূন্যৰ অন্তৰ্ভুক্তিয়ে বীজগণিতকে ধৰি গণিতৰ আন আন শাখাৰো উন্নতিৰ পথ প্ৰশস্ত কৰিছিল।
পৰিমেয় সংখ্যা
ইতিমধ্যে উল্লিখিত সভ্যতা বিলাক বা তাৰপাছৰ পৰ্যায়ত অৰ্থাৎ সংখ্যা বিলাকৰ প্ৰচলনৰো বহুশতিকাৰ পাছলৈকে মানুহে বিশ্বাস কৰিছিল যে ০, ১, −১, ২, −২, ⋯ আৰু সিবিলাকৰ পৰা লিখিব পৰা ডাঙৰ ডাঙৰ বা সৰু সৰু (ঋণাত্মক সংখ্যাৰ ক্ষেত্ৰত) সংখ্যা বিলাক নাইবা ভগ্নাংশ বিলাকেই আমাৰ বাবে যথেষ্ট৷ সাধাৰণ যোগ-বিয়োগ, পূৰণ-হৰণ কৰিবৰ বাবে সিবিলাক জানিলেই হৈ যায়৷ এই ধৰণৰ আটাইবোৰ সংখ্যা কে পৰিমেয় সংখ্যা বুলি কোৱা হয়৷ গণিতৰ ভাষাত, যিকোনো এটা সংখ্যা ক যদি a/b ৰূপত প্ৰকাশ কৰিব পাৰি, য’ত a, b দুটা পূৰ্ণ সংখ্যা, আৰু b ≠ 0, তেনে সংখ্যাক পৰিমেয় সংখ্যা বুলি কোৱা হয়৷ পৰিমেয় সংখ্যা বিলাকক গ্ৰীক সকলে জ্যামিতীৰ সহায়ত বুজিবলৈ চেষ্টা কৰিছিল৷ সেই কাৰণে, তেওঁলোকৰ বাবে পৰিমেয় আৰু পৰিমাপযোগ্য সংখ্যাৰ সংজ্ঞা একে আছিল৷ কাৰণ, কোনো এটা সংখ্যা a/b ৰূপত প্ৰকাশ কৰিব পৰা মানে, আমি এনে এটা c (একক) পাম, য’ত c ≤ a, আৰু c ≤ b, আৰু c ৰ এটা গুণিতক a আৰু আনটো গুণিতক b হ’ব৷
পৰিমেয় সংখ্যা বিলাকক সিঁহতৰ দশমিক সম্প্ৰসাৰণ(বিস্তাৰ বা বিস্তৃতি)ৰ জড়িয়তেও আমি সংজ্ঞাবদ্ধ কৰিব পাৰোঁ৷ উদাহৰণস্বৰূপে, ৫/২ এটা পৰিমেয় সংখ্যা৷ ইয়াৰ দশমিক সম্প্ৰসাৰণটো হ’ব: ২.৫ = ২ + ৫/১০ + ০/১০² + ০/১০³ + ⋯৷ ইয়াত ১/১০ ৰ ২ বা তাতোকৈ ডাঙৰ ঘাটৰ অংক বোৰৰ সহক বিলাক আটাইবোৰ ০৷ এনে সংখ্যাক অপৌণপৌণিক আৰু সমাপ্ত (non recurring and terminating) সংখ্যা বোলা হয়৷ এইবাৰ চাওঁ ২২/৭ সংখ্যাটো৷ ইয়াৰ দশমিক সম্প্ৰসাৰণটো হ’ব:
২২/৭ = ৩.১৪২৮৫৭ ১৪২৮৫৭ ১৪২৮৫৭ ⋯
= ৩ + ১/১০ + ৪/১০¹ + ২/১০² + ৮/১০³ + ৫/১০⁴ + ৭/১০⁵ + ⋯৷
এই সম্প্ৰসাৰণত দশমিকৰ পাছত ১৪২৮৫৭ অঙ্ককেটাৰ অসীম সংখ্যক পুণৰাবৃত্তি ঘটিছে৷ এনে সংখ্যাক পৌণপৌণিক (recurring and non-terminating) সংখ্যা বোলা হয়৷ পৰিমেয় সংখ্যা বিলাক “অপৌণপৌণিক আৰু সমাপ্ত" নাইবা কেৱল “পৌণপৌণিক" : এই দুই ধৰণৰেই প্ৰকাশ কৰিব পৰা যায়৷
পুৰণি সভ্যতা বিলাকত স্হপতিগত কাম-কাজত, জ্যোতিবিজ্ঞানৰ পর্যবেক্ষণসমূহত, সংগীতৰ তাল মান লয় আদিৰ হিচাপ আদি সকলোতে এই পৰিমেয় সংখ্যা বিলাকৰেই ব্যৱহাৰ হৈছিল৷ কিন্তু লাহে লাহে দেখা গ’ল যে, মানুহে নিবিচৰাকৈও আন কিছুমান সংখ্যাৰ প্ৰয়োজন হ’ল, যিবিলাক নহ’লে গণিতৰ বহুবোৰ সমস্যাৰ সমাধান নহয়৷ এইক্ষেত্ৰত পাইথাগ’ৰাছৰ যুগৰ গণিতৰ ধ্যান ধাৰণাৰ বিষয়ে কিছু আলোচনা কৰিব লাগিব৷ কোৱা হয় যে, পাইথাগ’ৰাছৰ সমকোণী ত্ৰিভূজৰ বাহু কেইটাৰ মাজৰ সম্বন্ধশীৰ্ষক যি সূত্ৰ আছে, তাতেই প্ৰথম এই সমস্যাৰ উদ্ভৱ হয়৷
টোকা
বেলেগ বেলেগ আধাৰ বা ভিত্তি লৈ আমি বেলেগ বেলেগ সংখ্যা পদ্ধতি পাওঁ, যেনে আধাৰ ২ হ’লে তাক দ্বি-ভিত্তিক (binary) সংখ্যা পদ্ধতি বোলা হয়, যিটো কম্পিউটাৰত ব্যৱহৃত হয়৷ ঠিক সেইদৰে বেবিলনীয় সভ্যতাত যি ষষ্ঠিক পদ্ধতিৰ প্ৰচলন আছিল তাৰ ভিত্তি আছিল ৬০৷ তেওঁলোকে ব্যৱহাৰ কৰা পদ্ধতি আজিও আমি সময় জোখাৰ বাবে ব্যৱহাৰ কৰোঁ য’ত সময়ৰ একক বিলাক ৬০ ৰ গুণিতক হয়, যেনে ৬০ ছেকেণ্ডত ১ মিনিট, ৬০ মিনিটত ১ ঘণ্টা ইত্যাদি৷↩︎
অধ্যায় ৩ : পাইথাগোৰাছৰ সপোন
এই অধ্যায়টো পৃথক পোষ্ট হিচাপে পঢ়ক
গণিতলৈ পাইথাগোৰাছৰ আটাইতকৈ বিখ্যাত অৱদানটো হ’ল সমকোণী ত্ৰিভূজৰ বাহু কেইডালৰ মাজৰ সম্বন্ধশীৰ্ষক সূত্ৰটো৷ গ্ৰীচৰ চামোচ দ্বীপত জন্মগ্ৰহন কৰা পাইথাগোৰাছৰ জন্ম-মৃত্যুৰ কাল আনুমানিক খ্ৰীষ্টপূৰ্ব ৫৭০-৫০০৷ তেওঁ আন অসংখ্য গাণিতিক সূত্ৰ আৱিস্কাৰ কৰিছিল যদিও সমকোণী ত্ৰিভূজৰ লম্বৰ বৰ্গ আৰু ভূমিৰ বৰ্গৰ যোগফল ইয়াৰ অতিভূজৰ বৰ্গৰ সমান শীৰ্ষক সূত্ৰৰ বাবেই আমাৰ মাজত অধিক পৰিচিত৷ পাইথাগোৰাছ তথা তেওঁৰ শিষ্য সকলে বিশ্বাস কৰিছিল যে সকলো সংখ্যাই পৰিমাপযোগ্য অৰ্থাৎ পৰিমেয়৷ অপৰিমেয় সংখ্যাই লগোৱা প্ৰথম গোলমালটো হ’ল এনেধৰণৰ:
কাষৰ চিত্ৰখনত এটা সমকোণী ত্ৰিভূজ ABC দেখুৱা হৈছে৷ ইয়াত AB বাহু লম্ব, BC বাহু ভূমি আৰু CA বাহুৱে অতিভূজ বুজাইছে৷ লগতে AB, BC আৰু CA ই এই বাহু কেইডালৰ দৈৰ্ঘক সূচাইছে৷ পাইথাগোৰাছৰ সূত্ৰ অনুসৰি আমি লিখিব পাৰোঁ AB² + BC² = CD². এতিয়া পাইথাগোৰাছ তথা তেওঁৰ শিষ্য সকলৰ মতেই বাহুকিডালৰ মান যিকোনো পৰিমেয় সংখ্যা হ’ব পাৰে৷ যদি AB = BC = ১ হয়, তেতিয়া ১² + ১² = CA² হ’ব, আৰু তাৰ পৰা আমি পাম: CA² = ২, অৰ্থাৎ CA = √২৷ এতিয়া প্ৰশ্ন হয়, √২ টো পৰিমেয় সংখ্যা হয় নে নহয়? যদি সি পৰিমেয় সংখ্যা হয় তেন্তে তাক ইতিমধ্যে উল্লেখ কৰা a/b ৰূপত প্ৰকাশ কৰিব পৰা যাব৷ গতিকে আমি চাওঁ, এনেদৰে প্ৰকাশ কৰিলে কি সমস্যা হ’ব!
ধৰা হ’ল √২ = a/b. ধৰাহ’ল a আৰু b ৰ গৰিষ্ঠ সাধাৰণ উৎপাদক ১৷ অৰ্থাৎ ৪/২০, ২১/৫৬ আদিৰ দৰে সংখ্যাক আমি ক্ৰমান্বয়ে ১/৫, ৩/৮ আদিৰে সূচাম৷ ইয়াৰ পৰা আমি পাম: (a/b)² = ২ ⇒ a² = ২b². গতিকে a² এটা যুগ্ম সংখ্যা হ’ব৷ কিন্তু তাৰ লগে লগে a ও এটা যুগ্ম সংখ্যাই হ’ব লাগিব৷ (নহ’লে কি হ’ব?) a যুগ্ম সংখ্যা হ’লে, a ক আমি এনেদৰে লিখিব পাৰিম: a = ২k, য’ত k আন এটা পূৰ্ণ সংখ্যা৷ কিন্তু, তেতিয়া, a² = ৪k² ৷ যিহেতুকে, a² = ২b², আমি পাম: ৪k² = a² = ২b²৷ গতিকে b² = ২k²৷ অৰ্থাৎ b সংখ্যাটো ২ ৰ এটা গুনিতক হ’ব৷ তাৰমানে, b ও টা যুগ্ম সংখ্যা হ’ব৷ গতিকে, a আৰু b ৰ এটা উৎপাদক ২ হ’ব৷ কিন্তু আমি ধৰিলৈছিলো যে a আৰু b ৰ গৰিষ্ঠ সাধাৰণ উৎপাদক ১৷ গতিকে, ই সম্ভৱ নহয়৷ ইয়াৰ পৰা আমি পাম যে √২ টো পৰিমেয় সংখ্যা নহয়৷
খ্ৰীষ্টপূৰ্ব ৪৭০ ত কিন্তু অপৰিমেয় সংখ্যাবিলাকৰ বিষয়ে কোনো ধাৰণা নাছিল৷ ইতিমধ্যে কোৱা হৈছেযে, পাইথাগোৰাছ আৰু তেওঁৰ শিষ্য সকলে সকলোবোৰ কেৱল সংখ্যা বুলি ভাবিলেও তেওঁলোকৰ বাবে এই সংখ্যাবিলাক পৰিমাপযোগ্য বা পৰিমেয়হে আছিল৷ এই সংখ্যাবিলাক প্ৰকাশ কৰিবলৈ তেওঁলোকে জ্যামিতিৰ আশ্ৰয় লৈছিল৷ একো একোটা সংখ্যা তেওঁলোকৰ বাবে আছিল এটা নিদিষ্ট বিন্দুৰ পৰা আন এটা নিদিষ্ট বিন্দুলৈ অকাঁ ৰেখাখণ্ডৰে নিৰূপণ কৰিব পৰা একো একোটা দৈৰ্ঘ্য ৷ প্ৰত্যেক এনে ৰেখাখণ্ডৰে এটা একক দৈৰ্ঘ্য থাকিব, যাতে এই দৈৰ্ঘ্য বিলাক এই একক দৈৰ্ঘ্যৰ গুণিতক হয়৷ উদাহৰণস্বৰূপে, ধৰা হ’ল A আৰু B দুডাল সৰল ৰেখাখণ্ড যাৰ দৈৰ্ঘ্যই দুটা পৰিমেয় সংখ্যা বুজাইছে৷ পাইথাগোৰীয় ধ্যান ধাৰণা মতে A আৰু B তকৈ সৰু আমি এডাল সৰল ৰেখাখণ্ড C সদায় পামেই যাতে C ৰ দৈৰ্ঘ্যক কিবা এটা পূৰ্ণ সংখ্যাৰে পূৰণ কৰিলে আমি A ৰ দৈৰ্ঘ্য পাম আৰু ঠিক একেদৰে C ৰ দৈৰ্ঘ্যক আন এটা পূৰ্ণ সংখ্যাৰে পূৰণ কৰিলে আমি B ৰ দৈৰ্ঘ্য পাম ৷ এই C কেই আমি আগতে (প্ৰস্তাৱনা আৰু পৰিমেয় সংখ্যাৰ বিষয়ে আলোচনা কৰোতে) একক বুলি উল্লেখ কৰিছোঁ৷ এইদৰেই পাইথাগোৰীয় ধ্যান ধাৰণাত পৰিমেয় সংখ্যা বিলাকৰ পৰিমাপযোগ্যতা জ্যামিতিৰ সহায়ত নিৰ্দ্ধাৰণ কৰা হৈছিল৷ গতিকেই তেওঁ বা তেওঁৰ শিষ্য সকলে সংখ্যা মানে কেৱল পৰিমাপযোগ্য সংখ্যাকে মানি লোৱাতো আচৰিত নহয়৷ খ্ৰীষ্টপূৰ্ব ৪৭০ মানত, মেটাপন্টামৰ হিপাছাছ নামৰ এজন গণিতজ্ঞই আঙুলিয়াই দিলে যে কেৱল পৰিমেয় সংখ্যা ব্যৱহাৰ কৰি আমি গণিতৰ বহুবোৰ সমস্যাই সমাধান কৰিব নোৱাৰো৷ উদাহৰণস্বৰূপে তেওঁ জ্যামিতিৰ সহায় লৈ আন এটা সংখ্যাৰ অৱস্হিতিও দেখুৱালে, যিটো পৰিমেয় সংখ্যা হ’ব নোৱাৰে৷
হিপাছাছে তলৰ হিপাছাছৰ পঞ্চভূজ শীৰ্ষক চিত্ৰখনত দেখুৱা ধৰণেৰে এটা সুষম পঞ্চভূজ আঁকি তাৰ কৰ্ণকেইডাল সংযোগ কৰি দেখুৱালে যে তাতকৈ সৰু আন এটা সুষম পঞ্চভূজ পাব পাৰি। আকৌ এই নতুন সুষম পঞ্চভূজৰ কৰ্ণকেইডাল যোগ কৰি তাতকৈয়ো সৰু আন এটা সুষম পঞ্চভূজ তৈয়াৰ কৰিব পাৰি। আৰু এই প্ৰক্ৰিয়াটো এনেদৰে চলাই নিলে আমি অসীম সংখ্যক সুষম পঞ্চভূজ লাভ কৰিব পাৰোঁ। অৱশ্যে এনেদৰে অন্ত:ৰ্ভাগলৈ গৈ থাকোতে আটাইতকৈ সৰু পঞ্চভূজটো কিমান সৰু হ’ব তাক নিৰ্ণয় কৰাটো সম্ভৱ নহয়, সেইয়াও তেওঁৰ নিৰীক্ষণত প্ৰকাশ পালে। পাইথাগোৰীয় ধাৰণাক প্ৰত্যাহ্বান জনোৱা হিপাছাছে পঞ্চভূজৰ এই অসীম শ্ৰেণীৰ সহায়ত দেখুৱাইছিল যে জ্যামিতিৰ ব্যৱহাৰ কৰিয়েই নতুন নতুন অপৰিমেয় সংখ্যা আৱিস্কাৰ কৰিব পাৰি। তলত আমি এই বিষয়ে বহলাই আলোচনা কৰিম। তাৰ আগতে, ইয়াৰ বাবে জ্যামিতিৰ কি কি সূত্ৰৰ সহায় ল’ব লাগিব সেইয়া জনাটো প্ৰয়োজন।
সূত্ৰ ১: যিকোনো ত্ৰিভূজৰ অন্ত:কোণ কেটাৰ সমষ্টি দুইসমকোণৰ সমান৷
সূত্ৰ ২: যিকোনো ত্ৰিভূজৰ দুটা সমান কোণৰ বিপৰীত বাহু দুডালৰ মান সমসন আৰু একেদৰে দুডাল সমমানৰ বাহুৰ বিপৰীত কোণ কেটাও সমান৷
হিপাছাছে পৰ্যবেক্ষণ কৰি এইমতত উপনীত হ’লযে হিপাছাছৰ পঞ্চভূজৰ চিত্ৰত দেখুৱা ধৰণেৰে পঞ্চভূজৰ কৰ্ণকেডাল সংযোগ কৰি যিবিলাক ত্ৰিভূজ পোৱা যায়, সিঁহত আটাইবিলাক সমদ্বিবাহু আৰু সদৃশ ত্ৰিভূজ৷ গতিকে সিহঁতৰ বাহু কোণৰ মাজৰ সম্বন্ধ জানিবলৈ উপৰুক্ত সূত্ৰ দুটা ব্যৱহাৰ কৰিব পাৰি৷
হিপাছাছে আৰম্ভণিতে ধৰি লৈছিল যে সকলো সংখ্যাই পৰিমাপযোগ্য, অৰ্থাৎ সিঁহতক সৰলৰেখাখণ্ডৰ দৈৰ্ঘ্যৰূপে প্ৰকাশ কৰিব পাৰি, আৰু এনে এটা একক বা এডাল আটাইতকৈ সৰু ৰেখাখণ্ড থাকিব, যাৰ দৈৰ্ঘ্যৰ গুণিতক হিচাপে প্ৰত্যেকডাল সৰলৰেখাখণ্ডৰে দৈৰ্ঘ্যক প্ৰকাশ কৰিব পৰা যাব। সেই অনুসিদ্ধান্তৰ জড়িয়তে BN আৰু NE ৰ বাবে তেওঁ এনে এডাল সৰু সৰল ৰেখাখণ্ড বিচাৰিলে যাৰ দৈৰ্ঘ্যৰ গুণিতক BN আৰু NE হ’ব লাগে৷ অন্তৱৰ্ত্তী পঞ্চভূজ বিলাকত ত্ৰিভূজৰ সূত্ৰদুটা ব্যৱহাৰ কৰি আমি পাম:
BN = BO = OM = NP;
NM = MP = KP;
ধৰাহ’ল m টোৱেই আটাইতকৈ সৰু দৈৰ্ঘ্য, যি BN আৰু NE দুয়োটাকে হৰণ কৰিব পাৰে অৰ্থাৎ হৰণ কৰিলে কোনো ভাগশেষ নাথাকে; তাকে আমি m ৰে বিভাজ্য বুলিও কওঁ ৷ গতিকে, এই m টোৱেই আমাৰ আলোচনাৰ একক৷ কিন্তু হৰণৰ নিয়ম অনুসৰি, NM = NE − ME = NE − BN ও m-ৰে বিভাজ্য হ’ব৷ তেতিয়া, উপৰোক্ত দুটা নিয়ম অনুসৰি, NP আৰু KP ও m ৰে বিভাজ্য হ’ব৷ কিন্তু, এইবাৰ আমি দ্বিতীয় পঞ্চভূজত উপনীত হ’লো৷ একেদৰেই আমি দেখুৱাব পাৰোঁ যে KZ ও m ৰে বিভাজ্য হ’ব৷ এইদৰে আমি দেখুৱাব পাৰোঁযে প্ৰতিটো অন্তৰ্বৰ্তী পঞ্চভূজৰে এই ধৰণৰ বাহুবিলাক m ৰে বিভাজ্য হৈ গৈ থাকিব৷ যিহেতু এইদৰে অন্তৰ্বৰ্তী পঞ্চভূজ বিলাকৰ বাহু বিলাক সৰু হৈ গৈ থাকিব, আমি এসময়ত এনে এটা পঞ্চভূজ পামগৈ, যাৰ বাহু m ৰে বিভাজ্য হ’ব কিন্তু তাৰ দৈৰ্ঘ্য m ত কৈ সৰু হ’ব৷ ই অসম্ভৱ৷ গতিকে আমি এটা একক m পাম বুলি যি ধাৰণা কৰিছিলোঁ সি ভুল ধাৰণা আছিল৷ এইদৰে হিপাছাছে দেখুৱালে যে, NE/BN, এই সংখ্যাটো পৰিমেয় বা পৰিমাপযোগ্য সংখ্যা নহয়৷ ই এটা অপৰিমেয় সংখ্যা৷ এই সংখ্যাটোনো কেনেধৰণৰ সংখ্যা তেনেহ’লে?
ধৰাহ’ল a = BN আৰু b = NE৷ জ্যামিতিত পোৱা এটা সূত্ৰ অনুসৰি, ΔABN আৰু ΔBAE দুটা সদৃশ ত্ৰিভূজ, গতিকে সিঁহতৰ পাৰস্পৰিক বাহু বিলাক সমানুপাতিক হয়৷ অৰ্থাৎ:
AB/BN = BE/AB.
কিন্তু a = BN আৰু b = NE = AB. গতিকে,
b/a = (a + b)/b,
ধৰা হ’ল x = b/a, তেতিয়া ওপৰৰ সমীকৰণৰ পৰা আমি পাওঁ:
x = 1/x + 1 ⟹ x² − x − 1 = 0 ⟹ x = 1/2 ± √5/2.
এই সংখ্যাৰ বিষয়ে আমি পৰৱৰ্তী অধ্যায়ত বিশদ ভাবে আলোচনা কৰিম৷ ইয়াক সোনালী অনুপাত বা Golden ratio বুলি কোৱা হয়৷
অধ্যায় ৪ : সংখ্যাৰ দশমিক বিস্তৃতি
এই অধ্যায়টো পৃথক পোষ্ট হিচাপে পঢ়ক
ইতিমধ্যে আমি সংখ্যাৰ দশমিক বিস্তৃতি বা সম্প্ৰসাৰণৰ কথা কওঁতে দ্বিতীয় অধ্যায়ত ৫/২ আৰু ২২/৭ ৰ উদাহৰণ দিছিলোঁ৷ এই অধ্যায়ত পৰিমেয় আৰু অপৰিমেয় দুই ধৰণৰে সংখ্যাৰে দশমিক বিস্তৃতি বা সম্প্ৰসাৰণত থকা পাৰ্থক্যবিলাক বুজিবলৈ চেষ্টা কৰিম৷ আমি উল্লেখ কৰিছোঁ যে পৰিমেয় সংখ্যাবিলাকৰ দশমিক বিস্তৃতি বা সম্প্ৰসাৰণ সমাপ্ত অথবা পৌনপৌণিক হয়, অৰ্থাৎ দশমিকৰ পাছত সসীম সংখ্যক অশূণ্য অংক থাকে, যিবিলাকৰ অসীম সংখ্যক পুণৰাবৃত্তি থাকিব পাৰে৷ উদাহৰণস্বৰূপে, ৫/২ = ২.৫৷ ইয়াত দশমিকৰ পাছত এটা অশূণ্য অংক আছে৷ সি হ’ল ৫৷ এই ৫ ৰ পাছত আটাইবোৰ অংকই শূণ্য (অসীম সংখ্যক) বুলি ধৰা হয়৷ গতিকে ৫/২ ৰ দশমিক বিস্তৃতি সমাপ্ত৷ ঠিক সেইদৰে ২২/৭ = ৩.১৪২৮৫৭ ১৪২৮৫৭ ১৪২৮৫৭ ...৷ এইক্ষেত্ৰত ৭ ৰ পাছত আকৌ একেখিনি অংকৰে অসীম সংখ্যক বাৰ পুণৰাবৃত্তি ঘটিছে৷ গতিকে ২২/৭ ৰ দশমিক বিস্তৃতি পৌনপৌণিক৷ কোনো এটা পূৰ্ণ সংখ্যা যেনে ৫ ৰ দশমিক বিস্তৃতি কি? ৫ এটা পৰিমেয় সংখ্যা৷ কাৰণ ৫ = ৫/১ অৰ্থাৎ ই হ’ল দুটা পূৰ্ণসংখ্যাৰ অনুপাত, য’ত হৰটো এটা অশূণ্য সংখ্যা (৫ = a/b, a, b পূৰ্ণসংখ্যা আৰু b ≠ ০)৷ ৫ ৰ দশমিক বিস্তৃতি হ’ব: ৫= ৫.০৷ গতিকে এনে ধৰণৰ সংখ্যাবিলাক সমাপ্ত হয়৷ এই একেটা কথা কিন্তু অপৰিমেয় সংখ্যাবিলাকৰ ক্ষেত্ৰত প্ৰযোজ্য নহয়৷ ইয়াৰ পৰা আমি অনুমান কৰিব পাৰোঁ যে কোনো এটা সংখ্যা a/b, য’ত a, b পূৰ্ণসংখ্যা আৰু b ≠ ০ হিচাপে দেখুৱাব পাৰিলেহে তাৰ দশমিক বিস্তৃতিটো সমাপ্ত বা পৌণপৌনিক হ’ব৷ আৰু যদি নোৱাৰোঁ, তেতিয়া তাৰ দশমিক বিস্তৃতিটো অসমাপ্ত বা অপৌণপৌনিক হ’ব৷ গণিতত সদায় কোনো এটা সিদ্ধান্ত ল’বলৈ আমাক এটা প্ৰমাণ লাগে৷ প্ৰমাণবিহনে কোনো কথাকে গণিতত মানি লোৱা নহয়৷ ইতিমধ্যে পাইথাগোৰাছৰ কথা আমি কৈছোঁ৷ পাইথাগোৰাছৰ গণিত বিষয়ক সূত্ৰবিলাকৰ বিৰোধ কৰাটো প্ৰায় অকল্পনীয় আছিল৷ কিন্তু হিপাচাছে দেখুৱালে যে তেওঁৰ সূত্ৰতো ভূল আছিল, কাৰণ তেওঁ ভৱাৰ দৰে সংখ্যাবিলাক কেৱল পৰিমাপযোগ্য হ’ব নোৱাৰে৷ আৰু এই ভূল, হিপাচাছে গাণিতিক প্ৰমাণৰ জড়িয়তে প্ৰতিপণ্ণ কৰিলে৷ ঠিক সেইদৰে, কোনো এটা সংখ্যা a/b, য’ত a, b পূৰ্ণসংখ্যা আৰু b ≠ ০ হিচাপে দেখুৱাব পাৰিলেহেযে তাৰ দশমিক বিস্তৃতিটো সমাপ্ত বা পৌণপৌনিক হ’ব তাক প্ৰমাণ কৰি দেখুৱাবলৈ আমি যোগ-বিয়োগ-পূৰণ-হৰণ, এই বীজগণিতীয় দ্বিপদ ক্ৰিয়াবিলাকৰ প্ৰাৰম্ভিক ধাৰণাৰ বিষয়ে অৱগত হ’ব লাগিব৷
একেবাৰে প্ৰাৰ্থমিক বীজগণিতীয় ক্ৰিয়াটো হ’ল একক বৃদ্ধি৷ উদাহৰণস্বৰূপে ২ ৰ একক বৃদ্ধি বুলি ক’লে আমি বুজিম ২++ = ২ + ১ = ৩৷ এতিয়া ২ + ৩ ক আমি বুজোঁ: ২ ক ৩ বাৰ একক বৃদ্ধি৷ অৰ্থাৎ ((২++)++)++৷ প্ৰথমবাৰ একক বৃদ্ধি কৰোতে আমি ৩ (= ২++) পালোঁ৷ দ্বিতীয়বাৰ একক বৃদ্ধি কৰোতে আমি ৪ (= ৩++) পাম আৰু তৃতীয় বাৰ একক বৃদ্ধি কৰিলে আমি ৫ (৪++) পাওঁ৷ তাকে আমি যোগফলেৰে বুজাওঁ: ২ + ৩ = ৫৷ একেদৰে ২ × ৩ ৰ ধাৰণাটো আহিছে যোগফলৰ পৰা৷ ইয়াত আচলতে ২ ক ৩ বাৰ যোগ কৰা বুজায়৷ অৰ্থাৎ ২ × ৩ = ২ + ২ + ২ = ৬৷ ঠিক একে ধৰণেৰে একক হ্ৰাসৰ পৰা আমি বিয়োগ ক্ৰিয়াৰ ধাৰণাটো ল’ব পাৰোঁ৷ উদাহৰণস্বৰূপে ৬ ৰ একক হ্ৰাস মানে (৬-)- = ৫ ৷ গতিকে ৬ ৰ পৰা ৪ বিয়োগ কৰা মানে আমি ৬ ৰ পাৰ ৪ বাৰ একক হ্ৰাস কৰিছোঁ৷ অৰ্থাৎ ((((৬ −) −) −) −) = ২৷ এই ধাৰণাৰ ওপৰত ভিত্তি কৰি আমি হৰণ ক্ৰিয়াকো একক হ্ৰাসেৰে বুজাব পাৰোঁ৷ ৫/২ ৰ অৰ্থ হ’ল ৫ ৰ পৰা ২ ক কেইবাৰ বিয়োগ কৰিব পাৰি! আমি পাওঁ ৫ − ২ = ৩৷ তাৰ পাছত পুণৰ ৩ ৰ পৰা ২ বিয়োগ কৰিলে আমি পাম ১৷ যিহেতু ১ সংখ্যাটো ২ তকৈ সৰু, গতিকে ৫ ক ২ ৰে হৰণ কৰা মানে ৫ ৰ পৰা ২ দুবাৰ (২) বিয়োগ কৰিব পাৰি৷ আৰু এই হৰণ প্ৰক্ৰিয়াত ১ বাকী ৰৈ যায়৷ ইয়াত ২ ক ভাজক, ৫ ক ভাজ্য, বিয়োগ কৰিব পৰা ২ বাৰক ভাগফল আৰু ৰৈ যোৱা ১ ক ভাগশেষ বুলি কোৱা হয়৷ হৰণৰ এই প্ৰক্ৰিয়াকে আমি বিভাজন এলগৰিথম বুলি কওঁ৷ ইয়াৰ বিষয়ে আৰু ভালকৈ বুজিবলৈ আমি তলৰ উদাহৰণটো ল’ব পাৰোঁ৷
উদাহৰণ:
ধৰা হ’ল, মোৰ হাতত ১৭ টা মিঠাই আছে আৰু এইখিনি ৫ জন ল’ৰা-ছোৱালীক সমানে ভগাব লাগিব। মই কেনেকৈ ভাগ কৰিম?
(ক) প্ৰথমে প্ৰতিজনক এটা এটাকৈ দিম: ৫ জনক ৫টা মিঠাই দিলোঁ। বাকী থাকিল ১৭ − ৫ = ১২ টা।
(খ) আকৌ প্ৰতিজনক এটাকৈ দিম: ৫ টা দিলোঁ, বাকী থাকিল ৭ টা।
(গ) আকৌ দিলো: ৫ টা দিলোঁ, বাকী ২ টা।
এতিয়া মাত্ৰ ২টা মিঠাই বাকী থাকিল, কিন্তু মানুহ আছে ৫ জন। গতিকে আৰু সমানে ভগাব নোৱাৰি। যিমান ভগাব পাৰিছোঁ সিমানেই ভাগফল: প্ৰতিজনক ৩টা মিঠাই দিলোঁ (মুঠ ১৫টা ব্যৱহাৰ হ’ল)। আৰু ভাগশেষ হ’ল বাকী ২টা।
হৰণৰ এই বিভাজন এলগৰিদমত আমি মানিব লগা গুৰুত্বপূৰ্ণ নিয়মটো হ’ল: ভাগশেষ সদায় ভাজকতকৈ সৰু হব লাগিব (ইয়াত ৫ তকৈ সৰু: ০, ১, ২, ৩ বা ৪ হব পাৰে)।
দশমিক প্ৰসাৰণতো আমি এই একেই নিয়ম ব্যৱহাৰ কৰোঁ। যেতিয়া আমি ১৭/৫ কৰোঁ, ভাগফল ৩ আৰু ভাগশেষ ২। আমি তাকে লিখোঁ এনেদৰে ১৭/৫ = ৩ + ২/৫৷ আমি আগতে উল্লেখ কৰিছিলোঁ দশমিক পদ্ধতিৰ জড়িয়তে কেনেকৈ সংখ্যাৰ স্হানীয় মান নিৰ্ণয় কৰা হয়৷ উদাহৰণস্বৰূপে ৩৪৫ সংখ্যাটোকে লোৱা যাওক৷ ইয়াক দহৰ গুণিতকৰ বিস্তাৰ হি্চাপে এনেদৰে দেখুৱাওঁ: ৩৪৫ = ৩ × ১০² + ৪ × ১০¹ + ৫ × ১০⁰৷ ই এটা সমাপ্ত সংখ্যা৷ এতিয়া আমি ৩৪৫.৬৭৮ সংখ্যাটোলৈ যদি চাওঁ, একেধৰণেৰে আমি পাম: ৩৪৫.৬৭৮ = ৩ × ১০² + ৪ × ১০¹ + ৫ × ১০⁰ + ৬ × ১/১০¹ + ৭ × ১/১০² + ৮ × ১/১০³৷ ইও সমাপ্ত সংখ্যা৷ এতিয়া এটা পৌনপৌণিক সংখ্যা লোৱা যাওক : ৩৩৩.৩৩৩...৷ ইয়াক দহৰ গুণিতকৰ বিস্তাৰ হিচাপে আমি এনেদৰে দেখুৱাওঁ: ৩৩৩.৩৩৩... = ৩ × ১০² + ৩ × ১০¹ + ৩ × ১০⁰ + ৩ × ১/১০¹ + ৩ × ১/১০² + ৩ × ১/১০³ + ৩ × ১/১০⁴ + ... অৰ্থাৎ দশমিকৰ পাছৰ অংকবিলাকক ১/১০ ৰ গুণিতক হিচাপে আমি পাওঁ৷
পুণৰ ঘুৰি যাওঁ ১৭/৫ = ৩ + ২/৫ সংখ্যাটোৰ বিস্তৃতিলৈ৷ ইয়াত ভাগফল ৩ টো ১০⁰ ৰ গুণিতক (ভাগফল ৩৪ হোৱা হ’লে ৩ অংকটো ১০¹ ৰ গুণিতক হ’ল হেতেন আৰু ৪ অংকটো ১০⁰ ৰ গুণিতক হ’ল হেতেন৷ তাকে আমি লিখোঁ এনেদৰে: ৩৪ = ৩ × ১০² + ৪ × ১০⁰)৷ ২ ক ৫ ৰে হৰণ কৰাৰ অৰ্থ হ’ল ২ ৰ পৰা ৫ কেইবাৰ বিয়োগ কৰিব পৰা যায়, সেইয়া নিৰূপণ কৰা৷ কিন্তু বিভাজন এলগৰিথম অনুসৰি ২ সংখ্যাটো ৫ তকৈ সৰু হোৱা বাবে পোণপটিয়াকৈ বিয়োগ কৰিব নোৱাৰোঁ৷ কিন্ত তাক আমি এনেদৰে লিখিব পাৰিম ২/৫ = (২০/৫) × ১/১০৷ এইবাৰ ২০/৫ = ৪, কিন্তু ৪ সংখ্যাটো ১/১০ ৰহে গুণিতক হ’ব৷ গতিকে ১৭/৫ ক ১০ ৰ গুণিতকৰ বিস্তৃতিত প্ৰকাশ কৰিলে আমি পাম: ১৭/৫ = ৩.৪। তলত আমি বিভাজন এলগৰিথম ৰ গাণিতিক সংজ্ঞা দিছোঁ, যাৰ জড়িয়তে পৰিমেয় সংখ্যাবিলাকৰ দশমিক বিস্তাৰত যে কেৱল একেকিটা অংকৰেই পুণৰাবৃত্তি ঘটি থাকে বা সসীম সংখ্যক অংকতেই ই সমাপ্ত হয় তাক আমি বুজিব পাৰিম৷
বিভাজন এলগৰিথম
যিকোনো দুটা অখণ্ড সংখ্যা a (ভাজ্য) আৰু b (ভাজক, য’ত b > ০) ৰ বাবে, অদ্বিতীয়ভাৱে নিৰ্ধাৰণ কৰিব পৰা দুটা অখণ্ড সংখ্যা q (ভাগফল) আৰু r (ভাগশেষ) থাকে যাতে: a = b × q + r আৰু ০ ≤ r < b হয়৷
বিভাজন এলগৰিথমৰ গুৰুত্বপূৰ্ণ বৈশিষ্ট্য দুটা হ’ল (১) অদ্বিতীয়তা অৰ্থাৎ একে a আৰু b ৰ বাবে q আৰু r সদায় একে হয়। অৰ্থাৎ, q আৰু r ৰ মান একেটা হ’বই লাগিব। (২) ভাগশেষৰ সীমাবদ্ধতা: ভাগশেষ r সদায় ০ ৰ পৰা b − ১ ৰ ভিতৰত থাকে: r ∈ {০, ১, ২, …, b − ১}. আমি পৰিমেয় সংখ্যাৰ দশমিক বিস্তাৰৰ আলোচনালৈ পুণৰ উভটি যাওঁ৷ যিহেতু পৰিমেয় সংখ্যাবিলাক a/b ৰূপত প্ৰকাশ কৰিব পাৰি, য’ত b ≠ ০ আৰু a, b দুটা পূৰ্ণ সংখ্যা, গতিকে বিভাজন এলগৰিথমৰ জড়িয়তে আমি নিশ্চিত হ’ম যে সিহঁতৰ ভাগশেষ সদায় ০ ৰ পৰা b − ১ ৰ ভিতৰতে থাকিব৷ এই কাৰ্যকে দশমিক বিস্তাৰত প্ৰকাশ কৰিলে দুই ধৰণৰ সম্ভাৱনা দেখা পোৱা যাব৷ সমাপ্ত অৰ্থাৎ দশমিকৰ পাছত কোনো এক স্হানৰ পৰা অশূণ্য অংক নাথাকিব অথবা অংকবিলাকৰ ক’তো সমাপ্তি নহ’ব, অসীমলৈ বিস্তৃত হ’ব৷ কিন্তু বিভাজন এলগৰিথমৰ সূত্ৰ অনুসৰি এই অংকবিলাক কেৱল সদায় ০ ৰ পৰা b − ১ ৰ ভিতৰতে সীমাবদ্ধ থাকিব৷ পৌণপৌণিক হ’বনে নহয়, সেয়া জানিবলৈ আমি গণিতৰ একেবাৰে সাধাৰণযেন লগা কিন্তু অত্যন্ত গুৰুত্ত্বপূৰ্ণ এটা নীতি আমি আগতে জানিব লাগিব৷ ইয়াক কোৱা হয় পিজনহ’ল নীতি৷
পিজনহ’ল নীতি:
ইয়াত “পিজ’ন" হ’ল "কপৌ" চৰাই, আৰু “হ’ল" মানে “কুঠৰী" বা তাৰ থকা ঠাই। ধৰা হ’ল, ৪ টা কুঠৰী আছে (১নং, ২নং, ৩নং, ৪নং)। আৰু আছে ৫টা কপৌ। প্ৰতিটো কপৌক এটা কুঠৰীত সুমাব লাগিব। ইয়াৰ অৰ্থ কি? কি হ’ব যদি প্ৰতিটো কুঠৰীত মাত্ৰ এটা কৈ কপৌ ৰাখিবলৈ চেষ্টা কৰোঁ? ৪টা কুঠৰীত ৪টা কপৌ ৰাখিলে এটা কপৌ বাকী থাকে। সেইটোৱে যাবলৈ আন এটা কুঠৰী বিচাৰিব, কিন্তু সকলো কুঠৰীতে এটা কপৌ আগতেই আছে! গতিকে কমেও এটা কুঠৰীত দুটা কপৌ থাকিবলৈ বাধ্য। ইয়াকেই পিজনহ’ল নীতি বুলি কোৱা হয়৷ গাণিতিক ভাৱে ক’লে নীতিটোৰ বিষয়ে এনেকৈ ক’ব পাৰি:
“যদি n টা কপৌক m টা কুঠৰীত ৰাখিব লাগে আৰু n > m হয়, তেন্তে কমেও এটা কুঠৰীত এটাতকৈ বেছি কপৌ থাকিবই।”
প্ৰশ্ন হয় : এই নীতিক আমি কেনেকৈ দশমিক বিস্তৃতিত ব্যৱহাৰ কৰিম? ধৰা হওঁক, আমি ৫/৭ গণনা কৰিব খুজিছোঁ। যিহেতু ৫ সংখ্যাটো ৭ ত কৈ সৰু, ইয়াৰ দশমিক বিস্তৃতিত ই ১/১০ ৰ গুণিতক হিচাপেহে থাকিব৷ গতিকে এনে ধৰণেৰে আগ বাঢ়িব লাগিব: ৫/৭ = ১/১০ × (৫০/৭)৷ এতিয়া বিভাজন নীতি অনুসৰি ৫০ ক ৭ ৰে হৰণ কৰিলে ভাগফল ৭ আৰু ভাগশেষ ১ পাম৷ যিহেতু ১ সংখ্যাটো ৭ ত কৈ সৰু, বিভাজনৰ পাছত ৰৈ যোৱা ১/৭ টো আকৌ ১/১০ ৰ গুণিতক হিচাপেহে থাকিব৷ গতিকে ৫/৭ = ১/১০ × ৫০/৭ = ১/১০ × (৭ + ১/১০ × ১০/৭) = ১/১০ × (৭ + ১/১০ × (১ + ৩/৭)) = ১/১০ × (৭ + ১/১০ × (১ + (১/১০ × ৩০/৭))) ... এনেদৰে প্ৰক্ৰিয়াটো চলি থাকিব৷ আৰু অকনমান বিস্তৃত ৰূপত প্ৰকাশ কৰিলে আমি তলত দিয়া ধৰণেৰে লিখব পাৰিম৷
৫ ÷ ৭ → ভাগফল ০, ভাগশেষ ৫
৫০ ÷ ৭ → ভাগফল ৭, ভাগশেষ ১
১০ ÷ ৭ → ভাগফল ১, ভাগশেষ ৩
৩০ ÷ ৭ → ভাগফল ৪, ভাগশেষ ২
২০ ÷ ৭ → ভাগফল ২, ভাগশেষ ৬
৬০ ÷ ৭ → ভাগফল ৮, ভাগশেষ ৪
৪০ ÷ ৭ → ভাগফল ৫, ভাগশেষ ৫
এই প্ৰক্ৰিয়াটোত ১ ৰ পৰা ৬ লৈকে পোৱা ভাগশেষ ৬ টাৰ পাছত বিভাজন এলগৰিথম অনুসৰি ৭ নম্বৰ ভাগশেষটো আকৌ ১ ৰ পৰা ৬ ৰ ভিতৰতে থাকিবই লাগিব৷ অকনমান বিশদ ভাৱে ক’বলৈ হ’লে কথাটো এনেকুৱা: ৫ ক ৭ ৰে হৰণ কৰিলে আমাৰ বাবে ভাজক হয় ৭। গতিকে সম্ভাব্য ভাগশেষ হ’ব ০, ১, ২, ৩, ৪, ৫, ৬ (মুঠ ৭টা)। আমি ভাগশেষ ০ পালে তাতেই শেষ হ’লহেতেন। কিন্তু যদি কেতিয়াও ০ নাপাওঁ, তেন্তে অশূন্য ভাগশেষ হ’ব ১ৰ পৰা ৬লৈ (৬টা মান)। এতিয়া, ৭টা ধাপ লোৱাৰ পিছত আমি ৭টা ভাগশেষ পাম (০ নোহোৱাকৈ)। কিন্তু সম্ভাব্য অশূন্য ভাগশেষ মাত্ৰ ৬টা। গতিকে ঘটনাটো ৬টা কুঠৰীত ৭টা কপৌ ৰ দৰে হ’ল! গতিকে নিশ্চয় কমেও দুটা ভাগশেষ একে হ’ব। আকৌ বিভাজন এলগৰিথমে কয়: একে ভাগশেষৰ বাবে একে ভাগফল পাবই লাগিব৷ সেই অনুসৰি শেষৰ সমীকৰণটোত আমি ভাগশেষ ৫ আকৌ পালোঁ! য’ৰ পৰা আৰম্ভ কৰিছিলোঁ, সেই একে ভাগশেষ ৫ ওলাল। এতিয়া প্ৰক্ৰিয়াটো আকৌ আগৰ দৰেই ঘূৰিব: ৫, ১, ৩, ২, ৬, ৪, ৫, ১, ৩, ২, ৬, ৪, ৫...৷ গতিকে ৫/৭ ৰ দশমিক বিস্তৃতি লিখিলে এনে ধৰণৰ হ’ব:
৫/৭ = ০.৭১৪২৮৫ ৭১৪২৮৫ ...
অৰ্থাৎ, দশমিক অংকবোৰৰ পুনৰাবৃত্তি হবলৈ ধৰিব। এয়াই হৈছে পৰিমেয় সংখ্যাবোৰ পৌণপৌণিক হোৱাৰ কাহিনী। এই কথাটো ওলোটাকৈও খাটে৷ অৰ্থাৎ যিবোৰ সংখ্যাৰ দশমিক বিস্তৃতি সমাপ্ত বা পৌণপৌণিক হয় সিবিলাকেই কেৱল পৰিমেয় সংখ্যা হ’ব পাৰে৷ গণিতত এই ধৰণৰ সিদ্ধান্ত বিলাকক “প্ৰয়োজনীয়" আৰু “পৰ্যাপ্ত" বুলি কোৱা হয়৷ এই কথাটো একেবাৰে সহজে বুজিব পাৰি৷
ধৰা হ’ল, এটা সংখ্যাৰ দশমিক বিস্তৃতি সমাপ্ত, যেনে:
a = ০.৭৫
ইয়াক a/b ৰূপত লিখিব পাৰি:
০.৭৫ = ৭৫/১০০ = ৩/৪ ৷
ইয়াত ৩ আৰু ৪ পূৰ্ণসংখ্যা, গতিকে ০.৭৫ এটা পৰিমেয় সংখ্যা। সাধাৰণতে, যিকোনো সমাপ্ত দশমিক বিস্তৃতিৰ সংখ্যা x = 0.x₁x₂…xₙ ক আমি এনেদৰে প্ৰকাশ কৰিব পাৰোঁ:
x = 0.x₁x₂…xₙ
⟹ ১০ × x = x₁.x₂x₃…xₙ
⟹ ১০০ × x = x₁x₂.x₃…xₙ
⋮⋮⋮⋮⋮⋮
⟹ ১০ⁿ × x = x₁x₂x₃…xₙ
⟹ x = x₁x₂…xₙ/১০ⁿ
যিহেতু x₁x₂…xₙ/১০ⁿ সংখ্যাটো a/b ধৰণৰ, য’ত a, b পূৰ্ণ সংখ্যা আৰু b ≠ ০ , গতিকে x টো এটা পৰিমেয় সংখ্যা।
এইবাৰ আমি পৌনপুনিক দশমিকৰ এটা সংখ্যা লওঁ৷ ধৰা হ’ল, এটা সংখ্যাৰ দশমিক প্ৰসাৰণ পৌনপুনিক, যেনে:
b = ০.(৩) = ০.৩৩৩…
ইয়াক ভগ্নাংশলৈ ৰূপান্তৰ কেনেকৈ কৰিব পাৰিম? ধৰা হ’ল,
x = ০.৩৩৩…
তেতিয়া
১০ x = ৩.৩৩৩…
এতিয়া, ১০x − x = ৩.৩৩৩… − ০.৩৩৩… ⟹ ৯x = ৩৷ তাৰ পৰা আমি পাম x = ৩/৯ = ১/৩৷
গতিকে, ০.(৩) = ১/৩, যাৰ পৰা প্ৰতিপন্ন হয় যে ই পৰিমেয় সংখ্যা।
আন এটা উদাহৰণ: ধৰা হ’ল y = ০.(১২) = 0.১২১২১২…৷ তেন্তে, ১০০ y = ১২.১২১২১২… ৷ ইয়াৰ পৰা আমি পাম ১০০ y − y = ১২ ৷ ই আমাক দিব: ৯৯ y = ১২৷ শেষত আমি পামগৈ y = ১২/৯৯ = ৪/৩৩৷ এই উদাহৰণ দুটাৰ পৰা আমি বুজি পালো যে সাধাৰণতে, যিকোনো পৌনপুণিক দশমিকক এনে ধৰণৰ বীজগণিতীয় পদ্ধতিৰে a/b ৰূপলৈ আনিব পাৰি। সাধাৰণ ভাৱে বুজাব খুজিলে আমি ধৰি লওঁ এনেদৰে:
ধৰা হ’ল x = a₁a₂a₃…aₙ a₁a₂…aₙ …. ইয়াত n টা অংক a₁a₂…aₙ বাৰে বাৰে আবৃত হৈছে৷ গতিকে x ক ১০ⁿ ৰে পূৰণ কৰিলে আমি পাওঁ:
১০ⁿ × x = (a₁a₂…aₙ).a₁a₂…aₙ a₁a₂…aₙ …
⟹ (১০ⁿ − ১)x = a₁a₂…aₙ
⟹ x = a₁a₂…aₙ/(১০ⁿ − ১)৷
গতিকে x এটা পৰিমেয় সংখ্যা৷
এই কথা অপৰিমেয় সংখ্যাত কিয় নাখাটে? কাৰণ অপৰিমেয় সংখ্যা (যেনে √২) ক a/b ৰূপত লিখিবই নোৱাৰি। গতিকে ইয়াত ভাজক b নাই।
এতিয়া এটা আমি সম্পৰীক্ষা কৰোঁহক৷ ধৰাহ’ল ১ ৰ পৰা ৬ লৈ ৬ টা সংখ্যা আমাৰ হাতত আছে৷ প্ৰতিটো সংখ্যাকে একোখন কাগজত লিখি সানমিহলি কৰি ৰখা হ’ল৷ এতিয়া কোনোবা এজনক সংখ্যাবিলাকলৈ নোচোৱাকৈ সংখ্যা থকা এখন কাগজ টানিবলৈ দিয়া হ’ল৷ ধৰা হ’ল সংখ্যাটো ২৷ আন এখন উকা কাগজত দশমিক চিহ্নৰ পাছত এনেকৈ লিখি ৰখা হ’ল: ০.২৷ ২ লিখা কাগজখন আকৌ আগৰ ঠাইত ৰাখি এইবাৰ আকৌ সংখ্যাবিলাকলৈ নোচোৱাকৈ এটা সংখ্যা টানিবলৈ কোৱা হ’ল৷ ধৰা হ’ল সংখ্যাটো ৫৷ কাগজত দশমিক চিহ্নৰ পাছত এনেকৈ লিখা হ’ল: ০.২৫৷ এই প্ৰক্ৰিয়াটো এনেদৰে আগবঢ়াই নিলে কি পাম? ১ ৰ পৰা ৬ লৈ ৬ টা সংখ্যা বাৰে বাৰে ব্যৱহাৰ কৰি আমি ০.২৫*********... ধৰণৰ এক অসীম অনুক্ৰম পাম৷ ই এটা সংখ্যা হ’বনে? যদি সংখ্যা হয় তেন্তে তাৰ দশমিক বিস্তাৰটো পৌণপৌণিক হ’বনে অপৌণপৌণিক আৰু অসমাপ্ত হ’ব? অৰ্থাৎ ই যদি এটা সংখ্যা হয়, তেন্তে ই পৰিমেয় নে অপৰিমেয় সংখ্যা হ’ব? আকৰ্ষণীয় কথাটো হৈছে যে ই পৰিমেয় সংখ্যা হোৱাৰ সম্ভাৱণা একেবাৰে নাই বুলি ধৰা হয়৷ এইদৰে আমি অগণন অপৰিমেয় সংখ্যা বিচাৰি উলিয়াব পাৰোঁ৷ এনেধৰণৰ অধ্যয়ণৰ পৰাই বাস্তৱ বিশ্লেষণ নামৰ গণিতৰ এক উচ্চপৰ্যায়ৰ শাখাৰ বিকাশ ঘটিছিল যি আজিৰ তাৰিখত তাত্ত্বিক বা প্ৰয়োগিক উভয় দিশতে এক অপৰিহায্য আহিলা হিচাপে চিহ্নিত হৈছে৷
অধ্যায় ৫ : কেইটামান বিখ্যাত অপৰিমেয় সংখ্যা
এই অধ্যায়টো পৃথক পোষ্ট হিচাপে পঢ়ক
আগৰ অধ্যায়ত ইতিমধ্যে আমি উল্লেখ কৰিছোঁযে পাইথাগোৰিয়ান নামেৰে পৰিচিত প্ৰাচীন গ্ৰীক গণিতজ্ঞসকলে সংখ্যাবিলাক নিখুঁত হোৱাৰ ওপৰত গভীৰ বিশ্বাস ৰাখিছিল। পৰিমেয় সংখ্যা বিলাকৰ দশমিক বিস্তাৰ পৌণপৌণিক অথবা সমাপ্ত হয়৷ ইতিমধ্যে ৫/২ আৰু ২২/৭ ৰ দশমিক বিস্তাৰ আমি আলোচনা কৰিছোঁ৷ এই সংখ্যাবিলাকৰ অসীম বিস্তৃতি থাকিলেও আমি কি কি সংখ্যাৰে সেই বিস্তৃতি হৈছে তাক জানিব পাৰোঁ৷ যেনে ২২/৭ ৰ বিস্তৃতিত একে কেইটা অংকৰে বাৰে বাৰে পুণৰাবৃত্তি ঘটি থাকে৷[১] এই সংখ্যাবিলাকৰ একোটা আৰ্হিত পুণৰাবৃত্তি ঘটি থাকে৷ পাইথাগোৰিয়ান সকলে এই ধৰণৰ সংখ্যাৰেই সকলো গাণিতিক সমস্যা সমাধান কৰিব পাৰিম বুলি ভাৱিছিল৷ কিন্তু যেতিয়া তেওঁলোকে ১ একক দৈৰ্ঘ্যৰ বাহু থকা বৰ্গ এটাৰ কৰ্ণৰ দৈৰ্ঘ্য জুখিবলৈ ওলাইছিল, তেতিয়া তেওঁলোকে এটা এনে সংখ্যা আৱিষ্কাৰ কৰিছিল যাক দুটা পূৰ্ণ সংখ্যাৰ অনুপাত হিচাপে লিখিব নোৱাৰি—এইটো আছিল তেওঁলোকৰ তেতিয়ালৈকে জ্ঞাত গাণিতিক নিয়মৰ এক উলংঘন। এই সংখ্যাটো আছিল, ২-ৰ বৰ্গমূল(√২)৷ ইয়াৰ অপৌণপৌণিক তথা অসমাপ্ত দশমিক বিস্তাৰ লিখা যায় এনেদৰে: ১.৪১৪২১৩...৷ অৰ্থাৎ এই সংখ্যাৰ অন্তও নাই আৰু দশমিক চিহ্ণৰ পাছৰ ৰাশিবিলাকৰ কোনো নিদিষ্ট আৰ্হি বা পেটাৰ্ণ থাকিলেও সিহতৰ পুণৰাবৃত্তি নঘটে৷ এই আৱিষ্কাৰে তেওঁলোকৰ নিশ্চিতিৰ ধাৰণাটোক প্ৰত্যাহ্বান জনালে আৰু এক সম্পূৰ্ণ নতুন গাণিতিক ধাৰণাৰ জন্ম দিলে। তেওঁলোকে এই সংখ্যাবোৰক অপৰিমেয় সংখ্যা বুলি অভিহিত কৰিছিল। অপৰিমেয় সংখ্যাসমূহ সাধাৰণ দৃষ্টিত লুকাই থাকে, প্ৰতিযোৰ পৰিমেয় সংখ্যাৰ মাজত সিঁহত সোমাই থাকে। এই খিনিতে উল্লেখ কৰিব লাগিব যে সংখ্যাবিলাকক গণিতত এডাল সৰলৰেখাত স্হাপন কৰা হয় আৰু সেইৰেখাডালক সংখ্যাৰেখা বোলা হয়৷ এই ৰেখাৰ কেন্দ্ৰত শূণ্যটো থাকে আৰু ইয়াৰ সোঁফালে ধনাত্মক সংখ্যাবিলাক তথা বাওঁফালে ঋণাত্মক সংখ্যাবিলাক ৰখা হয় (আমি সেইদৰে দেখা পাওঁ)৷ যিকোনো দুটা পৰিমেয় সংখ্যাৰ মাজত, ইটো আৰু সিটো যিমানেই ওচৰাওচৰিকৈ নাথাকক কিয়, অসীমসংখ্যক অপৰিমেয় সংখ্যা থাকে। পৰিমেয় সংখ্যাৰ অৱস্হিতি অনুভৱ কৰাটো সহজ যিহেতু সিঁহতৰ দশমিক বিস্তাৰ পৌণপৌণিক অথবা সমাপ্ত হয়৷ আগতে তথা ওপৰত এই বিষয়ে উদাহৰণ দিয়া হৈছে৷ পৰিমেয় সংখ্যাসমূহ একো একোটা খোজৰ দৰে: গণনাকৰণযোগ্য আৰু বিচ্ছিন্ন (discrete)। ইয়াৰ বিপৰীতে, অপৰিমেয়সমূহে সেই খালী স্থানসমূহ পূৰণ কৰি পৰিমেয় সংখ্যা সমুহৰ লগ লাগি এক নিৰৱচ্ছিন্ন ৰেখা গঠন কৰে, যাক আমি সংখ্যাৰেখা বুলি কওঁ। ই গণিতজ্ঞ আৰু দাৰ্শনিক উভয়কে অসীম প্ৰক্ৰিয়া, নিৰৱচ্ছিন্নতা, আদিৰ সম্যক জ্ঞান দিয়ে। অপৰিমেয় সংখ্যা বিলাকৰ মাজত যদিও পৰিমেয় সংখ্যা যথেষ্ট বিৰল আৰু বিচ্ছিন্ন (discrete) তথাপি মানুহে এই বিৰল পৰিমেয় সংখ্যাবোৰকে প্ৰতিদিনে ব্যৱহাৰ কৰে। তাৰ বিপৰীতে অপৰিমেয় সংখ্যাবিলাকৰ পৰিমান বা মান নিশ্চিত ভাৱে ধৰিব নোৱাৰা বাবেই সিবিলাকে গণিতজ্ঞ তথা দাৰ্শনিক সকলক আকৰ্ষিত কৰি আহিছে৷ কিছুমান বিখ্যাত অপৰিমেয় সংখ্যা, যিবিলাক বিভিন্ন গাণিতিক ধ্যান ধাৰণাত ব্যৱহাৰ হয়, সিবিলাকৰ বিষয়ে আমি এতিয়া আলোচনা কৰিম৷
১ : মৌলিক সংখ্যাৰ বৰ্গমূল
ইতিমধ্যে আমি উল্লেখ কৰিছোঁ ২-ৰ বৰ্গমূলক লৈ সৃষ্টি হোৱা পৰিস্হিতিৰ বিষয়ে৷ ইয়াৰ পাছতে এনে ধৰণৰ অসীম সংখ্যক সংখ্যাৰ উপস্হিতি ধৰা পৰিল সংখ্যা ৰেখাডালত৷ ২ ৰ বৰ্গমূলৰ দৰেই ৩ৰ বৰ্গমূল বা ৫ ৰ বৰ্গমূলো অপৰিমেয় বুলি প্ৰমান কৰিব পৰা গ’ল৷ একে সময়তে এই সংখ্যাবিলাক সংখ্যাৰেখাৰ ক’ত অৱস্হিত তাৰ বিষয়েও জানিব পৰা গ’ল৷ এই বিষয়ে তলত আমি বিস্তাৰিত ভাৱে আলোচনা কৰিছোঁ৷
চিত্ৰ: √২ ৰ সংখ্যাৰেখাত অৱস্হান
প্ৰথমে সংখ্যা ৰেখাডালত 0, 1, 2 আদি বিন্দু চিহ্নিত কৰা হৈছে। O বিন্দু মূলবিন্দু, যাৰ মান 0। O ৰ পৰা A বিন্দুলৈকে দূৰত্ব ১ একক লোৱা হৈছে।A বিন্দুত সংখ্যা ৰেখাৰ সৈতে লম্বভাৱে এডাল ৰেখা টানি তাৰ ওপৰত B বিন্দু এনেকৈ লোৱা হৈছে যাতে AB ৰ দূৰত্বও ১ একক হয়।O আৰু B বিন্দু সংযোগ কৰি OAB এটা সমকোণী ত্ৰিভুজ গঠন কৰা হৈছে। পাইথাগোৰাছৰ উপপাদ্য অনুসৰি, অতিভুজ OB ৰ দৈৰ্ঘ্য হ’ব:OB² = OA² + AB² = ১² + ১² = ১ + ১ = ২৷ গতিকে, OB ৰ দৈৰ্ঘ্য হ’ল √২ একক। সংখ্যা ৰেখাত √২ চিহ্নিত কৰাৰ বাবে এটা কম্পাছৰ সহায়ত OB ৰ দৈৰ্ঘ্য লোৱা হয়। তাৰ পিছত, সেই একেই দৈৰ্ঘ্য লৈ সংখ্যা ৰেখাৰ সোঁফালে এটা বৃত্তচাপ (arc) টনা হয়। এই বৃত্তচাপে সংখ্যা ৰেখাডালক P বিন্দুত কাটে। এই P বিন্দুটোৱেই হ’ল সংখ্যা ৰেখাত √২ ৰ স্থান।
আধুনিক গণিত আৰু ইয়াৰ আনুষংগিক বিষয়সমূহত √২ বা যিকোনো মৌলিক সংখ্যাৰ বৰ্গমূল (যেনে: √৩, √৫, ইত্যাদি) ৰ তাৎপৰ্যপূৰ্ণ ব্যৱহাৰ আছে। এই অপৰিমেয় বৰ্গমূলবোৰে বিশুদ্ধ গণিত (Pure Mathematics) ৰ কেইবাটাও শাখাৰ ভেটি গঠন কৰে৷ তাৰে ভিতৰত সংখ্যা তত্ত্ব (Number Theory) অন্যতম৷ মৌলিক সংখ্যাৰ বৰ্গমূলবোৰ সংখ্যা তত্ত্বৰ কেন্দ্ৰীয় বিষয়। এইবোৰে "বীজগণিতীয় সংখ্যা" (algebraic numbers) নামৰ এক বৃহৎ শ্ৰেণীৰ সংখ্যা সংহতিৰ সৃষ্টি কৰে। উদাহৰণস্বৰূপে, ℚ(√২) বা ℚ(√p) (য’ত p এটা মৌলিক সংখ্যা) হৈছে "কোৱাড্ৰেটিক ফিল্ড" (Quadratic Fields), যিবোৰ আধুনিক সংখ্যা তত্ত্বৰ গৱেষণাৰ এক গুৰুত্বপূৰ্ণ অংশ। এই ফিল্ডবোৰৰ অধ্যয়নে ফাৰ্মাটৰ শেষ উপপাদ্য (Fermat’s Last Theorem) প্ৰমাণ কৰাতো সহায় কৰিছিল। বিমূৰ্ত বীজগণিত (Abstract Algebra) আৰু ফিল্ড থিয়ৰী (Field Theory) ৰ অধ্যয়নতো √২ বা √p য়ে পৰিমেয় সংখ্যাৰ সংহতি টোক ℚ) "সম্প্ৰসাৰিত" কৰে।[২] এই সম্প্ৰসাৰণবোৰক ’ফিল্ড এক্সটেনচন’ বোলা হয়। এই ধাৰণাবোৰৰ অবিহনে আধুনিক বীজগণিতৰ বহুতো তত্ত্ব অপূৰ্ণ হৈ থাকিল হেতেন! ইতিমধ্যে জ্যামিতি ত √২ যে একক দৈৰ্ঘ্যৰ সমদ্বিবাহুযুক্ত সমকোণী ত্ৰিভূজৰ অতিভূজৰ দৈৰ্ঘ্য, এই কথাটো কোৱা হৈছে৷ এই ধাৰণাটোৱে ইউক্লিডীয় জ্যামিতি আৰু স্থান বিজ্ঞান (topology) ত দূৰত্ব আৰু মাত্ৰাৰ সংজ্ঞা দিয়াত সহায় কৰে। কেৱল বিশুদ্ধ গণিততেই নহয়, প্ৰায়োগিক গণিত আৰু আনুষংগিক বিষয়সমূহতো √২ ৰ প্ৰয়োগ পোৱা যায়৷ পদাৰ্থ বিজ্ঞানত তৰংগ গতি, কোৱাণ্টাম বলবিজ্ঞান, আৰু বিশেষকৈ ক্ৰিষ্টালোগ্ৰাফীত বৰ্গমূলৰ বহুল প্ৰয়োগ হয়। পদাৰ্থৰ গঠন (lattice structures) বৰ্ণনা কৰোঁতে বিভিন্ন দিশৰ অনুপাতত √২ বা অন্যান্য বৰ্গমূলীয় ৰাশিৰ ব্যৱহাৰ দেখা পোৱা যায়। মৌলিক সংখ্যাৰ বৰ্গমূলবোৰ প্ৰত্যক্ষভাৱে ব্যৱহাৰ নহ’লেও, সংখ্যা তত্ত্বৰ যিবোৰ ধাৰণা এই বৰ্গমূলবোৰে দিয়ে, সেয়া আধুনিক ক্ৰিপ্টোগ্ৰাফী (গোপন সংকেত লিখন বিদ্যা) ৰ ভেটি। RSA এনক্ৰিপশ্বনৰ দৰে এলগৰিথমবোৰে মৌলিক সংখ্যাৰ ধৰ্মসমূহৰ ওপৰত নিৰ্ভৰ কৰে। কাগজৰ আন্তৰ্জাতিক মান (যেনে: A4 কাগজ) নিৰ্ধাৰণ কৰোঁতে √২ অনুপাত ব্যৱহাৰ কৰা হয়। যদি এখন A4 কাগজক মাজতে দুভাগ কৰা হয়, তেন্তে পোৱা দুখন A5 কাগজৰ আকৃতি মূল কাগজখনৰ সৈতে একে অনুপাতৰ হয়, যাৰ অনুপাত হৈছে 1:√২। ইয়াৰ ফলত কাগজৰ গুণাগুণ বা ডিজাইন সলনি নোহোৱাকৈ স্কেলিং (scaling) কৰাটো সহজ হয়। মুঠতে, √২ বা মৌলিক সংখ্যাৰ বৰ্গমূলবোৰ কেৱল স্কুলীয়া পাঠ্যক্ৰমৰ সংখ্যা নহয়, বৰঞ্চ আধুনিক গণিতৰ এক গভীৰ আৰু মৌলিক অংশ, যাৰ প্ৰভাৱ বহুতো বৈজ্ঞানিক আৰু কাৰিকৰী ক্ষেত্ৰত বিদ্যমান।
২ : π (পাই): গণিতৰ এক যাদুকৰী সংখ্যা
অপৰিমেয় সংখ্যা বিলাকৰ মাজত ’পাই’ (π) নামৰ সংখ্যাটোৱে সকলোৰে দৃষ্টি আকৰ্ষণ কৰে। গ্ৰীক বৰ্ণমালাৰ ষোড়শ আখৰ ’পাই’ (π) এটা সাধাৰণ সংখ্যা নহয়; ই গণিতৰ এক চিৰস্থায়ী ৰহস্য আৰু প্ৰকৃতিৰ এক মৌলিক ধ্ৰুৱক। বৃত্তৰ পৰিধি আৰু ব্যাসৰ মাজৰ সম্পৰ্ক বুজাবলৈ এই সংখ্যাটো ব্যৱহাৰ কৰা হয়।π৷ π ক আৱিষ্কাৰ কোনে কৰা বুলি সুধিলে ক’বলৈ অসুবিধা হয় কাৰণ ইয়াৰ ধাৰণাটো মানুহে প্ৰাচীন কালৰ পৰাই লক্ষ্য কৰিছিল। যেতিয়াই কোনোবাই এটা বৃত্তৰ পৰিধি (বৃত্তৰ চাৰিওফালৰ দৈৰ্ঘ্য) তাৰ ব্যাসৰ (বৃত্তৰ কেন্দ্ৰৰ মাজেৰে যোৱা সৰল ৰেখা) দ্বাৰা হৰণ কৰিছিল, তেতিয়াই ফলাফলটো সদায় প্ৰায় একে ওলাইছিল—প্ৰায় ৩.১৪। কিন্তু বেলেগ বেলেগ ব্যাস বা পৰিধিৰ বাবে কেতিয়াও সম্পুৰ্ণকৈ একে নাছিল৷ প্ৰাচীন কালত এইয়া জোখ-মাখৰ বিভ্ৰাট বুলি মানুহে ভাৱি লৈছিল৷ বেবিলন আৰু ইজিপ্টৰ (মিচৰ) সভ্যতাত মানুহে জানিব পাৰিছিল যে বৃত্তৰ পৰিধি ইয়াৰ ব্যাসৰ তিনিগুণতকৈ অলপ বেছি। তেওঁলোকে π ৰ মান প্ৰায় ২৫/৮ বা ৩.১১২৫ বুলি অনুমান কৰিছিল। খ্ৰীষ্টপূৰ্ব ৩০০ শতিকাৰ গ্ৰীক গণিতজ্ঞ আৰ্কিমিডিছে π ৰ মান নিৰ্ণয় কৰিবলৈ এক বৈজ্ঞানিক পদ্ধতি ব্যৱহাৰ কৰিছিল। তেওঁ বৃত্তৰ ভিতৰত আৰু বাহিৰত বহুভুজ আঁকিছিল আৰু এইবোৰৰ পৰিধি হিচাপ কৰিছিল। এই পদ্ধতিৰে তেওঁ প্ৰমাণ কৰিলে যে π ৰ মান ৩.১৪০৮ আৰু ৩.১৪২৮ ৰ মাজত থাকে। লেম্বাৰ্ট নামৰ গণিতজ্ঞজনে ১৭৬১ চনত প্ৰমাণ কৰে যে π এটা অপৰিমেয় সংখ্যা৷ গণিতত π ৰ গুৰুত্বπ কেৱল বৃত্তৰ ক্ষেত্ৰতে সীমাবদ্ধ নহয়, বৰঞ্চ ই গণিতৰ বহুতো ক্ষেত্ৰত এক অপৰিহাৰ্য ভূমিকা পালন কৰে: বৃত্ত আৰু গোলকৰ সূত্ৰত বৃত্তৰ পৰিধি নিৰূপণ কৰিবলৈ এই সূত্ৰ ব্যৱহাৰ কৰা হয়: C = 2πr৷ ঠিক তেনেদৰে, বৃত্তৰ কালিৰ সূত্ৰটো হ’ল A = πr²৷ গোলকৰ আয়তন আৰু পৃষ্ঠকালি আদি সকলো গণনাতে π লাগে। ত্ৰিকোণমিতি নামৰ গণিতৰ অন্যতম এক শাখাত কোণ জোখাৰ একক ’ৰেডিয়ান’ π ৰ ওপৰত আধাৰিত। ১৮০ ডিগ্ৰী মানে হৈছে π ৰেডিয়ান। কেলকুলাছ নামৰ উচ্চ গণিতৰ এক গুৰুত্বপূৰ্ণ শাখাত π অবিহনে বহুতো সমীকৰণ সমাধান কৰিব নোৱাৰি, বিশেষকৈ তৰংগ (waves) আৰু স্পন্দন (oscillations) অধ্যয়ন কৰোঁতে। আনুষংগিক বিষয়সমূহতো π ৰ প্ৰয়োগ বা π ৰ প্ৰভাৱ কেৱল গণিতৰ কোঠাতে আৱদ্ধ হৈ থকা নাই। ই বিজ্ঞানৰ আন আন বিষয়তো গুৰুত্বপূৰ্ণ, যেনে, পদাৰ্থ বিজ্ঞানত ঘড়ীৰ পেন্ডুলামৰ দোলন কাল, পোহৰ আৰু শব্দৰ তৰংগ গতি, বা ব্ৰহ্মাণ্ডৰ মৌলিক ধৰ্মসমূহ বুজাবলৈ π ব্যৱহৃত হয়। আইনষ্টাইনৰ মহাকৰ্ষণৰ সমীকৰণতো π উপস্থিত থাকে। অভিযান্ত্ৰিক বিষয় বিলাক যেনে ঘূৰ্ণীয়মান যন্ত্ৰাংশ (উদাহৰণ স্বৰূপে: চকা, গিয়াৰ আদি), বৈদ্যুতিক চিগনেল ডিজাইন, বা অট্টালিকাৰ গাথঁনি ডিজাইন কৰোঁতে অভিযন্তাসকলে π ব্যৱহাৰ কৰে। পৰিসংখ্যা বিজ্ঞানত বেল কাৰ্ভ (Bell curve) বা স্বাভাৱিক বিতৰণ (Normal Distribution) নামৰ পৰিসংখ্যাৰ এক গুৰুত্বপূৰ্ণ সূত্ৰত π ব্যৱহাৰ কৰা হয়, যিয়ে বহুতো প্ৰাকৃতিক পৰিঘটনা বিশ্লেষণ কৰাত সহায় কৰে। অৰ্থনীতিবিদসকলে বিত্তীয় বজাৰৰ মডেলিং (financial market modeling) কৰোঁতে বা ভৱিষ্যতৰ অৰ্থনৈতিক উত্থান-পতনৰ সম্ভাৱনীয়তা গণনা কৰোঁতে জটিল পৰিসাংখ্যিক মডেল ব্যৱহাৰ কৰে, য’ত π বহুল প্ৰয়োগ হয়।
৩ : সোণালী অনুপাত: গণিত আৰু প্ৰকৃতিৰ এক অপূৰ্ব সংখ্যা (φ)
ইতিমধ্যে উল্লিখিত ‘পাই’ (π) ৰ দৰেই আন এক বিস্ময়কৰ সংখ্যা আছে, যাক কোৱা হয় "সোণালী অনুপাত" (Golden Ratio)। এই সংখ্যাটোৱে কিদৰে পাইথাগোৰাছৰ সপোন ভাঙিলে তাক আমি ইতিমধ্যে আলোচনা কৰিছোঁ৷ এই সংখ্যাটোক গ্ৰীক আখৰ ’ফাই’ (φ) ৰে সূচোৱা হয়। সোনালী অনুপাতক দশমিকত প্ৰকাশ কৰিলে আমি এনেকুৱা এটা ৰাশি পাওঁ: ১.৬১৮০৩৩...। এই অনুপাতটোক বহুতে “ঈশ্বৰীয় অনুপাত" (Divine Proportion) বুলিও কয়, কাৰণ ইয়াৰ সৌন্দৰ্য আৰু প্ৰয়োগ প্ৰকৃতিৰ পৰা কলা আৰু স্থাপত্যলৈকে সকলোতে বিৰাজমান। সোণালী অনুপাত আৱিস্কাৰ কৰা হোৱা নাছিল, বৰং ইয়াক এক নিৰ্দিষ্ট জ্যামিতিক ধৰ্মৰ জৰিয়তে সংজ্ঞায়িত কৰা হৈছিল। ধৰা হওক, আমাৰ ওচৰত এডাল সৰল ৰেখা আছে। যদি এই ৰেখাডালক দুটা অংশত বিভক্ত কৰো য’ত ডাঙৰ অংশটো a আৰু সৰু অংশ টো b হয়, তেতিয়া সোণালী অনুপাতৰ সূত্ৰমতে, গোটেই ৰেখাডালৰ দৈৰ্ঘ্য আৰু ডাঙৰ অংশ (a) ৰ অনুপাত, আৰু ডাঙৰ অংশ (a) আৰু সৰু অংশ (b) ৰ অনুপাত সমান হ’ব লাগে। অৰ্থাৎ,
(a + b)/a = a/b = φ
এই ধাৰণাটো প্ৰাচীন গ্ৰীক গণিতজ্ঞ ইউক্লিড এ তেওঁৰ বিখ্যাত গ্ৰন্থ ’Elements’ ত “চৰম আৰু গড় অনুপাত" (extreme and mean ratio) হিচাপে বৰ্ণনা কৰিছিল। φ এটা অপৰিমেয় সংখ্যা হোৱা স্বত্বেও ইয়াক “অনুপাত" (Ratio) বোলা হয় কাৰণ ই দুটা নিৰ্দিষ্ট দৈৰ্ঘ্য বা পৰিমাণৰ মাজৰ পাৰস্পৰিক সম্পৰ্ক (relation) বা তুলনা সূচায়। যিকোনো দুটা বস্তুৰ মাজৰ সম্পৰ্কক বুজাবলৈ আমি "অনুপাত" শব্দটো ব্যৱহাৰ কৰোঁ, আৰু এই বিশেষ গাণিতিক সম্পৰ্কটোক ইয়াৰ নান্দনিক সৌন্দৰ্য আৰু বিশেষ ধৰ্মৰ বাবে "সোণালী" উপাধি দিয়া হৈছে। সোণালী অনুপাত গণিতৰ কেইবাটাও গুৰুত্বপূৰ্ণ ক্ষেত্ৰৰ সৈতে জড়িত৷ উদাহৰণ স্বৰূপে জ্যামিতিত ই পঞ্চভুজ আৰু পাঁচকোণী তৰা বা পেণ্টাগ্ৰাম (pentagram) ৰ এক অবিচ্ছেদ্য অংশ। এই আকৃতিবোৰৰ বিভিন্ন বাহুৰ দৈৰ্ঘ্যৰ মাজৰ অনুপাত সদায় φ হয়। ১২ শতিকাতে ইটালীত আৱিস্কৃত ফিবোনাচ্চি ক্ৰম নামৰ বিখ্যাত সংখ্যা ক্ৰমটো আছিল এনেধৰণৰ: ০, ১, ১, ২, ৩, ৫, ৮, ১৩, ২১, ৩৪...৷ এই ক্ৰমটোৰ এটা ডাঙৰ বৈশিষ্ট্য হ’ল, ক্ৰমটোৰ যিকোনো এটা সংখ্যাক তাৰ আগৰ সংখ্যাটোৰে হৰণ কৰিলে পোৱা ফলাফলটো যিমানে সোঁফালে গৈ থকা যায় সিমানে φ (১.৬১৮) ৰ ওচৰ চাপি যায়।
সোণালী অনুপাতৰ সৌন্দৰ্যমূলক ধৰ্মৰ বাবে ইয়াক কলা, স্থাপত্য আৰু প্ৰকৃতিৰ বিভিন্ন ক্ষেত্ৰত ব্যৱহাৰ কৰা হয়৷ উদাহৰণস্বৰূপে, কলা আৰু স্থাপত্যৰ বিভিন্ন শিল্পকলাত সোনালী অনুপাত ব্যৱহাৰ কৰি সিবিলাকক সোনত সুৱগা কৰা হয়৷ আমি ব্যৱহাৰ কৰা প্ৰায়বিলাক আচবাব পত্ৰতে দৃষ্টিনন্দন তথা আকৰ্ষণীয় কৰিবলৈ সিবিলাকৰ দীঘ আৰু প্ৰষ্ঠৰ অনুপাত সোনালী অনুপাত ব্যৱহাৰ কৰা হয়৷ প্ৰাচীন গ্ৰীচৰ পাৰ্থেনন মন্দিৰৰ দৰে বহুতো স্থাপত্যত সোণালী অনুপাত ব্যৱহাৰ কৰা হৈছিল বুলি ধাৰণা কৰা হয়। বিশ্ববিখ্যাত চিত্ৰশিল্পী লিওনাৰ্ডো দা ভিন্সি য়ে তেওঁৰ শিল্পকৰ্মত শৰীৰৰ অনুপাত দেখুৱাবলৈ φ ব্যৱহাৰ কৰিছিল। আমাৰ কম্পিউটাৰটোৰ মনিটৰ খনৰ দীঘ আৰু প্ৰষ্ঠৰ অনুপাত সাধাৰণতে সোনালী অনুপাতত থাকে৷ প্ৰকৃতি নিজেই φ ৰ এক মহান ব্যৱহাৰকাৰী। সূৰ্যমুখী ফুলৰ বীজৰ সজ্জা (spiral arrangement), শামুকৰ খোলাৰ পাক (shell spirals), পাইন গছৰ শংকু (pine cones) আৰু আনকি মানুহৰ শৰীৰৰ কিছুমান অনুপাততো সোণালী অনুপাত দেখা পোৱা যায়। সামৰণিত ইয়াকে ক’ব পাৰি যে সোণালী অনুপাত φ হৈছে এক অনন্য অপৰিমেয় সংখ্যা যি গণিতৰ গভীৰ তত্ত্বসমূহক শিল্প আৰু প্ৰকৃতিৰ দৃশ্যমান সৌন্দৰ্যৰ সৈতে সংযোগ কৰে। ই আমাক দেখুৱাই যে গণিত কেৱল কঠিন হিচাপ নহয়, বৰং আমাৰ চাৰিওফালে থকা বিশ্বখনৰ সুন্দৰ নিয়মবোৰ বুজি পোৱাৰ এক ভাষা।
৪ : অয়লাৰৰ সংখ্যা e: গণিতজ্ঞৰ ৰহস্য
যদি π-এ বৃত্ত আৰু তৰংগক শাসন কৰে, আৰু φ-এ এই বিনন্দীয়া প্ৰকৃতিৰ সৌন্দৰ্যক আমাৰ আগত প্ৰকাশ কৰে, তেন্তে অয়লাৰৰ সংখ্যা e -এ বৃদ্ধি আৰু পৰিৱৰ্তনৰ মান নিৰূপণ কৰে। ইয়াৰ দশমিক বিস্তাৰ হয় এনেধৰণৰ: ২.৭১৮২৮১৮২৮…, আৰু এই ধ্ৰুৱকটো ক্ৰমবৰ্ধিত সুত (compound interest), জনসংখ্যাৰ অধ্যয়ন, ক্ষয় (decay), সম্ভাৱনা (probability), আৰু কলন গণিত (calculus) -ত ব্যৱহাৰ কৰা হয়। সংখ্যা e -ক এক অনন্ত শ্ৰেণীৰ যোগফল হিচাপে সংজ্ঞায়িত কৰা হয়:
e = ১ + ১/১! + ১/২! + ১/৩! + ⋯
প্ৰথমে অয়লাৰৰ দ্বাৰা প্ৰদান কৰা প্ৰমাণে দেখুৱায় যে এই অনন্ত যোগফলে কোনো সৰল ভগ্নাংশৰ সমাধান দিব নোৱাৰে। এনে সংখ্যাক অতিক্ৰমিক সংখ্যা বুলি কোৱা হয়৷ π-ৰ দৰেই, e ও এক অতিক্ৰমিক সংখ্যা। ব্যৱহাৰিক জীৱনত, য’তেই বস্তুৰ নিৰন্তৰভাৱে বৃদ্ধি বা ক্ষয় হয়, ত’তেই e -ৰ ব্যৱহাৰ হয়৷ উদাহৰণ স্বৰূপে, ইয়াৰ ব্যৱহাৰ আমি দেখোঁ ক্ৰমবৰ্ধিত বেংক সুত গণনা কৰাত, জনসংখ্যাৰ বৃদ্ধিৰ পূৰ্বানুমান কৰাত, আৰু তেজষ্ক্ৰিয় পৰমাণুৰ ক্ষয় বৰ্ণনা কৰাত। e হৈছে স্বাভাৱিক লগাৰিথম (natural logarithm) -ৰ ভিত্তি, যিটো গণিতৰ এটা মৌলিক ফলন যিয়ে ঘাতাংকীয় সমীকৰণসমূহক “বিপৰীত" কৰিবলৈ দিয়ে। e আৰু লগাৰিথমৰ মাজৰ সম্পৰ্কই আধুনিক কম্পিউটিং, পৰিসংখ্যা, আৰু প্ৰাকৃতিক বিজ্ঞানৰ ভেটি গঢ়ি তুলিছে। সাধাৰণতে, Aeᵏᵗ ধৰণৰ সূত্ৰই বিনিয়োগৰ বৃদ্ধি, মহামাৰীৰ বিস্তাৰ, বস্তুৰ শীতল হোৱা, আৰু তেজস্ক্ৰীয় পৰমাণুৰ ক্ষয় আদি বৰ্ণনা কৰে।
টোকা
এই ২২/৭ সংখ্যাটোৰ উদাহৰণ বাৰে বাৰে দি থকাৰ এটা কাৰণ হ’ল পাছত আমি পাই (π) বুলি অপৰিমেয় সংখ্যা এটাৰ বিষয়ে পাম, যাৰ সম্ভাৱ্য মান হিচাপে এই পৰিমেয় সংখ্যাটো ব্যৱহাৰ কৰে যদিও দুয়োটা পৃথক সংখ্যা: এটা পৰিমেয় আৰু আনটো অপৰিমেয়৷ অপৰিমেয় সংখ্যাবিলাকৰ দশমিকৰ অপৌণপৌণিক আৰু অসমাপ্ত বিস্তাৰৰ বাবে গণনাত কেৱল সিঁহতৰ সম্ভাৱ্য মান হে ব্যৱহাৰ কৰিব পাৰি৷ এই বিষয়ে আমি এই অধ্যায়ত আলোচনা কৰিম৷↩︎
সংহতি হ’ল নিদিষ্ট সংজ্ঞাবিশিষ্ট “বস্তু"ৰ গোট৷ এই “বস্তু" যিকোনো হ’ব পাৰে৷ সংখ্যাও হ’ব পাৰে৷ সংহতিৰ বিষয়ে আমি পাছৰ অধ্যায়ত আকৌ আলোচনা কৰিম৷↩︎
অধ্যায় ৬ : বীজগণিতীয় অপৰিমেয় সংখ্যা আৰু অবীজীয় সংখ্যাবিলাক
এই অধ্যায়টো পৃথক পোষ্ট হিচাপে পঢ়ক
পূৰ্বৰ অধ্যায়সমূহত আমি অপৰিমেয় সংখ্যাৰ ধাৰণা, ইয়াৰ ঐতিহাসিক পটভূমি, আৰু মৌলিক ধৰ্মসমূহৰ সৈতে পৰিচিত হৈছোঁ। এতিয়া অপৰিমেয় সংখ্যাসমূহৰ ভিতৰত থকা আভ্যন্তৰীণ শ্ৰেণীবিভাজনৰ বিষয়ে কিছু আলোচনা কৰিম। অপৰিমেয় সংখ্যাক মূলতঃ দুটা শ্ৰেণীত বিভক্ত কৰিব পাৰি: বীজগণিতীয় অপৰিমেয় সংখ্যা (Algebraic Irrationals) আৰু অবীজীয় সংখ্যা (Transcendental Numbers)। এই বিভাজনে অপৰিমেয়তাৰ ধাৰণাক অধিক সূক্ষ্ম আৰু সমৃদ্ধ কৰিছে। বীজগণিতীয় সংখ্যা হৈছে সেইবোৰ সংখ্যা যিবোৰক, সহগ বিলাক পূৰ্ণ সংখ্যা হোৱা কোনো অশূন্য বহুপদ ৰাশিৰ মূল হিচাপে প্ৰকাশ কৰিব পাৰি। যদি x এটা বীজগণিতীয় সংখ্যা হয়, তেন্তে x এ n ৰ কোনো এক নিদিষ্ট মানৰ বাবে তলৰ সমীকৰণটো সিদ্ধ কৰে৷
aₙxⁿ + aₙ₋₁xⁿ⁻¹ + ⋯ + a₁x + a₀ = 0
য’ত a₁, a₂, ⋯, aₙ ৰ প্ৰত্যেকেই একোটা পূৰ্ণ সংখ্যা আৰু aₙ ≠ 0। এই x টো অৱশ্যে পৰিমেয় সংখ্যাও হ’ব পাৰে৷ যেনে x² − ২x + ১ ৰাশিৰ ১ টো এটা মূল৷ অৰ্থাৎ x ৰ ঠাইত ১ বহুৱালে এই ৰাশিটোৰ মান ০ হয়৷ ১ টো সংজ্ঞামতে এটা বীজগণিতীয় সংখ্যা কিন্তু সি পৰিমেয় সংখ্যা৷ যিহেতু আমি অপৰিমেয় সংখ্যাৰ কথাহে মুলত: পাতিছোঁ, গতিকে আমি আমাৰ আলোচনা বীজগণিতীয় অপৰিমেয় সংখ্যাৰ মাজতেই সীমাবদ্ধ ৰাখিম৷
কেইটামান বীজগণিতীয় অপৰিমেয় সংখ্যাৰ উদাহৰণ তলত দিয়া হ’ল:
(১) √২: ই x² − ২ = ০ ৰ মূল.
(২) ∛৫: ই x³ − ৫ = ০ ৰ মূল.
(৩) সোণালী অনুপাত φ = (১ + √৫)/২: ই x² − x − ১ ৰ মূল.
(৪) √২ + √৩: ই x⁴ − ১০x² + ১ = ০ ৰ মূল৷
বীজগণিতীয় সংখ্যাৰ সম্পূৰ্ণৰূপে বিপৰীত ধাৰণা হৈছে অবীজীয় সংখ্যাৰ ধাৰণাটো। এই সংখ্যাবোৰক ইংৰাজীত Transcendental Numbers বোলা হয় আৰু অসমীয়াত “অবীজীয়" শব্দটি ব্যৱহাৰ কৰা হৈছে, কাৰণ এই সংখ্যাবোৰ বীজগণিতীয় নহয়।
গণিতৰ ভাষাত এটা সংখ্যাক অবীজীয় সংখ্যা বোলা হয় যদি ই কোনো পূৰ্ণ সংখ্যাৰ সহগযুক্ত অশূন্য বহুপদ ৰাশিৰ মূল নহয়। আন কথাত, x এটা অবীজীয় সংখ্যা হ’ব যদিহে সকলো পূৰ্ণাংক সহগযুক্ত বহুপদ ৰাশি P(x) ৰ বাবে P(x) ≠ 0 হয়। π আৰু e ৰ বাদেও আন কেতবোৰ অবীজীয় সংখ্যাৰ উদাহৰণ হ’ল e^π (গেলফণ্ড ধ্ৰুৱক), sin(১), ln(২) ইত্যাদি৷
আমি এইবাৰ বীজগণিতীয় আৰু অবীজীয় সংখ্যাৰ মাজৰ সম্বন্ধৰ বিষয়ে কিছু কথা আলোচনা কৰোঁ৷ মৌলিক সম্বন্ধ বিলাকৰ ভিতৰত আমি পাওঁযে সকলো পৰিমেয় সংখ্যা বীজগণিতীয় আৰু সকলো অবীজীয় সংখ্যাই অপৰিমেয়৷ আনহাতে কিছুমান অপৰিমেয় সংখ্যা বীজগণিতীয় (যেনে √২) আৰু কিছুমান অপৰিমেয় সংখ্যা অবীজীয় (যেনে π, e)৷
সংখ্যা বিলাকে পালন কৰা আন এক ধৰ্ম অনুসৰি সিহতক গনণীয় আৰু অগণনীয়- এই দুই ভাগত ভগোৱা হৈছে৷ বীজগণিতীয় সংখ্যাসমূহক স্বাভাৱিক সংখ্যাৰ সৈতে একৈকী ভাৱে মিলাব পাৰি। অৰ্থাৎ একোটা স্বাভাৱিক সংখ্যাৰ বিপৰীতে আমি সদায় কেৱল মাত্ৰ এটা বীজগণিতীয় সংখ্যা পাম আৰু প্ৰতিটো বীজগণিতীয় সংখ্যাৰ লগতে এনেদৰে আমি এটা স্বাভাৱিক সংখ্যা জড়িত কৰিব পাৰোঁ৷ যিবিলাক সংখ্যাই এই ধৰ্ম পালন কৰে সিহতক গণনীয় সংখ্যা বুলি কোৱা হয়৷ এই সংজ্ঞা অনুসৰি বীজগণিতীয় সংখ্যাবিলাক গণনীয় সংখ্যা৷ ইয়াৰ বিপৰীতে অবীজীয় সংখ্যাবিলাক অগণনীয়৷ ৰ্জৰ্জ কেন্টৰ (Georg Cantor) নামৰ গণিতজ্ঞজনে ১৮৭৪ চনত এই কথা প্ৰমাণ কৰিছিল। এই প্ৰমাণৰ বাবে তেওঁ সংহতি তত্বৰ সহায় লৈছিল৷ সংহতি হ’ল যিকোনো বস্তুৰে সংজ্ঞাবদ্ধ একোটা সমষ্টি বা গোট৷ আমি ওপৰত উল্লেখ কৰি অহা সংখ্যা বিলাক যেনে স্বাভাৱিক সংখ্যা, পূৰ্ণ সংখ্যা, বাস্তৱ সংখ্যা, পৰিমেয় সংখ্যা আদি বিলাকৰ প্ৰত্যেকেই একো একোটা সংহতিৰ জড়িয়তে সংজ্ঞাবদ্ধ হৈ থাকে৷ সিবিলাকক আমি ক্ৰমে স্বাভাৱিক সংখ্যা, পূৰ্ণ সংখ্যা, বাস্তৱ সংখ্যা, আৰু পৰিমেয় সংখ্যাৰ সংহতি বুলি কওঁ৷ কেন্টৰৰ প্ৰমাণ অনুসৰি, বাস্তৱ সংখ্যাৰ সংহতিটো অগণনীয়৷ ইফালে বীজগণিতীয় সংখ্যা আৰু অবীজীয় সংখ্যা সমুহ লগ লাগিয়েই বাস্তৱ সংখ্যাৰ সংহতিটো হৈছে৷ যিহেতু বীজগণিতীয় সংখ্যাবিলাক গণনীয়, গতিকে অবীজীয় সংখ্যাৰ সংহতিটো অবশ্যেই অগণনীয় হ’ব লাগিব। এইবিষয়ৰ কেইটামান উল্লেখনীয় উপপাদ্য হ’ল এনেধৰণৰ:
উপপাদ্য (১): যদি α ≠ 0 এটা বীজগণিতীয় সংখ্যা হয়, তেন্তে e^α অবীজীয়। ইয়াৰ পৰাই e আৰু π ৰ
অবীজীয়তা প্ৰমাণ হয়।
উপপাদ্য (২): যদি α আৰু β বীজগণিতীয় সংখ্যা হয়, য’ত α ≠ ০, ১ আৰু β অপৰিমেয়, তেন্তে α^β
অবীজীয়। এই উপপাদ্যৰ সহায়ত ২^(√২) বা e^π ৰ দৰে সংখ্যাৰ অবীজীয়তা প্ৰমাণ কৰিব পাৰি।
এইখিনিতে কেইটামান গাণিতিক সমস্যা যাৰ সমাধান আজিও সম্ভৱ হৈ উঠা নাই, আমি উল্লেখ কৰিব বিচাৰিছোঁ৷
(১) π + e আৰু πe ৰ অবীজীয়তা: π আৰু e পৃথকে অবীজীয় সংখ্যা, কিন্তু π + e আৰু πe ৰ
অবীজীয়তা এতিয়াও প্ৰমাণিত হোৱা নাই।
(২) ৰিমান জেটা ফাংচন: ζ(3) ৰ অবীজীয়তা ১৯৭৮ চনত প্ৰমাণিত হৈছিল, কিন্তু ζ(5), ζ(7) আদি
অযুগ্ম মানৰ বাবে ইয়াৰ সাধাৰণ প্ৰমাণ এতিয়াও কৰিব পৰা হোৱা নাই।
(৩) অয়লাৰ ধ্ৰুৱক γ: γ = lim (n → ∞) (১ + ১/২ + ⋯ + ১/n − ln n) ৰ বীজগণিতীয়তা নাইবা অবীজীয়তা সম্পৰ্কে একো জনা নাযায়।
বীজগণিতীয় আৰু অবীজীয় সংখ্যাৰ অধ্যয়নে অপৰিমেয় সংখ্যাৰ জগতখনক অধিক সমৃদ্ধ আৰু সূক্ষ্ম ৰূপত উপস্থাপন কৰে। এই বিভাজনে দেখুৱায় যে অপৰিমেয়তা এক সংহত ধাৰণা নহয়, বৰঞ্চ অপৰিমেয় সংখ্যাবিলাকৰ ভিতৰতো গভীৰ পাৰ্থক্য আছে। বীজগণিতীয় অপৰিমেয় সংখ্যাসমূহে আমাক সংখ্যাৰ নিয়ন্ত্ৰণযোগ্য আৰু নিৰ্মাণযোগ্য দিশৰ সৈতে পৰিচয় কৰায়, আনহাতে অবীজীয় সংখ্যাসমূহে আমাক সংখ্যাৰ অসীম জটিলতা আৰু ৰহস্যময়তাৰ সৈতে পৰিচয় কৰাই দিয়ে।
সংখ্যাৰেখাৰ প্ৰায়ভাগ অংশই অবীজীয় সংখ্যাৰে পূৰ্ণ হৈ থকাৰ উপলব্ধিয়ে আমাক সংখ্যাৰ স্বৰূপ সম্পৰ্কে এক নতুন দৃষ্টিভংগী প্ৰদান কৰে। বীজগণিতীয় আৰু অবীজীয় সংখ্যাৰ অধ্যয়নে হিপাচাছৰ পৰা আৰম্ভ হোৱা যাত্ৰা আজিও অব্যাহত ৰাখিছে, আৰু ভৱিষ্যতৰ গৱেষণাৰ বাবে নতুন পথ মুকলি কৰিছে। অপৰিমেয় সংখ্যাৰ জগতত প্ৰৱেশ কৰা প্ৰত্যেক গৱেষক আৰু ছাত্ৰ-ছাত্ৰীয়ে এই কথাটো উপলব্ধি কৰিব লাগিব যে সংখ্যা কেৱল গণনাৰ বস্তু নহয়, ইয়াৰ নিজা এক জটিল আৰু সুন্দৰ গাঁথনি আছে। এই গাঁথনিৰ অনুসন্ধানেই হৈছে গণিতৰ এক চিৰন্তন অভিযান।
অধ্যায় ৭ : অপৰিমেয় সংখ্যাৰ সাঁথৰ আৰু খেল
এই অধ্যায়টো পৃথক পোষ্ট হিচাপে পঢ়ক
আমাৰ দৈনন্দিন জীৱনত অপৰিমেয় সংখ্যাবোৰ আমি ব্যৱহাৰ কৰোঁ জ্যামিতি আৰু বস্তুৰ অনুপাতত। ইয়াৰ ওপৰত আধাৰিত কেইটামান সহজ কিন্তু মনোগ্ৰাহী সাঁথৰ আৰু খেল তলত দিয়া হ’ল।
সাঁথৰ ১ : ২ ৰ বৰ্গমূল √২-ৰ অপৰিমেয়তাৰ জ্যামিতিক প্ৰমাণ–
(১) কাগজৰ টুকুৰা এটাত ১ একক দৈৰ্ঘ্যৰ বাহু থকা এটা নিখুঁত বৰ্গ অকা হওঁক।
(২) ইয়াৰ দুটা বিপৰীত কোণ সংযোগ কৰি বৰ্গটোৰ কৰ্ণডাল অকা হওঁক।
(৩) পাইথাগোৰাছৰ উপপাদ্য (a² + b² = c²) ব্যৱহাৰ কৰি কৰ্ণডালৰ দৈৰ্ঘ্য নিৰ্ণয় কৰিব লাগে।
(৪) ফলাফল: ১² + ১² = c² ⟹ c² = ২ ⟹ c = √২।
ইতিমধ্যে আমি গম পাইছোঁ যে এই কৰ্ণডালৰ দৈৰ্ঘ্য সঠিকভাৱে কোনো ভগ্নাংশ বা পৰিমেয় সংখ্যাৰে জুখিব নোৱাৰি, কিন্তু ইয়াক জ্যামিতীয়ভাৱে পোৱা যায়।
সাঁথৰ ২ : সোণালী অনুপাতৰ সাঁথৰ (φ - The Golden Ratio Puzzle)
(১) এটা আয়তক্ষেত্ৰ অকা হওঁক যাৰ দীঘল বাহু আৰু চুটি বাহুৰ
অনুপাত ১.৬১৮, অৰ্থাৎ সোনালী অনুপাতৰ আনুমানিক মান। ইয়াক সোণালী আয়তক্ষেত্ৰ বোলা হয়।
(২) যদি আয়তক্ষেত্ৰটোৰ ভিতৰত ইয়াৰ চুটি বাহুৰ সমান দৈৰ্ঘ্যৰ বাহু থকা এটা বৰ্গ আঁকি ইয়াক কাটি
পেলোৱা হয়, তেন্তে এটা নতুন, সৰু আয়তক্ষেত্ৰ পাম।
(৩) এই নতুন আয়তক্ষেত্ৰটোৰ দীঘল বাহু আৰু চুটি বাহুৰ অনুপাত নিৰ্ণয় কৰিব লাগে৷
(৪) ফলাফল: এই নতুন আয়তক্ষেত্ৰটোৰ দীঘল বাহু আৰু চুটি বাহুৰ অনুপাত পুনৰ φ হ’ব!
এই পুনৰাবৃত্তিমূলক ধৰ্মটোৱে φ -ক শিল্প, স্থাপত্য আৰু প্ৰকৃতিৰ বিভিন্ন অৱদান যেনে শামুকৰ খোলা বা সূৰ্য্যমুখী ফুলৰ বীজৰ আৰ্হি আদিক অতুলনীয় ৰূপত তুলি ধৰে।
সাঁথৰ ৩ : অপৰিমেয় সংখ্যাৰে দাপোন
আমি আগতেই কৈছোঁ যে দুটা পৰিমেয় সংখ্যাৰ মাজত অসীম সংখ্যক অপৰিমেয় সংখ্যা থাকে, আৰু তাৰ ওলোটাকৈ ক’লে: দুটা অপৰিমেয় সংখ্যাৰ মাজত অসীম সংখ্যক পৰিমেয় সংখ্যা থাকে। এই সাঁথৰটোত নতুন অপৰিমেয় সংখ্যা বিচাৰিম৷
(১) দুটা যিকোনো পৰিমেয় সংখ্যা বাছনি কৰা হওক, যেনে ১.৫ (৩/২) আৰু ১.৬ (৮/৫)।
(২) এই দুটা সংখ্যাৰ মাজত থকা এটা অপৰিমেয় সংখ্যা বিচাৰিব লাগে।
(৩) ফলাফল: এটা সহজে পোৱা সংখ্যা হ’ব পাৰে ১.৫ + √২/১০০। ইয়াত √২ = ১.৪১৪... হোৱাৰ বাবে,
এই সংখ্যাটো ১.৫১৪১৪... হ’ব, যিটো ১.৫ আৰু ১.৬-ৰ মাজত থাকিব।
(৪) এই দুটা সংখ্যাৰ মাজত থকা আন এটা অপৰিমেয় সংখ্যা বিচাৰিব লাগে।
এই সৰু কামটোৰ জড়িয়তে সংখ্যাৰেখাডালত বাস্তৱ সংখ্যাৰ ঘনত্বৰ বিষয়ে আমি অনুভৱ কৰিব পাৰোঁ, য’ত পৰিমেয় আৰু অপৰিমেয় সংখ্যাবোৰ ইটো সিটোৰ লগত ইমানেই ঘনিষ্ঠভাৱে লগ হৈ থাকে যে দুয়োটা সংহতিয়ে এটা আনটোৰ “দাপোন”ৰ দৰে কাম কৰে।
খেল : π দিৱস উদযাপন গণিতৰ জগতত এটা ডাঙৰ বাৰ্ষিক উৎসৱ হ’ল π দিৱস, যিটো ১৪ মাৰ্চত (৩/১৪) উদযাপন কৰা হয়। পাই - π ≈ ৩.১৪১৫৯ -ৰ আৰম্ভণি অংক তিনিটাক লৈ এই দিৱসটো মিলোৱা হয়। π-ৰ অংকসমূহ স্মৰণ কৰাটো এটা জনপ্ৰিয় খেল। বিশ্বৰ বহু লোকে পাই-ৰ শ শ, আনকি হাজাৰ হাজাৰ অংক মনত ৰাখিবলৈ চেষ্টা কৰে। ইয়াত যিমানেই বেছি অংক মনত ৰখা যায়, সিমানেই অপৰিমেয়তাৰ অন্তহীন আৰু অপৌণাপৌণিক স্বভাৱটো উপলদ্ধি কৰিবলৈ সহজ হয়। π দিৱস উপলক্ষে এক বিশেষ সাহিত্যিক প্ৰথা “পাইকু" কবিতা। এই কবিতাৰ প্ৰতিটো শাৰীত থকা শব্দবোৰৰ বৰ্ণসংখ্যা ক্ৰমে ৩, ১, ৪, ১, ৫, ৯, … ইত্যাদি অংকৰ সৈতে মিলাব লাগে। গণিতৰ লগত সৃজনীশীলতাক সাঙুৰি ই এক জনপ্ৰিয় খেল হিচাপে পৰিগণিত হৈছে৷
সাঁথৰ ৪ : e ৰ লগত জড়িত সাঁথৰ অয়লাৰৰ সংখ্যা e (যাৰ মান ≈ ২.৭১৮) কম্পাউণ্ডিং (compounding) বা অবিৰত বৃদ্ধিৰ সৈতে জড়িত।
(১) যদি আমি ১00% সুতৰ হাৰত এটা টকা বিনিয়োগ কৰো আৰু ইয়াক বছৰত এবাৰ কম্পাউণ্ড কৰা
হয়, তেন্তে বছৰৰ শেষত আমি ২ টকা পাম।
(২) যদি ইয়াক দুবাৰ কম্পাউণ্ড কৰা হয়, তেন্তে ই ২.২৫ টকা হয়।
(৩) যেতিয়া কম্পাউণ্ডিং, এবছৰত অসীম সংখ্যক বাৰ বা অবিৰতভাৱে কৰা হয়, তেতিয়া আমি পোৱা
ধনৰ পৰিমাণ e টকাৰ ওচৰ চাপি যায়।
(৪) দহৰ পৰা পোন্ধৰ বাৰ কম্পাউণ্ডিং কৰি চাব লাগে কিদৰে সি e ৰ ওচৰ চাপি যায়।
এই সাঁথৰে দেখুৱায় যে অপৰিমেয়তা মাথোঁন জ্যামিতিতে সীমাবদ্ধ নহয়, বৰঞ্চ ই বিত্তীয় আৰু প্ৰাকৃতিক বৃদ্ধিৰ আটাইতকৈ কাৰ্যকৰী মডেলসমূহকো নিয়ন্ত্ৰণ কৰে।
অধ্যায় ৮ : উপসংহাৰ
এই অধ্যায়টো পৃথক পোষ্ট হিচাপে পঢ়ক
অপৰিমেয় সংখ্যাবোৰ সঁচাকৈয়ে এক অনন্য বিস্ময়। এই সংখ্যাবোৰে ‘অসীম’ আৰু ‘অজ্ঞাত’ক প্ৰতিনিধিত্ব কৰে। ইতিমধ্যে কোৱা হৈছেযে পৰিমেয় সংখ্যাবোৰৰ দৰে ইহঁতক কোনো নিৰ্দিষ্ট ভগ্নাংশত লিখিব নোৱাৰি। এই সংখ্যাবোৰৰ দশমিকৰ পিছৰ অংশ কেতিয়াও শেষ নহয় আৰু কেতিয়াও পুনৰাবৃত্তি নহয়। অৰ্থাৎ, আমি কেতিয়াও এটা অপৰিমেয় সংখ্যা সম্পূৰ্ণকৈ লিখি শেষ কৰিব নোৱাৰোঁ— কেৱল ইয়াৰ এটা ‘আসন্ন মান’ বা আনুমানিক ধাৰণাহে লব পাৰো। অপৰিমেয় সংখ্যাৰ সৈতে সহাৱস্থান কৰা মানেই হৈছে এক সসীম জগতত থাকি অসীমৰ সৈতে জীয়াই থকাৰ কলা। প্ৰতিটো অপৰিমেয় সংখ্যা যেন একোটা শেষ নোহোৱা কাহিনী; যি হাজাৰ বছৰ ধৰি গণিতজ্ঞ, বিজ্ঞানী আৰু শিল্পীসকলক আকৰ্ষিত কৰি আহিছে। প্ৰাচীন পাইথাগোৰিয়ানসকলে এই অসীম জটিলতাক লৈ বৰ চিন্তিত আছিল। তেওঁলোকে বিশ্বাস কৰিছিল যে সংখ্যাই বাস্তৱৰ সকলো নিখুঁত শৃংখলাক সংজ্ঞায়িত কৰে, কিন্তু অপৰিমেয় সংখ্যাৰ আৱিষ্কাৰে সেই ধাৰণাটো থানবান কৰি দিলে। নিৰ্দিষ্টতাৰ প্ৰতি থকা আমাৰ আকাংক্ষা আৰু বিশ্বব্ৰহ্মাণ্ডৰ অসীম জটিলতাৰ মাজৰ এই সংঘাত আজিও গণিত, দৰ্শন আৰু আমাৰ দৈনন্দিন জীৱনত বিদ্যমান। যিহেতু অপৰিমেয় সংখ্যাৰ দশমিক বিস্তাৰ কেতিয়াও শেষ নহয়, সেয়েহে ব্যৱহাৰিক কামত আমি ইয়াৰ ‘আসন্ন মান’ (Approximations) ব্যৱহাৰ কৰোঁ। অসীম জটিলতা আৰু সসীম ব্যৱহাৰৰ মাজৰ এই ভাৰসাম্যই হৈছে গণিতৰ মূল আধাৰ। উদাহৰণ স্বৰূপে পাই (π)-ৰ কথা ধৰা যাওক। ইয়াৰ মান ট্ৰিলিয়ন দশমিক স্থানলৈকে গণনা কৰা হৈছে, কিন্তু ব্যৱহাৰিক ক্ষেত্ৰত— যেনে অভিযান্ত্ৰিক বিদ্যা বা মহাকাশ গৱেষণাত— ইয়াৰ মাত্ৰ কেইটামান দশমিক স্থানহে প্ৰয়োজন হয়। π-ৰ প্ৰকৃত মান আৰু ইয়াৰ আসন্ন মান ৩.১৪১৫৯ -ৰ মাজত পাৰ্থক্য ইমানেই কম যে পৃথিৱীৰ পৰিধি জুখিবলৈ গলে সেই পাৰ্থক্যটো এটা হাইড্ৰজেন পৰমাণুৰ সমান হ’ব। নিৰৱচ্ছিন্ন ভগ্নাংশ আৰু আন গাণিতিক পদ্ধতিয়ে আমাক এই সংখ্যাবোৰৰ ‘যথেষ্ট ওচৰলৈ’ যোৱাত সহায় কৰে। ইয়াৰ জৰিয়তে কেলকুলেটৰ আৰু কম্পিউটাৰে তাত্ত্বিকভাৱে অজ্ঞাত এই সংখ্যাবোৰ ব্যৱহাৰ কৰি বাস্তৱ জগতৰ সমস্যা সমাধান কৰিব পাৰি। ই আমাক এটা গুৰুত্বপূৰ্ণ শিক্ষা দিয়ে: নিখুঁততা প্ৰায়েই অসম্ভৱ, কিন্তু সঠিকতা আপেক্ষিক আৰু ব্যৱহাৰিক। ব্যৱহাৰিক দিশত আৰু কিছু সহজ ভাষাত ক’বলৈ গ’লে কথাটো এনেধৰণৰ হয় যে পাই (π) ৰ আসন্ন মান লৈ গাণিতিক হিচাপ নিকাচ বিলাক কৰাৰ বাবে প্ৰকৃত মান আৰু হিচাপত ব্যৱহৃত মানৰ মাজত অন্তৰ থাকে৷ এই অন্তৰক আমি খুত (error) বুলি ক’ব পাৰোঁ৷ ৩.১৪ হিচাপে লৈ হিচাপ নিকাচ কৰিলে এই খুত যিমান হ’ব, পাইৰ মান ৩.১৪১ বুলি ধৰি অংক টো কৰিলে সি অকনমান হ’লেও কমি যাব৷ ঠিক সেইদৰে ৩.১৪১৫৯ ল’লে সেই খুত আৰু কমিব৷ অৰ্থাৎ দশমিক বিস্তৃতিত যিমানেই অংক আমি ব্যৱহাৰ কৰিম, সিমানেই সিমানেই হিচাপ নিকাচ বিলাক নিখুত হৈ গৈ থাকে৷ এই প্ৰক্ৰিয়াটো নিৰৱচ্ছিন্ন৷ কিন্তু যিমানেই নিখুত কৰিবৰ চেষ্টা নকৰো কিয়, সম্পূৰ্ণ নিখুত কেতিয়াও সম্ভৱ নহয় কাৰণ সম্পূৰ্ণ নিখুত হ’বলৈ পাই ৰ সমগ্ৰ অসীম বিস্তৃতিটোৰ প্ৰয়োজন হয়, কিন্তু সেইয়া ব্যৱহাৰিকভাৱে অসম্ভৱ৷ এইখিনিতে গণিতৰ বিমূৰ্ততা আৰু মানুহৰ গণিতৰ বিশাল ক্ষমতা ব্যৱহাৰৰ ক্ষেত্ৰত থকা সীমাবদ্ধতা আমি উপলব্ধি কৰিব পাৰোঁ৷
অপৰিমেয় সংখ্যাবোৰ কেৱল কিছুমান অংক বা ডিজিট নহয়; ই অসীমতা, জটিলতা আৰু ৰহস্যৰ প্ৰতীক। এই সংখ্যাবোৰে প্ৰমাণ কৰে যে এই বিশ্বব্ৰহ্মাণ্ডত এনে কিছুমান বস্তু আছে যিবোৰক সহজ ভাষাত প্ৰকাশ কৰিব নোৱাৰি। গাণিতিকভাৱে, এই সংখ্যাবোৰে পৰিমেয় সংখ্যাৰ মাজৰ ‘খালী ঠাইবোৰ’ পূৰণ কৰে আৰু বাস্তৱ সংখ্যা ৰেখাডালক ধাৰাবাহিকতা প্ৰদান কৰে। দাৰ্শনিকভাৱে, ই জ্ঞাত আৰু অজ্ঞাতৰ মাজৰ সীমাৰেখা। এই ধাৰণাটো মানৱীয় অভিজ্ঞতাৰ সৈতেও মিলে, য’ত নিশ্চয়তা আৰু ৰহস্য একেলগে থাকে। পোহৰ, শব্দ আৰু জীৱনৰ দৰেই অপৰিমেয় সংখ্যাবোৰেও আমাক এই বৈচিত্ৰক আঁকোৱালি ল’বলৈ শিকায়। অপৰিমেয় সংখ্যাৰ আৱিষ্কাৰে গাণিতিক চিন্তাধাৰাত এক বৈপ্লৱিক পৰিৱৰ্তন আনিছিল। ইয়াৰ ফলতেই আধুনিক গণিতৰ আধাৰস্বৰূপ ‘কলন গণিত’ (Calculus) আৰু ‘বাস্তৱ সংখ্যাৰ বিশ্লেষণ’ (Real Analysis)-ৰ জন্ম হৈছিল। বিজ্ঞানীসকলে অপৰিমেয় সংখ্যাৰ ওপৰত যথেষ্ট নিৰ্ভৰ কৰে। অপৰিমেয় সংখ্যাবোৰ পৰিমেয় সংখ্যাবিলাকৰ তুলনাত অধিক ঘণকৈ সংখ্যাৰেখাত পোৱা যায়৷ এইবোৰ সুনিৰ্দিষ্ট, অথচ সম্পূৰ্ণৰূপে ধৰিব নোৱাৰা। আমি ইয়াক ব্যৱহাৰ কৰিবলৈ যিমানখিনি বুজি পাওঁ সিমানখিনিয়েই যথেষ্ট, কিন্তু ইয়াক কেতিয়াও সম্পূৰ্ণৰূপে আয়ত্ত কৰিব নোৱাৰি। ভৱিষ্যতৰ পিনে চাই আমি ক’ব পাৰোঁ যে অপৰিমেয় সংখ্যাবোৰ হৈছে সেই অসীম সম্ভাৱনাৰ প্ৰতীক, যিয়ে আমাক বিশ্বব্ৰহ্মাণ্ডৰ গভীৰ ৰহস্যক জানিবলৈ, নিৰন্তৰ প্ৰশ্ন কৰিবলৈ আৰু আচৰিত হ’বলৈ শিকাই যাব।
প্ৰসংগ গ্ৰন্থ
Niven, I. (1956). Irrational Numbers. Mathematical Association of America. Carus Mathematical Monographs, No. 11. ISBN: 978-0-88385-038-1.
Havil, J. (2012). The Irrationals: A Story of the Numbers You Can’t Count On. Princeton University Press. ISBN: 978-0-691-14342-2.
Hardy, G. H., & Wright, E. M. (2008). An Introduction to the Theory of Numbers (6th ed.). Oxford University Press. (Original work published 1938). ISBN: 978-0-19-921986-5.
Weil, A. (2006). Number Theory: An Approach Through History from Hammurapi to Legendre. Birkhäuser. (Original work published 1984). ISBN: 978-0-8176-4571-7.
Baker, A. (1990). Transcendental Number Theory (2nd ed.). Cambridge University Press. (Original work published 1975). ISBN: 978-0-521-39791-9.


আলোচনা আৰু পাঠকৰ মতামত
0এই নিবন্ধৰ সন্দৰ্ভত আপোনাৰ চিন্তা, গঠনমূলক প্ৰশ্ন বা মতামত ব্যক্ত কৰক।