এই লেখাটো গণিতৰ অনন্য উপহাৰ অপৰিমেয় সংখ্যাবিলাক গ্ৰন্থখনৰ অংশ। সম্পূৰ্ণ গ্ৰন্থখন এটা পৃষ্ঠাত পঢ়ক।
← অধ্যায় ৩ · সূচীপত্ৰ · অধ্যায় ৫ →
ইতিমধ্যে আমি সংখ্যাৰ দশমিক বিস্তৃতি বা সম্প্ৰসাৰণৰ কথা কওঁতে দ্বিতীয় অধ্যায়ত ৫/২ আৰু ২২/৭ ৰ উদাহৰণ দিছিলোঁ৷ এই অধ্যায়ত পৰিমেয় আৰু অপৰিমেয় দুই ধৰণৰে সংখ্যাৰে দশমিক বিস্তৃতি বা সম্প্ৰসাৰণত থকা পাৰ্থক্যবিলাক বুজিবলৈ চেষ্টা কৰিম৷ আমি উল্লেখ কৰিছোঁ যে পৰিমেয় সংখ্যাবিলাকৰ দশমিক বিস্তৃতি বা সম্প্ৰসাৰণ সমাপ্ত অথবা পৌনপৌণিক হয়, অৰ্থাৎ দশমিকৰ পাছত সসীম সংখ্যক অশূণ্য অংক থাকে, যিবিলাকৰ অসীম সংখ্যক পুণৰাবৃত্তি থাকিব পাৰে৷ উদাহৰণস্বৰূপে, ৫/২ = ২.৫৷ ইয়াত দশমিকৰ পাছত এটা অশূণ্য অংক আছে৷ সি হ’ল ৫৷ এই ৫ ৰ পাছত আটাইবোৰ অংকই শূণ্য (অসীম সংখ্যক) বুলি ধৰা হয়৷ গতিকে ৫/২ ৰ দশমিক বিস্তৃতি সমাপ্ত৷ ঠিক সেইদৰে ২২/৭ = ৩.১৪২৮৫৭ ১৪২৮৫৭ ১৪২৮৫৭ ...৷ এইক্ষেত্ৰত ৭ ৰ পাছত আকৌ একেখিনি অংকৰে অসীম সংখ্যক বাৰ পুণৰাবৃত্তি ঘটিছে৷ গতিকে ২২/৭ ৰ দশমিক বিস্তৃতি পৌনপৌণিক৷ কোনো এটা পূৰ্ণ সংখ্যা যেনে ৫ ৰ দশমিক বিস্তৃতি কি? ৫ এটা পৰিমেয় সংখ্যা৷ কাৰণ ৫ = ৫/১ অৰ্থাৎ ই হ’ল দুটা পূৰ্ণসংখ্যাৰ অনুপাত, য’ত হৰটো এটা অশূণ্য সংখ্যা (৫ = a/b, a, b পূৰ্ণসংখ্যা আৰু b ≠ ০)৷ ৫ ৰ দশমিক বিস্তৃতি হ’ব: ৫= ৫.০৷ গতিকে এনে ধৰণৰ সংখ্যাবিলাক সমাপ্ত হয়৷ এই একেটা কথা কিন্তু অপৰিমেয় সংখ্যাবিলাকৰ ক্ষেত্ৰত প্ৰযোজ্য নহয়৷ ইয়াৰ পৰা আমি অনুমান কৰিব পাৰোঁ যে কোনো এটা সংখ্যা a/b, য’ত a, b পূৰ্ণসংখ্যা আৰু b ≠ ০ হিচাপে দেখুৱাব পাৰিলেহে তাৰ দশমিক বিস্তৃতিটো সমাপ্ত বা পৌণপৌনিক হ’ব৷ আৰু যদি নোৱাৰোঁ, তেতিয়া তাৰ দশমিক বিস্তৃতিটো অসমাপ্ত বা অপৌণপৌনিক হ’ব৷ গণিতত সদায় কোনো এটা সিদ্ধান্ত ল’বলৈ আমাক এটা প্ৰমাণ লাগে৷ প্ৰমাণবিহনে কোনো কথাকে গণিতত মানি লোৱা নহয়৷ ইতিমধ্যে পাইথাগোৰাছৰ কথা আমি কৈছোঁ৷ পাইথাগোৰাছৰ গণিত বিষয়ক সূত্ৰবিলাকৰ বিৰোধ কৰাটো প্ৰায় অকল্পনীয় আছিল৷ কিন্তু হিপাচাছে দেখুৱালে যে তেওঁৰ সূত্ৰতো ভূল আছিল, কাৰণ তেওঁ ভৱাৰ দৰে সংখ্যাবিলাক কেৱল পৰিমাপযোগ্য হ’ব নোৱাৰে৷ আৰু এই ভূল, হিপাচাছে গাণিতিক প্ৰমাণৰ জড়িয়তে প্ৰতিপণ্ণ কৰিলে৷ ঠিক সেইদৰে, কোনো এটা সংখ্যা a/b, য’ত a, b পূৰ্ণসংখ্যা আৰু b ≠ ০ হিচাপে দেখুৱাব পাৰিলেহেযে তাৰ দশমিক বিস্তৃতিটো সমাপ্ত বা পৌণপৌনিক হ’ব তাক প্ৰমাণ কৰি দেখুৱাবলৈ আমি যোগ-বিয়োগ-পূৰণ-হৰণ, এই বীজগণিতীয় দ্বিপদ ক্ৰিয়াবিলাকৰ প্ৰাৰম্ভিক ধাৰণাৰ বিষয়ে অৱগত হ’ব লাগিব৷
একেবাৰে প্ৰাৰ্থমিক বীজগণিতীয় ক্ৰিয়াটো হ’ল একক বৃদ্ধি৷ উদাহৰণস্বৰূপে ২ ৰ একক বৃদ্ধি বুলি ক’লে আমি বুজিম ২++ = ২ + ১ = ৩৷ এতিয়া ২ + ৩ ক আমি বুজোঁ: ২ ক ৩ বাৰ একক বৃদ্ধি৷ অৰ্থাৎ ((২++)++)++৷ প্ৰথমবাৰ একক বৃদ্ধি কৰোতে আমি ৩ (= ২++) পালোঁ৷ দ্বিতীয়বাৰ একক বৃদ্ধি কৰোতে আমি ৪ (= ৩++) পাম আৰু তৃতীয় বাৰ একক বৃদ্ধি কৰিলে আমি ৫ (৪++) পাওঁ৷ তাকে আমি যোগফলেৰে বুজাওঁ: ২ + ৩ = ৫৷ একেদৰে ২ × ৩ ৰ ধাৰণাটো আহিছে যোগফলৰ পৰা৷ ইয়াত আচলতে ২ ক ৩ বাৰ যোগ কৰা বুজায়৷ অৰ্থাৎ ২ × ৩ = ২ + ২ + ২ = ৬৷ ঠিক একে ধৰণেৰে একক হ্ৰাসৰ পৰা আমি বিয়োগ ক্ৰিয়াৰ ধাৰণাটো ল’ব পাৰোঁ৷ উদাহৰণস্বৰূপে ৬ ৰ একক হ্ৰাস মানে (৬-)- = ৫ ৷ গতিকে ৬ ৰ পৰা ৪ বিয়োগ কৰা মানে আমি ৬ ৰ পাৰ ৪ বাৰ একক হ্ৰাস কৰিছোঁ৷ অৰ্থাৎ ((((৬ −) −) −) −) = ২৷ এই ধাৰণাৰ ওপৰত ভিত্তি কৰি আমি হৰণ ক্ৰিয়াকো একক হ্ৰাসেৰে বুজাব পাৰোঁ৷ ৫/২ ৰ অৰ্থ হ’ল ৫ ৰ পৰা ২ ক কেইবাৰ বিয়োগ কৰিব পাৰি! আমি পাওঁ ৫ − ২ = ৩৷ তাৰ পাছত পুণৰ ৩ ৰ পৰা ২ বিয়োগ কৰিলে আমি পাম ১৷ যিহেতু ১ সংখ্যাটো ২ তকৈ সৰু, গতিকে ৫ ক ২ ৰে হৰণ কৰা মানে ৫ ৰ পৰা ২ দুবাৰ (২) বিয়োগ কৰিব পাৰি৷ আৰু এই হৰণ প্ৰক্ৰিয়াত ১ বাকী ৰৈ যায়৷ ইয়াত ২ ক ভাজক, ৫ ক ভাজ্য, বিয়োগ কৰিব পৰা ২ বাৰক ভাগফল আৰু ৰৈ যোৱা ১ ক ভাগশেষ বুলি কোৱা হয়৷ হৰণৰ এই প্ৰক্ৰিয়াকে আমি বিভাজন এলগৰিথম বুলি কওঁ৷ ইয়াৰ বিষয়ে আৰু ভালকৈ বুজিবলৈ আমি তলৰ উদাহৰণটো ল’ব পাৰোঁ৷
উদাহৰণ:
ধৰা হ’ল, মোৰ হাতত ১৭ টা মিঠাই আছে আৰু এইখিনি ৫ জন ল’ৰা-ছোৱালীক সমানে ভগাব লাগিব। মই কেনেকৈ ভাগ কৰিম?
(ক) প্ৰথমে প্ৰতিজনক এটা এটাকৈ দিম: ৫ জনক ৫টা মিঠাই দিলোঁ। বাকী থাকিল ১৭ − ৫ = ১২ টা।
(খ) আকৌ প্ৰতিজনক এটাকৈ দিম: ৫ টা দিলোঁ, বাকী থাকিল ৭ টা।
(গ) আকৌ দিলো: ৫ টা দিলোঁ, বাকী ২ টা।
এতিয়া মাত্ৰ ২টা মিঠাই বাকী থাকিল, কিন্তু মানুহ আছে ৫ জন। গতিকে আৰু সমানে ভগাব নোৱাৰি। যিমান ভগাব পাৰিছোঁ সিমানেই ভাগফল: প্ৰতিজনক ৩টা মিঠাই দিলোঁ (মুঠ ১৫টা ব্যৱহাৰ হ’ল)। আৰু ভাগশেষ হ’ল বাকী ২টা।
হৰণৰ এই বিভাজন এলগৰিদমত আমি মানিব লগা গুৰুত্বপূৰ্ণ নিয়মটো হ’ল: ভাগশেষ সদায় ভাজকতকৈ সৰু হব লাগিব (ইয়াত ৫ তকৈ সৰু: ০, ১, ২, ৩ বা ৪ হব পাৰে)।
দশমিক প্ৰসাৰণতো আমি এই একেই নিয়ম ব্যৱহাৰ কৰোঁ। যেতিয়া আমি ১৭/৫ কৰোঁ, ভাগফল ৩ আৰু ভাগশেষ ২। আমি তাকে লিখোঁ এনেদৰে ১৭/৫ = ৩ + ২/৫৷ আমি আগতে উল্লেখ কৰিছিলোঁ দশমিক পদ্ধতিৰ জড়িয়তে কেনেকৈ সংখ্যাৰ স্হানীয় মান নিৰ্ণয় কৰা হয়৷ উদাহৰণস্বৰূপে ৩৪৫ সংখ্যাটোকে লোৱা যাওক৷ ইয়াক দহৰ গুণিতকৰ বিস্তাৰ হি্চাপে এনেদৰে দেখুৱাওঁ: ৩৪৫ = ৩ × ১০² + ৪ × ১০¹ + ৫ × ১০⁰৷ ই এটা সমাপ্ত সংখ্যা৷ এতিয়া আমি ৩৪৫.৬৭৮ সংখ্যাটোলৈ যদি চাওঁ, একেধৰণেৰে আমি পাম: ৩৪৫.৬৭৮ = ৩ × ১০² + ৪ × ১০¹ + ৫ × ১০⁰ + ৬ × ১/১০¹ + ৭ × ১/১০² + ৮ × ১/১০³৷ ইও সমাপ্ত সংখ্যা৷ এতিয়া এটা পৌনপৌণিক সংখ্যা লোৱা যাওক : ৩৩৩.৩৩৩...৷ ইয়াক দহৰ গুণিতকৰ বিস্তাৰ হিচাপে আমি এনেদৰে দেখুৱাওঁ: ৩৩৩.৩৩৩... = ৩ × ১০² + ৩ × ১০¹ + ৩ × ১০⁰ + ৩ × ১/১০¹ + ৩ × ১/১০² + ৩ × ১/১০³ + ৩ × ১/১০⁴ + ... অৰ্থাৎ দশমিকৰ পাছৰ অংকবিলাকক ১/১০ ৰ গুণিতক হিচাপে আমি পাওঁ৷
পুণৰ ঘুৰি যাওঁ ১৭/৫ = ৩ + ২/৫ সংখ্যাটোৰ বিস্তৃতিলৈ৷ ইয়াত ভাগফল ৩ টো ১০⁰ ৰ গুণিতক (ভাগফল ৩৪ হোৱা হ’লে ৩ অংকটো ১০¹ ৰ গুণিতক হ’ল হেতেন আৰু ৪ অংকটো ১০⁰ ৰ গুণিতক হ’ল হেতেন৷ তাকে আমি লিখোঁ এনেদৰে: ৩৪ = ৩ × ১০² + ৪ × ১০⁰)৷ ২ ক ৫ ৰে হৰণ কৰাৰ অৰ্থ হ’ল ২ ৰ পৰা ৫ কেইবাৰ বিয়োগ কৰিব পৰা যায়, সেইয়া নিৰূপণ কৰা৷ কিন্তু বিভাজন এলগৰিথম অনুসৰি ২ সংখ্যাটো ৫ তকৈ সৰু হোৱা বাবে পোণপটিয়াকৈ বিয়োগ কৰিব নোৱাৰোঁ৷ কিন্ত তাক আমি এনেদৰে লিখিব পাৰিম ২/৫ = (২০/৫) × ১/১০৷ এইবাৰ ২০/৫ = ৪, কিন্তু ৪ সংখ্যাটো ১/১০ ৰহে গুণিতক হ’ব৷ গতিকে ১৭/৫ ক ১০ ৰ গুণিতকৰ বিস্তৃতিত প্ৰকাশ কৰিলে আমি পাম: ১৭/৫ = ৩.৪। তলত আমি বিভাজন এলগৰিথম ৰ গাণিতিক সংজ্ঞা দিছোঁ, যাৰ জড়িয়তে পৰিমেয় সংখ্যাবিলাকৰ দশমিক বিস্তাৰত যে কেৱল একেকিটা অংকৰেই পুণৰাবৃত্তি ঘটি থাকে বা সসীম সংখ্যক অংকতেই ই সমাপ্ত হয় তাক আমি বুজিব পাৰিম৷
বিভাজন এলগৰিথম
যিকোনো দুটা অখণ্ড সংখ্যা a (ভাজ্য) আৰু b (ভাজক, য’ত b > ০) ৰ বাবে, অদ্বিতীয়ভাৱে নিৰ্ধাৰণ কৰিব পৰা দুটা অখণ্ড সংখ্যা q (ভাগফল) আৰু r (ভাগশেষ) থাকে যাতে: a = b × q + r আৰু ০ ≤ r < b হয়৷
বিভাজন এলগৰিথমৰ গুৰুত্বপূৰ্ণ বৈশিষ্ট্য দুটা হ’ল (১) অদ্বিতীয়তা অৰ্থাৎ একে a আৰু b ৰ বাবে q আৰু r সদায় একে হয়। অৰ্থাৎ, q আৰু r ৰ মান একেটা হ’বই লাগিব। (২) ভাগশেষৰ সীমাবদ্ধতা: ভাগশেষ r সদায় ০ ৰ পৰা b − ১ ৰ ভিতৰত থাকে: r ∈ {০, ১, ২, …, b − ১}. আমি পৰিমেয় সংখ্যাৰ দশমিক বিস্তাৰৰ আলোচনালৈ পুণৰ উভটি যাওঁ৷ যিহেতু পৰিমেয় সংখ্যাবিলাক a/b ৰূপত প্ৰকাশ কৰিব পাৰি, য’ত b ≠ ০ আৰু a, b দুটা পূৰ্ণ সংখ্যা, গতিকে বিভাজন এলগৰিথমৰ জড়িয়তে আমি নিশ্চিত হ’ম যে সিহঁতৰ ভাগশেষ সদায় ০ ৰ পৰা b − ১ ৰ ভিতৰতে থাকিব৷ এই কাৰ্যকে দশমিক বিস্তাৰত প্ৰকাশ কৰিলে দুই ধৰণৰ সম্ভাৱনা দেখা পোৱা যাব৷ সমাপ্ত অৰ্থাৎ দশমিকৰ পাছত কোনো এক স্হানৰ পৰা অশূণ্য অংক নাথাকিব অথবা অংকবিলাকৰ ক’তো সমাপ্তি নহ’ব, অসীমলৈ বিস্তৃত হ’ব৷ কিন্তু বিভাজন এলগৰিথমৰ সূত্ৰ অনুসৰি এই অংকবিলাক কেৱল সদায় ০ ৰ পৰা b − ১ ৰ ভিতৰতে সীমাবদ্ধ থাকিব৷ পৌণপৌণিক হ’বনে নহয়, সেয়া জানিবলৈ আমি গণিতৰ একেবাৰে সাধাৰণযেন লগা কিন্তু অত্যন্ত গুৰুত্ত্বপূৰ্ণ এটা নীতি আমি আগতে জানিব লাগিব৷ ইয়াক কোৱা হয় পিজনহ’ল নীতি৷
পিজনহ’ল নীতি:
ইয়াত “পিজ’ন" হ’ল "কপৌ" চৰাই, আৰু “হ’ল" মানে “কুঠৰী" বা তাৰ থকা ঠাই। ধৰা হ’ল, ৪ টা কুঠৰী আছে (১নং, ২নং, ৩নং, ৪নং)। আৰু আছে ৫টা কপৌ। প্ৰতিটো কপৌক এটা কুঠৰীত সুমাব লাগিব। ইয়াৰ অৰ্থ কি? কি হ’ব যদি প্ৰতিটো কুঠৰীত মাত্ৰ এটা কৈ কপৌ ৰাখিবলৈ চেষ্টা কৰোঁ? ৪টা কুঠৰীত ৪টা কপৌ ৰাখিলে এটা কপৌ বাকী থাকে। সেইটোৱে যাবলৈ আন এটা কুঠৰী বিচাৰিব, কিন্তু সকলো কুঠৰীতে এটা কপৌ আগতেই আছে! গতিকে কমেও এটা কুঠৰীত দুটা কপৌ থাকিবলৈ বাধ্য। ইয়াকেই পিজনহ’ল নীতি বুলি কোৱা হয়৷ গাণিতিক ভাৱে ক’লে নীতিটোৰ বিষয়ে এনেকৈ ক’ব পাৰি:
“যদি n টা কপৌক m টা কুঠৰীত ৰাখিব লাগে আৰু n > m হয়, তেন্তে কমেও এটা কুঠৰীত এটাতকৈ বেছি কপৌ থাকিবই।”
প্ৰশ্ন হয় : এই নীতিক আমি কেনেকৈ দশমিক বিস্তৃতিত ব্যৱহাৰ কৰিম? ধৰা হওঁক, আমি ৫/৭ গণনা কৰিব খুজিছোঁ। যিহেতু ৫ সংখ্যাটো ৭ ত কৈ সৰু, ইয়াৰ দশমিক বিস্তৃতিত ই ১/১০ ৰ গুণিতক হিচাপেহে থাকিব৷ গতিকে এনে ধৰণেৰে আগ বাঢ়িব লাগিব: ৫/৭ = ১/১০ × (৫০/৭)৷ এতিয়া বিভাজন নীতি অনুসৰি ৫০ ক ৭ ৰে হৰণ কৰিলে ভাগফল ৭ আৰু ভাগশেষ ১ পাম৷ যিহেতু ১ সংখ্যাটো ৭ ত কৈ সৰু, বিভাজনৰ পাছত ৰৈ যোৱা ১/৭ টো আকৌ ১/১০ ৰ গুণিতক হিচাপেহে থাকিব৷ গতিকে ৫/৭ = ১/১০ × ৫০/৭ = ১/১০ × (৭ + ১/১০ × ১০/৭) = ১/১০ × (৭ + ১/১০ × (১ + ৩/৭)) = ১/১০ × (৭ + ১/১০ × (১ + (১/১০ × ৩০/৭))) ... এনেদৰে প্ৰক্ৰিয়াটো চলি থাকিব৷ আৰু অকনমান বিস্তৃত ৰূপত প্ৰকাশ কৰিলে আমি তলত দিয়া ধৰণেৰে লিখব পাৰিম৷
৫ ÷ ৭ → ভাগফল ০, ভাগশেষ ৫
৫০ ÷ ৭ → ভাগফল ৭, ভাগশেষ ১
১০ ÷ ৭ → ভাগফল ১, ভাগশেষ ৩
৩০ ÷ ৭ → ভাগফল ৪, ভাগশেষ ২
২০ ÷ ৭ → ভাগফল ২, ভাগশেষ ৬
৬০ ÷ ৭ → ভাগফল ৮, ভাগশেষ ৪
৪০ ÷ ৭ → ভাগফল ৫, ভাগশেষ ৫
এই প্ৰক্ৰিয়াটোত ১ ৰ পৰা ৬ লৈকে পোৱা ভাগশেষ ৬ টাৰ পাছত বিভাজন এলগৰিথম অনুসৰি ৭ নম্বৰ ভাগশেষটো আকৌ ১ ৰ পৰা ৬ ৰ ভিতৰতে থাকিবই লাগিব৷ অকনমান বিশদ ভাৱে ক’বলৈ হ’লে কথাটো এনেকুৱা: ৫ ক ৭ ৰে হৰণ কৰিলে আমাৰ বাবে ভাজক হয় ৭। গতিকে সম্ভাব্য ভাগশেষ হ’ব ০, ১, ২, ৩, ৪, ৫, ৬ (মুঠ ৭টা)। আমি ভাগশেষ ০ পালে তাতেই শেষ হ’লহেতেন। কিন্তু যদি কেতিয়াও ০ নাপাওঁ, তেন্তে অশূন্য ভাগশেষ হ’ব ১ৰ পৰা ৬লৈ (৬টা মান)। এতিয়া, ৭টা ধাপ লোৱাৰ পিছত আমি ৭টা ভাগশেষ পাম (০ নোহোৱাকৈ)। কিন্তু সম্ভাব্য অশূন্য ভাগশেষ মাত্ৰ ৬টা। গতিকে ঘটনাটো ৬টা কুঠৰীত ৭টা কপৌ ৰ দৰে হ’ল! গতিকে নিশ্চয় কমেও দুটা ভাগশেষ একে হ’ব। আকৌ বিভাজন এলগৰিথমে কয়: একে ভাগশেষৰ বাবে একে ভাগফল পাবই লাগিব৷ সেই অনুসৰি শেষৰ সমীকৰণটোত আমি ভাগশেষ ৫ আকৌ পালোঁ! য’ৰ পৰা আৰম্ভ কৰিছিলোঁ, সেই একে ভাগশেষ ৫ ওলাল। এতিয়া প্ৰক্ৰিয়াটো আকৌ আগৰ দৰেই ঘূৰিব: ৫, ১, ৩, ২, ৬, ৪, ৫, ১, ৩, ২, ৬, ৪, ৫...৷ গতিকে ৫/৭ ৰ দশমিক বিস্তৃতি লিখিলে এনে ধৰণৰ হ’ব:
৫/৭ = ০.৭১৪২৮৫ ৭১৪২৮৫ ...
অৰ্থাৎ, দশমিক অংকবোৰৰ পুনৰাবৃত্তি হবলৈ ধৰিব। এয়াই হৈছে পৰিমেয় সংখ্যাবোৰ পৌণপৌণিক হোৱাৰ কাহিনী। এই কথাটো ওলোটাকৈও খাটে৷ অৰ্থাৎ যিবোৰ সংখ্যাৰ দশমিক বিস্তৃতি সমাপ্ত বা পৌণপৌণিক হয় সিবিলাকেই কেৱল পৰিমেয় সংখ্যা হ’ব পাৰে৷ গণিতত এই ধৰণৰ সিদ্ধান্ত বিলাকক “প্ৰয়োজনীয়" আৰু “পৰ্যাপ্ত" বুলি কোৱা হয়৷ এই কথাটো একেবাৰে সহজে বুজিব পাৰি৷
ধৰা হ’ল, এটা সংখ্যাৰ দশমিক বিস্তৃতি সমাপ্ত, যেনে:
a = ০.৭৫
ইয়াক a/b ৰূপত লিখিব পাৰি:
০.৭৫ = ৭৫/১০০ = ৩/৪ ৷
ইয়াত ৩ আৰু ৪ পূৰ্ণসংখ্যা, গতিকে ০.৭৫ এটা পৰিমেয় সংখ্যা। সাধাৰণতে, যিকোনো সমাপ্ত দশমিক বিস্তৃতিৰ সংখ্যা x = 0.x₁x₂…xₙ ক আমি এনেদৰে প্ৰকাশ কৰিব পাৰোঁ:
x = 0.x₁x₂…xₙ
⟹ ১০ × x = x₁.x₂x₃…xₙ
⟹ ১০০ × x = x₁x₂.x₃…xₙ
⋮⋮⋮⋮⋮⋮
⟹ ১০ⁿ × x = x₁x₂x₃…xₙ
⟹ x = x₁x₂…xₙ/১০ⁿ
যিহেতু x₁x₂…xₙ/১০ⁿ সংখ্যাটো a/b ধৰণৰ, য’ত a, b পূৰ্ণ সংখ্যা আৰু b ≠ ০ , গতিকে x টো এটা পৰিমেয় সংখ্যা।
এইবাৰ আমি পৌনপুনিক দশমিকৰ এটা সংখ্যা লওঁ৷ ধৰা হ’ল, এটা সংখ্যাৰ দশমিক প্ৰসাৰণ পৌনপুনিক, যেনে:
b = ০.(৩) = ০.৩৩৩…
ইয়াক ভগ্নাংশলৈ ৰূপান্তৰ কেনেকৈ কৰিব পাৰিম? ধৰা হ’ল,
x = ০.৩৩৩…
তেতিয়া
১০ x = ৩.৩৩৩…
এতিয়া, ১০x − x = ৩.৩৩৩… − ০.৩৩৩… ⟹ ৯x = ৩৷ তাৰ পৰা আমি পাম x = ৩/৯ = ১/৩৷
গতিকে, ০.(৩) = ১/৩, যাৰ পৰা প্ৰতিপন্ন হয় যে ই পৰিমেয় সংখ্যা।
আন এটা উদাহৰণ: ধৰা হ’ল y = ০.(১২) = 0.১২১২১২…৷ তেন্তে, ১০০ y = ১২.১২১২১২… ৷ ইয়াৰ পৰা আমি পাম ১০০ y − y = ১২ ৷ ই আমাক দিব: ৯৯ y = ১২৷ শেষত আমি পামগৈ y = ১২/৯৯ = ৪/৩৩৷ এই উদাহৰণ দুটাৰ পৰা আমি বুজি পালো যে সাধাৰণতে, যিকোনো পৌনপুণিক দশমিকক এনে ধৰণৰ বীজগণিতীয় পদ্ধতিৰে a/b ৰূপলৈ আনিব পাৰি। সাধাৰণ ভাৱে বুজাব খুজিলে আমি ধৰি লওঁ এনেদৰে:
ধৰা হ’ল x = a₁a₂a₃…aₙ a₁a₂…aₙ …. ইয়াত n টা অংক a₁a₂…aₙ বাৰে বাৰে আবৃত হৈছে৷ গতিকে x ক ১০ⁿ ৰে পূৰণ কৰিলে আমি পাওঁ:
১০ⁿ × x = (a₁a₂…aₙ).a₁a₂…aₙ a₁a₂…aₙ …
⟹ (১০ⁿ − ১)x = a₁a₂…aₙ
⟹ x = a₁a₂…aₙ/(১০ⁿ − ১)৷
গতিকে x এটা পৰিমেয় সংখ্যা৷
এই কথা অপৰিমেয় সংখ্যাত কিয় নাখাটে? কাৰণ অপৰিমেয় সংখ্যা (যেনে √২) ক a/b ৰূপত লিখিবই নোৱাৰি। গতিকে ইয়াত ভাজক b নাই।
এতিয়া এটা আমি সম্পৰীক্ষা কৰোঁহক৷ ধৰাহ’ল ১ ৰ পৰা ৬ লৈ ৬ টা সংখ্যা আমাৰ হাতত আছে৷ প্ৰতিটো সংখ্যাকে একোখন কাগজত লিখি সানমিহলি কৰি ৰখা হ’ল৷ এতিয়া কোনোবা এজনক সংখ্যাবিলাকলৈ নোচোৱাকৈ সংখ্যা থকা এখন কাগজ টানিবলৈ দিয়া হ’ল৷ ধৰা হ’ল সংখ্যাটো ২৷ আন এখন উকা কাগজত দশমিক চিহ্নৰ পাছত এনেকৈ লিখি ৰখা হ’ল: ০.২৷ ২ লিখা কাগজখন আকৌ আগৰ ঠাইত ৰাখি এইবাৰ আকৌ সংখ্যাবিলাকলৈ নোচোৱাকৈ এটা সংখ্যা টানিবলৈ কোৱা হ’ল৷ ধৰা হ’ল সংখ্যাটো ৫৷ কাগজত দশমিক চিহ্নৰ পাছত এনেকৈ লিখা হ’ল: ০.২৫৷ এই প্ৰক্ৰিয়াটো এনেদৰে আগবঢ়াই নিলে কি পাম? ১ ৰ পৰা ৬ লৈ ৬ টা সংখ্যা বাৰে বাৰে ব্যৱহাৰ কৰি আমি ০.২৫*********... ধৰণৰ এক অসীম অনুক্ৰম পাম৷ ই এটা সংখ্যা হ’বনে? যদি সংখ্যা হয় তেন্তে তাৰ দশমিক বিস্তাৰটো পৌণপৌণিক হ’বনে অপৌণপৌণিক আৰু অসমাপ্ত হ’ব? অৰ্থাৎ ই যদি এটা সংখ্যা হয়, তেন্তে ই পৰিমেয় নে অপৰিমেয় সংখ্যা হ’ব? আকৰ্ষণীয় কথাটো হৈছে যে ই পৰিমেয় সংখ্যা হোৱাৰ সম্ভাৱণা একেবাৰে নাই বুলি ধৰা হয়৷ এইদৰে আমি অগণন অপৰিমেয় সংখ্যা বিচাৰি উলিয়াব পাৰোঁ৷ এনেধৰণৰ অধ্যয়ণৰ পৰাই বাস্তৱ বিশ্লেষণ নামৰ গণিতৰ এক উচ্চপৰ্যায়ৰ শাখাৰ বিকাশ ঘটিছিল যি আজিৰ তাৰিখত তাত্ত্বিক বা প্ৰয়োগিক উভয় দিশতে এক অপৰিহায্য আহিলা হিচাপে চিহ্নিত হৈছে৷


আলোচনা আৰু পাঠকৰ মতামত
0এই নিবন্ধৰ সন্দৰ্ভত আপোনাৰ চিন্তা, গঠনমূলক প্ৰশ্ন বা মতামত ব্যক্ত কৰক।