অসমীয়া••21 মিনিট পঢ়া

গণিতৰ অনন্য উপহাৰ অপৰিমেয় সংখ্যাবিলাক : অধ্যায় ২ : সংখ্যাবিলাক আমাৰ মাজলৈ কেনেকৈ আহিল?

এই লেখাটো গণিতৰ অনন্য উপহাৰ অপৰিমেয় সংখ্যাবিলাক গ্ৰন্থখনৰ অংশ।

Prof. Surajit Borkotokey
Prof. Surajit Borkotokey

Professor of Mathematics • Dibrugarh University


এই লেখাটো গণিতৰ অনন্য উপহাৰ অপৰিমেয় সংখ্যাবিলাক গ্ৰন্থখনৰ অংশ। সম্পূৰ্ণ গ্ৰন্থখন এটা পৃষ্ঠাত পঢ়ক।


← অধ্যায় ১  ·  সূচীপত্ৰ  ·  অধ্যায় ৩ →




বিজ্ঞানী সকলে সংখ্যা বিলাককেই এই বিশ্ব-ব্ৰহ্মাণ্ডৰ বিভিন্ন কাৰ্য-প্ৰণালীৰ মূল মাধ্যম ৰূপে স্বীকৃতি দিয়ে৷ প্ৰখ্যাত গ্ৰীক দাৰ্শনিক প্লেটোৰ ঘৰৰ সন্মুখত লিখা আছিল যে যি ব্যক্তিয়ে সংখ্যাৰ বিষয়ে একো নাজানে, তেওঁক প্ৰৱেশৰ অনুমতি দিয়া নহয়৷ গ্ৰীক গণিতজ্ঞ পাইথাগোৰাছ আৰু তেওঁৰ শিষ্য বিলাকে বিশ্বাস কৰিছিল যে এই পৃথিৱীত যদি কিবা সত্য আছে সেইয়া হ’ল এই সংখ্যা বিলাক৷ তাত বাদে বাকী সকলো বিভ্ৰান্তি (Illusion)৷ গতিকে দেখা যায় যে সংখ্যা বিলাকক লৈ অতীজৰে পৰাই দাৰ্শনিক তথা বিজ্ঞানী সকল জোখতকৈ বেছি সংবেদনশীল হৈ আহিছে৷ অৱশ্যে হোৱাটোও স্বাভাৱিক৷ এই সংখ্যা বিলাকৰ জড়িয়তে আমাৰ চৌপাশৰ প্ৰতিটো পৰিঘটনাকে আমি বিশ্লেষণ কৰিব পাৰোঁ, সি লাগে ৰামধেনুৰ ধেনুভিৰীয়া ভাজটোৱেই হওঁক অথবা চৰাই এটা ছোঁ মাৰি আহি পানীত পৰোতে হোৱা সেই নয়নাভিৰাম দৃশ্যই হওঁক৷ সাধাৰণতে আমি সংখ্যা বিলাকক ব্যৱহাৰ কৰোঁ গণনা কৰিবলৈ, বা সময়ৰ নিৰ্দেশনা দিবলৈ, দুৰত্ব নিৰূপণ কৰিবলৈ, নতুবা টকা-পইচাৰ হিচাপ কৰিবলৈ৷ কিছু উচ্চ পৰ্যায়ত, আমি সংখ্যা ৰ ব্যৱহাৰ দেখা পাওঁ বৈজ্ঞানিক তথা প্ৰযুক্তিগত কাম কাজ বিলাকত, সমাজ বিজ্ঞানৰ ঘটনা-পৰিঘটনা বিলাকৰ বিশ্লেষণত৷ কিন্তু এই গতানুগতিক আৰু সাধাৰণ ভাৱে প্ৰায়োগিক কাম বোৰৰ উপৰিও সংখ্যা বিলাকৰ পিঠিত উঠি আমি গুছি যাব পাৰোঁ আন এখন জগতলৈ: সেইখন হ’ল সংখ্যা ৰ ৰহস্যময় জগত৷ সংখ্যা ই ইয়াত কথা পাতে, সংখ্যা ই ইয়াত সুন্দৰ সুন্দৰ সাঁচ লয়, সংখ্যা ৰ লগত ইয়াত খেলিব পাৰি আৰু বহু কিবা কিবি কৰিব পাৰি৷

আমি পঢ়ুৱৈ সকলক লৈ যাব বিচাৰিছোঁ সংখ্যা ৰ সেই মনোৰম পৃথিৱী খনলৈ আৰু দেখুৱাব খুজিছোঁ এক বিশেষধৰণৰ সংখ্যা ৰ কাৰচাজি! এই বিশেষ ধৰণৰ সংখ্যা বিলাকক অপৰিমেয় সংখ্যা  বুলি কোৱা হয়৷ এই সংখ্যা বিলাকে আমাক অসীমৰ বিষয়ে ধাৰণা দিয়ে৷ এই সংখ্যাবিলাকৰ ব্যৱহাৰ যদিও বিভিন্ন বিষয়ত দেখা যায়, ইবিলাকৰ নিজা বৈশিষ্ট্য বিলাকো ব্যৱহাৰিক দিশৰ সমানেই আকৰ্ষণীয়৷


সংখ্যাৰ আৰম্ভনি


চাৰি হাজাৰ বছৰৰো আগেয়েই সংখ্যা ৰ আৰম্ভ হৈছিল বুলি গৱেষণাত প্ৰকাশ পাইছে৷ আৰম্ভনিৰ পৰ্যায়ৰ পৰা খ্ৰীষ্টপূৰ্ব কিছু শতিকালৈকে অৱশ্যে সিবিলাকৰ ব্যৱহাৰ সীমাবদ্ধ আছিল প্ৰথমে বস্তুৰ গণনা কৰিবলৈ আৰু তাৰ পাছত জোখ মাখ তথা আন আন হিচাপ কৰিবলৈ৷ ভাৰতীয় দশমিক পদ্ধতিৰ ব্যৱহাৰ আৰৱ দেশৰ মাজেৰে গৈ ইউৰোপত আৰম্ভ হোৱাৰ পাছত হে সংখ্যাপদ্ধতিৰ মাজত বৰ্তমানে বিচাৰি পোৱা তথা বিচাৰি পাই আলোড়িত এক বিমুৰ্ত ধাৰণাৰ বিকাশ হ’ল৷ সংখ্যা ৰ এই উত্থানত সম্পদৰ হিচাপ, বাণিজ্য, সময়ৰ হিচাপ আদি বিভিন্ন কাৰ্যৰ বস্তুনিষ্ঠ বিশ্লেষণ সম্ভৱপৰ হৈ উঠিল৷ ইয়াৰ লগতে শূণ্যৰ আৱিস্কাৰ, দশমিক পদ্ধতিৰ বিস্তাৰ, তথা সংখ্যা ৰ স্হানীয় মান আদিৰ জড়িয়তে ন ন দিশ মুকলি হ’ল৷ অতীজত মানুহে যেতিয়া জীৱ জন্তু এৰাল দিছিল তেতিয়াই বাৰংবাৰতা পদ্ধতিৰ আৱিস্কাৰ হোৱা যেন লাগে৷ কাৰণ, মানুহে গণনা কৰিব নাজানিলেও ঘৰৰ পৰা ওলাই যোৱা প্ৰতিটো জন্তুৰ বিপৰীতে শিলত এডাল আৰু জন্তুটোৰ গাত একোডাল আঁক মাৰি হিচাপ ৰাখিছিল৷ গধূলি ঘৰলৈ ঘুৰি অহাৰ পাছত সেই আঁকডালৰ বিপৰীতে জন্তুটোৰ পিঠিৰ দাঁগবোৰ পৰ্যবেক্ষণ কৰিলেই আটাইবিলাক জন্তু উভটি আহিলনে নাই তাক গম পোৱা যায়৷ এইয়াই আজিৰ বাৰংবাৰতা পদ্ধতি৷ আমাজন অৱবাহিকাত আজিও কিছুসংখ্যক লোক আছে, যি এক আৰু দুইক বাদ দি আন গণনা কৰিব নোৱাৰে৷ তেওঁলোকৰ বাবে দুইতকৈ ডাঙৰ হ’লেই সি বহুতৰ শাৰীত পৰে৷ আৰম্ভনিৰ এই সংখ্যাবিলাকৰ উৎপত্তি হৈছিল কোনো বস্তুৰ একক হিচাপে৷ যেনে, আমি যে কওঁ: এটা কমলা, পাচটা কমলা; এটা হাতী, ছয়টা হাতী ইত্যাদি, ইয়াত এক, পাচ, ছয় ইত্যাদি সংখ্যা বিলাক আছিল বিমূৰ্ত৷ পাচ (৫) টা এক (১) যদি আমি একেলগ কৰোঁ তেতিয়া পাচ (৫) পাম৷ ইয়াকে আমি ১+১+১+১+১=৫ ৰে বুজাওঁ৷ পৰৱৰ্ত্তী সময়ত এই একেটা কথাকে আমি পূৰণেৰে বুজাব পৰা হ’লো, যেনে “এক"ক পাচেৰে (৫) পূৰণ কৰি পাচ পাম বা “এক"ক (১) ছয় (৬) ৰে পূৰণ কৰি ছয় (৬) পাওঁ৷ অৰ্থাৎ, আৰম্ভনিৰ সংখ্যাবিলাক আছিল ১ বিলাকৰ যোগফল বা ১ বিলাকৰ পূৰণফল৷ তাৰ পাছত মানুহে ১, ২, ৩... সংখ্যাবিলাক এনেকৈ গণনা কৰিবলৈ শিকিলে৷ লগে লগে এনেদৰে গণনা কৰিব পৰা নতুন নতুন সংখ্যা ৰো উৎপত্তি হ’ল৷ এই বিলাককে পৰবৰ্ত্তী পৰ্যায়ত স্বাভাবিক সংখ্যা  বুলি নামকৰণ কৰা হ’ল৷ শূণ্যৰ ক্ৰমবিকাশ হ’ল৷ লাভ-লোকচানৰ হিচাপ কৰিবলৈ ঋণাত্মক সংখ্যা বিলাকৰ (−১, −২, −৩, ⋯) প্ৰয়োজন হ’ল৷ ধনাত্মক আৰু ঋণাত্মক সংখ্যা বিলাকক একেলগে পূৰ্ণ সংখ্যা বুলি সংজ্ঞাবদ্ধ কৰা হ’ল৷ আগতে কোৱাৰ দৰে, এই ধনাত্মক আৰু ঋণাত্মক সংখ্যাবিলাক ১ বা -১ ৰ গুণিতক, অৰ্থাৎ, ৫ মানে: ৫ টা ১, ১৬ মানে ১৬ টা ১ অথবা, -৭ মানে ৭ টা -১ ইত্যাদি৷ ইয়াকে আমি ৫ = ৫/১ বা ১৬ = ১৬/১ বুলি লিখিব পাৰিম৷ অৰ্থাৎ ৫ সংখ্যাটো আচলতে ১ এককৰ ৫ টা ভাগৰ সমস্টি৷ একে দৰ্শনেৰে, এইবাৰ ৫ ক একক হিচাপে ল’লে আমি কি পাম? যেনে ১৬ সংখ্যাটো ৫ এককৰ কেইটা ভাগৰ সমস্টি হ’ব? তাকে তেতিয়া আমি ১৬/৫ ৰ জড়িয়তে বুজাওঁ৷ ইহতক ভগ্নাংশ বুলি কোৱা হয়৷ এই আটাইবিলাক সংখ্যাকে একেলগে আমি পৰিমেয় সংখ্যা বুলি কওঁ৷ এইদৰেই পৰিমেয় সংখ্যা বিলাকৰ আগমণ ঘটিল৷ এতিয়া, পুৰণি বিভিন্ন সভ্যতাত কিদৰে সংখ্যা পদ্ধতিৰ ক্ৰমবিকাশ হৈছিল তাক থোৰতে অকনমান আলোচনা কৰি লওঁহক৷


সংখ্যাপদ্ধতিৰ ক্ৰমবিকাশ


বিশ্বৰ বিভিন্ন প্ৰান্তত হোৱা গণিতৰ ক্ৰমবিকাশৰ কাহিনী ৰোমাঞ্চকৰ৷ ভাবিলে আচৰিত লাগে, ৩০০০-৪০০০ বছৰৰ আগেয়েই কেনেকৈ মানুহে সংখ্যা ৰ বিষয়ে ধাৰণা কৰিছিল, শূণ্যৰ কথা জানিছিল, বা সংখ্যা ৰ জড়িয়তে গ্ৰহ নক্ষত্ৰৰ কক্ষপথ ঠাৱৰ কৰিছিল৷ কেইটামান বিশেষ সভ্যতা, য’ত সংখ্যা ৰ বা বহল ৰূপত গণিতৰ বিশেষ চৰ্চা হৈছিল, সেইকেইটা আছিল এনেধৰণৰ:



  • মেছ’পটেমীয় সভ্যতা: খ্ৰীষ্টপূৰ্ব ৩৫০০ মানৰ আশে পাশে এই সভ্যতাৰ বিস্তাৰ হৈছিল৷ এই সভ্যতাৰ মানুহে এক, দহ, ষাঠি আদি সংখ্যাৰ সংকেত প্ৰৱৰ্ত্তন কৰে৷ সংখ্যা ৰ বিমূৰ্ত্ত ধাৰণাৰ আৰম্ভনি এই সভ্যতাতেই হৈছিল বুলি গম পোৱা যায়৷ মেছ’পটেমিয়াৰ সংখ্যা তত্ত্বত প্ৰথম অৱস্থাত শূন্যৰ বাবে চিহ্নৰ অভাৱ আছিল, যাৰ ফলত কিছু অসুবিধা হৈছিল৷ পিছলৈ শূণ্যৰ বাবে এটা স্হানৰ (place holder) বিকাশ ঘটিছিল। মেছ’পটেমিয়াৰ গণিতজ্ঞসকলে বৰ্গ, ঘনক আৰু ইয়াৰ পাৰস্পৰিক সম্পৰ্কৰ বিস্তৃত টেবুল তৈয়াৰ কৰি আধুনিক বীজগণিতীয় আৰু জ্যামিতিক ধাৰণাসমূহৰ ভিত্তি স্থাপন কৰিছিল আৰু সময় নিৰ্ধাৰণ আৰু কোণ জোখাৰ দৰে ক্ষেত্ৰসমূহত তাক ব্যবহাৰ কৰিছিল।


  • বেবিলনীয় সভ্যতা: খ্ৰীষ্টপূৰ্ব 2০০০ মানৰ পৰা খ্ৰীষ্টপূৰ্ব ৪০০ মানলৈকে বিস্তাৰিত এই সভ্যতাত ষষ্ঠিক পদ্ধতিৰ আৱিস্কাৰ হোৱা বুলি জনা যায়৷ এই পদ্ধতিৰে তেওঁলোকে সংখ্যা ৰ স্হানীয় মান নিৰূপণ কৰিছিল বুলি গৱেষক সকলে ঠাৱৰ কৰিছে৷ বেবিলনৰ সভ্যতাই ষষ্ঠিক পদ্ধতিৰ (ভিত্তি বা আধাৰ-৬০) জড়িয়তে স্থান-মূল্যৰ ব্যৱস্থা সৃষ্টি কৰি সংখ্যাতত্ত্বক আগুৱাই লৈ গৈছিল। তেওঁলোকে গণনাৰ বাবে টেবুল ব্যৱহাৰ কৰিছিল৷ আনকি তেওঁলোকে দ্বিঘাত আৰু কিছুমান ত্ৰিঘাট সমীকৰণ সমাধান কৰাৰ উপৰিও গাণিতিক, বীজগণিতীয় আৰু জ্যামিতিৰ পদ্ধতিও উদ্ভাৱন কৰিছিল। যদিও তেওঁলোকে শূন্যৰ ধৰ্মবিলাকৰ বিষয়ে সবিশেষ আয়ত্ব কৰিব পৰা নাছিল, ভগ্নাংশ আৰু স্থান মূল্যৰ বিষয়ে তেওঁলোকৰ জ্ঞানে উল্লেখযোগ্য গাণিতিক অগ্ৰগতি লাভ কৰিবলৈ সক্ষম হৈছিল৷ আধুনিক সময় আৰু কোণৰ জোখ মাখৰ ধাৰণাসমূহক এইবিলাকে প্ৰভাৱিত কৰিছিল।


  • মায়া সভ্যতা: মায়াসভ্যতা সুপৰিকল্পিত চহৰ-ৰাজ্যৰ ব্যৱস্হাপনা, উন্নত লেখন পদ্ধতি, কেলেণ্ডাৰ আৰু গণিতৰ উচ্চ পৰ্যায়ৰ ব্যৱহাৰৰ বাবে পৰিচিত। তেওঁলোকৰ প্ৰভাৱ আধুনিক যুগৰ দক্ষিণ-পূব মেক্সিকো, গুৱেটামালা, বেলিজ আৰু হণ্ডুৰাছ আৰু এল ছালভাডৰৰ কিছু অংশত বিয়পি পৰিছিল। আমেৰিকা মহাদেশত মায়া সভ্যতা কেইবা সহস্ৰাব্দলৈকে বিদ্যমান আছিল৷ এই সভ্যতা প্ৰায় ২০০০ খ্ৰীষ্টপূৰ্ব ৰ পৰা ষোড়শ শতিকাৰ স্পেনিছ বিজয়লৈকে বিস্তাৰিত আছিল৷ মায়া সভ্যতাত ব্যৱহাৰ হোৱা সংখ্যা ব্যৱস্থাটো ২০-ভিত্তিৰ এটা স্থান-মূল্য ব্যৱস্থা আছিল য’ত তিনিটা মূল চিহ্ন ব্যৱহাৰ কৰা হৈছিল। এই সভ্যতাত শূণ্যৰ ব্যৱহাৰৰ কথা গম পোৱা যায়৷


  • হিন্দু সভ্যতা: হিন্দু সভ্যতাৰ যুগ বিতৰ্কৰ বিষয়, পশ্চিমীয়া পণ্ডিতসকলৰ মতে ইয়াৰ উৎপত্তি সিন্ধু উপত্যকাৰ সভ্যতাৰ ঠিক পিছতে অৰ্থাৎ খ্ৰীষ্টপূৰ্ব ১৫০০ চনৰ আশে-পাশে হোৱা বুলি ধৰা হয়৷ এই যুগটোকে বৈদিক যুগ বুলি কোৱা হয়। কিন্তু বহু গৱেষকে বেদত জ্যোতিৰ্বিজ্ঞানৰ প্ৰমাণ, সৰস্বতী নদীৰ উল্লেখ, ইযাৰ পূৰ্ববৰ্ত্তী দ্ৰাবিড় সভ্যতাৰ হৰপ্পা আৰু মহেঞ্জোদাৰো আদি স্থানৰ প্ৰত্নতাত্ত্বিক তথ্যৰ ভিত্তিত এই সভ্যতাৰ উৎপত্তি তাতোকৈও আগৰ বুলি ধাৰণা কৰিছে৷ এই সিদ্ধান্ত বোৰৰ পৰা এই সভ্যতা ২০০০ বছৰৰো আগৰ বুলি অনুমান কৰিব পাৰি। ০, ১, ২, ৩, ৪, ৫, ৬, ৭, ৮, আৰু ৯ এই দহটা চিহ্ন ব্যৱহাৰ কৰি সৃষ্টি হোৱা হিন্দু সংখ্যা ব্যৱস্থাটোকেই পৰৱৰ্ত্তী পৰ্যায়ত সমগ্ৰ বিশ্বই গ্ৰহণ কৰিলে। প্ৰথম আৰু চতুৰ্থ শতিকাৰ ভিতৰত ভাৰতত উদ্ভাৱন হোৱা এই ব্যৱস্থাটো হৈছে দশমিক (ভিত্তি-দহ) স্থান-মূল্য ব্যৱস্থা য’ত একো একোটা সংখ্যাত থকা অংক বিলাকৰ অৱস্থানে ইয়াৰ মূল্য নিৰ্ধাৰণ কৰে অৰ্থাৎ সেই অংকবিলাকৰ স্হান নিৰূপণ কৰে। যেনে, আমি সংখ্যা এটাত একক ৰ ঘৰ, দহক ৰ ঘৰ, শতক ৰ ঘৰৰ অংকবিলাকৰ ভিন ভিন মান জানিব পাৰোঁ৷ উদাহৰণস্বৰূপে, ৩৪২ = ৩০০ + ৪০ + ২ ত ‘৩’ ৰ মান ৩০০ অৰ্থাৎ অংক “৩" ক, শতকৰ ঘৰত থকাটো বুজায়, আনহাতে ৪৩২ ত ইয়াৰ মান ৩০ অৰ্থাৎ ই, দহকৰ ঘৰত থাকে, ইত্যাদি ইত্যাদি। ভাৰতত উৎপত্তি হোৱাৰ পিছত আৰবী সভ্যতালৈ সংখ্যাৰ ধাৰণা বিস্তাৰিত হয় আৰু পিছলৈ ইউৰোপত ইয়াৰ প্ৰচলন হয়, যাৰ ফলত ইয়াৰ নাম হ’ল হিন্দু-আৰবী সংখ্যা ব্যৱস্থা। এই পদ্ধতিৰ মূল বৈশিষ্ট্য সমুহ আছিল: (১) অৱস্থান ব্যৱস্থা: এটা সংখ্যাৰ মান সংখ্যাটোৰ ভিতৰত ইয়াৰ অৱস্থানৰ ওপৰত নিৰ্ভৰ কৰে। এই বিষয়ে ওপৰত আমি উদাহৰণ দিছোঁ৷ (২) ভিত্তি-দহ (দশমিক): বিস্তাৰ বিলাকত স্থান মানৰ বাবে দহৰ গুণিতক ব্যৱহাৰ হয়। অৰ্থাৎ ওপৰত উল্লিখিত উদাহৰণটোতে যদি চাওঁ, ৩৪২ = ৩০০ + ৪০ + ২ ক আমি এনেদৰেও প্ৰকাশ কৰিব পাৰোঁ : ৩৪২ = ৩০০ + ৪০ + ২ = ৩ × ১০² + ৪ × ১০¹ + ২ × ১০⁰৷ এই পদ্ধতি বা ব্যৱস্হাক সেইয়ে দশমিক পদ্ধতি বা ব্যৱস্হা বোলা হয় আৰু ১০ ক পদ্ধতিটোৰ ভিত্তি বা আধাৰ বুলি কোৱা হয়৷ [১] (৩) শূন্য চিহ্ন: শূন্য চিহ্নৰ আৱিষ্কাৰ ব্যৱস্থাটোৰ বাবে অতি গুৰুত্বপূৰ্ণ আছিল, যাৰ ফলত স্থানৰ মান নোহোৱা হোৱা সংখ্যাবোৰ সহজে প্ৰকাশ কৰিব পৰা গৈছিল। আজি এই ব্যৱস্হা নথকা হ’লে সংখ্যাবিলাক, বিশেষকৈ ডাঙৰ সংখ্যাবিলাক আৰু সিহতকলৈ কৰা ডাঙৰ ডাঙৰ গণনা বিলাক কৰাটো সম্ভৱ নহ’ল হেতেন৷ ইয়াৰ উপৰিও হিন্দু সংখ্যা পদ্ধতিৰ অৱস্থান ভিত্তিক ধৰ্ম আৰু শূন্যৰ অন্তৰ্ভুক্তিয়ে বীজগণিতকে ধৰি গণিতৰ আন আন শাখাৰো উন্নতিৰ পথ প্ৰশস্ত কৰিছিল।



পৰিমেয় সংখ্যা


ইতিমধ্যে উল্লিখিত সভ্যতা বিলাক বা তাৰপাছৰ পৰ্যায়ত অৰ্থাৎ সংখ্যা বিলাকৰ প্ৰচলনৰো বহুশতিকাৰ পাছলৈকে মানুহে বিশ্বাস কৰিছিল যে ০, ১, −১, ২, −২, ⋯ আৰু সিবিলাকৰ পৰা লিখিব পৰা ডাঙৰ ডাঙৰ বা সৰু সৰু (ঋণাত্মক সংখ্যাৰ ক্ষেত্ৰত) সংখ্যা বিলাক নাইবা ভগ্নাংশ বিলাকেই আমাৰ বাবে যথেষ্ট৷ সাধাৰণ যোগ-বিয়োগ, পূৰণ-হৰণ কৰিবৰ বাবে সিবিলাক জানিলেই হৈ যায়৷ এই ধৰণৰ আটাইবোৰ সংখ্যা কে পৰিমেয় সংখ্যা বুলি কোৱা হয়৷ গণিতৰ ভাষাত, যিকোনো এটা সংখ্যা ক যদি a/b ৰূপত প্ৰকাশ কৰিব পাৰি, য’ত a, b দুটা পূৰ্ণ সংখ্যা, আৰু b ≠ 0, তেনে সংখ্যাক পৰিমেয় সংখ্যা বুলি কোৱা হয়৷ পৰিমেয় সংখ্যা বিলাকক গ্ৰীক সকলে জ্যামিতীৰ সহায়ত বুজিবলৈ চেষ্টা কৰিছিল৷ সেই কাৰণে, তেওঁলোকৰ বাবে পৰিমেয় আৰু পৰিমাপযোগ্য সংখ্যাৰ সংজ্ঞা একে আছিল৷ কাৰণ, কোনো এটা সংখ্যা a/b ৰূপত প্ৰকাশ কৰিব পৰা মানে, আমি এনে এটা c (একক) পাম, য’ত c ≤ a, আৰু c ≤ b, আৰু c ৰ এটা গুণিতক a আৰু আনটো গুণিতক b হ’ব৷

পৰিমেয় সংখ্যা বিলাকক সিঁহতৰ দশমিক সম্প্ৰসাৰণ(বিস্তাৰ বা বিস্তৃতি)ৰ জড়িয়তেও আমি সংজ্ঞাবদ্ধ কৰিব পাৰোঁ৷ উদাহৰণস্বৰূপে, ৫/২ এটা পৰিমেয় সংখ্যা৷ ইয়াৰ দশমিক সম্প্ৰসাৰণটো হ’ব: ২.৫ = ২ + ৫/১০ + ০/১০² + ০/১০³ + ⋯৷ ইয়াত ১/১০ ৰ ২ বা তাতোকৈ ডাঙৰ ঘাটৰ অংক বোৰৰ সহক বিলাক আটাইবোৰ ০৷ এনে সংখ্যাক অপৌণপৌণিক আৰু সমাপ্ত (non recurring and terminating) সংখ্যা বোলা হয়৷ এইবাৰ চাওঁ ২২/৭ সংখ্যাটো৷ ইয়াৰ দশমিক সম্প্ৰসাৰণটো হ’ব:

২২/৭ = ৩.১৪২৮৫৭ ১৪২৮৫৭ ১৪২৮৫৭ ⋯

= ৩ + ১/১০ + ৪/১০¹ + ২/১০² + ৮/১০³ + ৫/১০⁴ + ৭/১০⁵ + ⋯৷

এই সম্প্ৰসাৰণত দশমিকৰ পাছত ১৪২৮৫৭ অঙ্ককেটাৰ অসীম সংখ্যক পুণৰাবৃত্তি ঘটিছে৷ এনে সংখ্যাক পৌণপৌণিক (recurring and non-terminating) সংখ্যা বোলা হয়৷ পৰিমেয় সংখ্যা বিলাক “অপৌণপৌণিক আৰু সমাপ্ত" নাইবা কেৱল “পৌণপৌণিক" : এই দুই ধৰণৰেই প্ৰকাশ কৰিব পৰা যায়৷

পুৰণি সভ্যতা বিলাকত স্হপতিগত কাম-কাজত, জ্যোতিবিজ্ঞানৰ পর্যবেক্ষণসমূহত, সংগীতৰ তাল মান লয় আদিৰ হিচাপ আদি সকলোতে এই পৰিমেয় সংখ্যা বিলাকৰেই ব্যৱহাৰ হৈছিল৷ কিন্তু লাহে লাহে দেখা গ’ল যে, মানুহে নিবিচৰাকৈও আন কিছুমান সংখ্যাৰ প্ৰয়োজন হ’ল, যিবিলাক নহ’লে গণিতৰ বহুবোৰ সমস্যাৰ সমাধান নহয়৷ এইক্ষেত্ৰত পাইথাগ’ৰাছৰ যুগৰ গণিতৰ ধ্যান ধাৰণাৰ বিষয়ে কিছু আলোচনা কৰিব লাগিব৷ কোৱা হয় যে, পাইথাগ’ৰাছৰ সমকোণী ত্ৰিভূজৰ বাহু কেইটাৰ মাজৰ সম্বন্ধশীৰ্ষক যি সূত্ৰ আছে, তাতেই প্ৰথম এই সমস্যাৰ উদ্ভৱ হয়৷




টোকা



  1. বেলেগ বেলেগ আধাৰ বা ভিত্তি লৈ আমি বেলেগ বেলেগ সংখ্যা পদ্ধতি পাওঁ, যেনে আধাৰ ২ হ’লে তাক দ্বি-ভিত্তিক (binary) সংখ্যা পদ্ধতি বোলা হয়, যিটো কম্পিউটাৰত ব্যৱহৃত হয়৷ ঠিক সেইদৰে বেবিলনীয় সভ্যতাত যি ষষ্ঠিক পদ্ধতিৰ প্ৰচলন আছিল তাৰ ভিত্তি আছিল ৬০৷ তেওঁলোকে ব্যৱহাৰ কৰা পদ্ধতি আজিও আমি সময় জোখাৰ বাবে ব্যৱহাৰ কৰোঁ য’ত সময়ৰ একক বিলাক ৬০ ৰ গুণিতক হয়, যেনে ৬০ ছেকেণ্ডত ১ মিনিট, ৬০ মিনিটত ১ ঘণ্টা ইত্যাদি৷↩︎





← অধ্যায় ১  ·  সূচীপত্ৰ  ·  অধ্যায় ৩ →

Enjoyed this writing?

Leave a like or share your constructive thoughts below.

Prof. Surajit Borkotokey

Prof. Surajit Borkotokey

Author & Researcher

Professor of Mathematics at Dibrugarh University, Assam. Specializes in Cooperative Game Theory and Network Science, writing bilingual reflections on mathematics, science, education, and Assamese heritage.

আলোচনা আৰু পাঠকৰ মতামত

0

এই নিবন্ধৰ সন্দৰ্ভত আপোনাৰ চিন্তা, গঠনমূলক প্ৰশ্ন বা মতামত ব্যক্ত কৰক।

নতুন মন্তব্য যোগ কৰক
Loading comments...

More Writings

View all