অসমীয়া••27 মিনিট পঢ়া

সহযোগিতাৰ গণিত: প্ৰয়োগৰ অজস্ৰ সম্ভাৱনা, কিন্তু?

An article on how Cooperative Game Theory can be and has been used in many practical-socio-economic and technological problems. This is the first part. Wait for the second part in the coming week!!!

Prof. Surajit Borkotokey
Prof. Surajit Borkotokey

Professor of Mathematics • Dibrugarh University

সুৰজিৎ বৰকটকী · ২৬ অক্টোবৰ ২০২৬

বিশ্ববিদ্যালয়-মহাবিদ্যালয় বিলাকৰ শিক্ষক-গৱেষক সকল সততে এটা সমালোচনাৰ সন্মুখীন হয়:- তেওঁলোকে যিবিলাক বিদ্যায়তনিক বিষয়ৰ গৱেষণা কৰে, সমাজত সেইবিলাকৰ মূল্য কি, তাৰ পৰা সমাজৰ কিবা লাভ হয় নে, অথবা, আমাৰ আটাইকেইখন বিশ্ববিদ্যালয়তে ইমান বিয়াগোম বিয়াগোম গৱেষণা কৰা ব্যক্তিৰ উপস্থিতিৰ পাছতো বিশ্বৰ গৱেষণা ক্ষেত্ৰখনত আমাৰ গৱেষণালব্ধ ফলাফল বিলাকৰ কোনো উল্লেখ বা প্ৰয়োগ দেখা নোপোৱাৰ কাৰণ কি? ইত্যাদি ইত্যাদি৷ এই প্ৰশ্নবিলাক যুক্তিসংগত৷ কাৰণ আমি সমাজৰে অংশ, নাগৰিকৰ কৰেৰে আমি গৱেষণা কৰো – কেৱল ব্যক্তিগত প্ৰমোচন বা বিদ্যায়তনিক লাভৰ বাবে গৱেষণা কৰাতো কিমান যুক্তিসংগত সি বিতৰ্কৰ বিষয়৷ কিন্তু বিষয়টো একপক্ষীয় ভাৱে চালে কিছু দিশ বাদ পৰি যায়৷ উদাহৰণস্বৰূপে ক’ব পাৰি, আমাৰ বিভাগতে যোৱা ১০ বছৰৰ অধিক সময় ধৰি গণিতৰ এটা খুব গুৰুত্তপূৰ্ণ ভাগ - গ্ৰাফ থিয়ৰীৰ যথেষ্টখিনি গৱেষণা হৈ আহিছে৷ ইয়াৰে এজন গৱেষক ছাত্ৰই ট্ৰেফিক নেটৱৰ্কৰ এক বিশেষ সমস্যাৰ সমাধান উলিয়াবলৈ সক্ষম হ’ল৷ এই সমাধানে চহৰৰ ট্ৰেফিক সমস্যা বহু পৰিমাণে হ্ৰাস কৰাৰ সম্ভাৱনা আছিল৷ কিন্তু টাউন কমিটীৰ যাতায়াত ব্যৱস্থাৰ লগত জড়িত বিশেষজ্ঞ সকল আৰু বিশ্ববিদ্যালয়ৰ গৱেষকৰ মাজত যোগাযোগ নথকাৰ হেতু ট্ৰেফিক সমস্যা সমস্যা হৈয়ে থাকিল আৰু গৱেষণাৰ ফলাফল গৱেষণা পত্ৰিকাৰ মাজতে সোমাই থাকিল৷ ই এটা উদাহৰণহে৷ এনে বহু উদাহৰণ ওলাব৷ গৱেষণালব্ধ কাম কাজ বিলাকৰ প্ৰসাৰ আৰু প্ৰচাৰ নোহোৱা বা নকৰা, চৰকাৰী অনুস্থান বিলাকৰো এনেধৰণৰ কাম কাজ বিলাকৰ প্ৰতি অনীহা আৰু অমনোযোগিতা – এই বিলাকৰ কাৰণেই হয়তো উন্নত দেশবিলাকত হোৱাৰ দৰে আমাৰ দেশত, আমাৰ ৰাজ্যত গৱেষণালব্ধ ফলাফল বিলাকৰ সমাজ জীৱনত তথা ব্যৱহাৰিক ৰূপত সফল প্ৰয়োগ খুব কমেই দেখা যায়৷ এই কথাখিনিৰ অৱতাৰণা কৰাৰ এক উদ্দেশ্য আছে৷ সমাজ জীৱনত তথা ব্যৱহাৰিক ৰূপত গণিতৰ বহুবোৰ তত্ত্বৰ সফল প্ৰয়োগ কৰি পৃথিৱীৰ বহু কেইখন উন্নত দেশে বহু যোজন আগবাঢ়ি যাবলৈ সক্ষম হোৱা আমি চাক্ষুস কৰিছোঁ৷ আমি কেতিয়াবা তাৰ পৰা শিক্ষা ল’মনে? আজিৰ তাৰিখত ই এটা গুৰুত্তপূৰ্ণ প্ৰশ্ন৷ অৱশ্যে তাৰ বাবে সামাজিক প্ৰাণী হিচাপে আমাৰ কোনবিলাক কথাক আমি অগ্ৰাধিকাৰ দিওঁ তাক নিৰ্ণয় কৰাটোও আমাৰ দায়িত্ব৷

গাণিতীক তত্ত্বৰ প্ৰয়োগৰ কথা কোৱাৰ আগতে আমাৰ চাৰিওফালৰ কেইটামান চিনাকি পৰিস্থিতিলৈ চাওঁ। প্ৰতিটোতে এটা প্ৰশ্ন আছে, যাৰ সহজ উত্তৰ নাই। কিন্তু গাণিতীক সমাধানৰ জড়িয়তে তেনেধৰণৰ সমস্যাৰ সমাধান পৃথিৱীৰ বহু উন্নত দেশে ইতিমধ্যে কৰিছে৷

এখন আন্তৰ্জাতিক নদী

ধৰক, এখন নদী বহুকেইখন দেশৰ মাজেৰে বৈ গৈছে। আমাৰ ব্ৰহ্মপুত্ৰ নদৰ কথাকে চোৱা যাওক৷ চীন দেশৰ পৰা ওলাই, ভাৰতবৰ্ষৰ (অসমৰ) মাজেৰে গৈ বাংলাদেশ পাইছেগৈ— আটাইকেইখন দেশেই খোৱা পানী, জলসিঞ্চন, মাছ, জলবিদ্যুৎ আৰু নৌপৰিবহণৰ বাবে এই নদীৰ ওপৰত নিৰ্ভৰশীল। ইউৰোপত তেনে এখন নদী হ’ল ডানিউৱ৷ কিন্তু নদীখন পাৰহৈ যোৱা দেশবিলাকৰ সকলোৰে অৱস্থান একে নহয় – গতিকে আৰ্থ-সামাজিক অৱস্থাও একে নহয়৷ উজনিৰ দেশখনে এটা ডাঙৰ বান্ধ সাজিলে বা পানী অন্যফালে ঘূৰাই দিলে নামনিৰ দেশবোৰত খৰালি পানী কমি যায়, আৰু বাৰিষাত হঠাৎ পানী এৰি দিলে বানৰ আশংকা বাঢ়ে। অৰ্থাৎ ভৌগোলিক আৰু কৌশলগত ভাৱে উজনিৰ দেশকেইখন নামনিতকৈ সুবিধাজনক অৱস্থানত থাকে যাৰ বাবে নামনিৰ দেশৰ সুৰক্ষা উজনিৰ সিদ্ধান্তৰ ওপৰত নিৰ্ভৰ কৰে। তেনে অৱস্থাত আটাইপক্ষৰে মাজত নদীখনৰ পানীখিনি ভাগ কৰিবলৈ এখন চুক্তি কৰাটো প্ৰয়োজনীয়, আৰু সেই চুক্তি ন্যায্য আৰু নিৰপেক্ষ হ'ব লাগিব। কিন্তু 'ন্যায্য' মানে কি? উজনিৰ দেশখনে বান্ধৰ পৰা পোৱা সুবিধা এৰিবনে? নামনিৰ দেশখনক কিমান ক্ষতিপূৰণ দিলে সন্তুষ্ট হ'ব? দুখন দেশে নিজৰ মাজত একোটা গোট বান্ধি তৃতীয়খনক বাদ দিব পাৰিব নেকি? এই ধৰণৰ সমস্যাৰ কি সমাধান আছে তাক আমি এই লেখাৰ শেষৰ ফালে উল্লেখ কৰিছোঁ৷

এখন আন্তৰ্জাতিক নদী: উজনিৰ দেশ ক, মধ্যভাগৰ দেশ খ আৰু নামনিৰ দেশ গচিত্ৰ ১: এখন আন্তৰ্জাতিক নদী — চুক্তি নাথাকিলে উজনিৰ দেশে বান্ধ দি বেছিভাগ পানী লয় আৰু নামনিৰ পথাৰ শুকায়; সহযোগিতাত উজনিৰ দেশে পানী এৰি দিয়ে আৰু নামনিৰ দেশবোৰে তাক ক্ষতিপূৰণ দিয়ে।

উবেৰ টেক্সী শ্বেয়াৰ কৰিলে দিব লগা ভাড়া নায্যনে?

শ্বেপলি মান অনুসৰি উবেৰ টেক্সীৰ ভাড়া: ক ২০, খ ৫০, গ ১৩০ টকাচিত্ৰ ২: শ্বেপলি মান অনুসৰি টেক্সীৰ ভাড়া — যিটো অংশ যিমানজনে ব্যৱহাৰ কৰে, সেই অংশৰ ভাড়া তেওঁলোকৰ মাজত সমানকৈ ভগোৱা হয়।

তিনিজন বন্ধু — ক, খ আৰু গ — একে ঠাইৰ পৰা এখন উবেৰ টেক্সীত উঠিল, কিন্তু তেওঁলোক একে ঠাইলৈ নাযায়৷ একে পথতে থকা তিনিখন বেলেগ বেলেগ ঠাইত নামিব। ক ৩ কিলোমিটাৰত, খ ৬ কিলোমিটাৰত আৰু গ ১০ কিলোমিটাৰত নামিল। ধৰিলৈছোঁ ভাড়া প্ৰতি কিলোমিটাৰত ২০ টকা, গতিকে মুঠ ভাড়া ২০০ টকা। এই ২০০ টকা কেনেকৈ ভগাব? উবেৰৰ নিজৰ ওয়েবছাইটত 'Split Fare' সুবিধাৰ ক্ষেত্ৰত কোৱা আছে যে ভাড়া সকলো যাত্ৰীৰ মাজত সমানে ভগায়। একেলগে যাত্ৰা কৰা (UberX Share) সেৱাত প্ৰতিজন যাত্ৰীক নিজৰ যাত্ৰাৰ দূৰত্ব, সময়, যানজট আৰু চাহিদা অনুসৰি আগতীয়াকৈ এটা ভাড়া কোৱা হয়, আৰু সঙ্গী পালে ২০% লৈকে ৰেহাই দিয়া হয়। দুটা সহজ নিয়ম তুলনা কৰি চাওঁ (টকাত):

যাত্ৰীঅকলে গ'লেসমান ভাগদূৰত্বৰ অনুপাতত
ক (৩ কি.মি.)৬০৬৬.৬৭৩১.৫৮
খ (৬ কি.মি.)১২০৬৬.৬৭৬৩.১৬
গ (১০ কি.মি.)২০০৬৬.৬৭১০৫.২৬

সমান কৈ দিব লগা হ’লে ক-ই ৬৬.৬৭ টকা দিব লগা হয়, যি তেওঁ অকলে গ'লে দিব লগা ৬০ টকাতকৈও বেছি৷ — গতিকে ক ই শ্বেয়াৰ টেক্সীত উঠিবলৈ স্বাভাৱিকভাৱেই অনিচ্ছুক হ'ব। আনহাতে ২০% ৰেহাই লাভ কৰিলেও প্ৰায় ৫৩.০০ টকা দিব লাগিব৷ তেতিয়াও খ আৰু গ তকৈ আনুপাতিক হিচাপত বেছি দিব লাগিব৷ দূৰত্বৰ অনুপাতত ভগোৱাটো ভাল যেন লাগে, কিন্তু ইয়াত এটা কথা নিশ্চিত নহয়: প্ৰথম ৩ কিলোমিটাৰ পথ তিনিওজনে একেলগে ব্যৱহাৰ কৰিছে, কিন্তু শেষৰ ৪ কিলোমিটাৰ কেৱল গ-য়ে। এইটো নিয়মে সেই পাৰ্থক্যৰ কথা ভাবিছে জানো? ইয়াতকৈ যুক্তিসঙ্গত এটা নিয়ম আছেনে — আৰু থাকিলে, সেইটোৱেই যে আটাইতকৈ ন্যায্য, সেয়া কেনেকৈ কম?

বহুমহলীয়া ঘৰৰ এখন লিফট

শ্বেপলি মান অনুসৰি লিফটৰ খৰচ: ৪ মহলাৰ উদাহৰণচিত্ৰ ৩: লিফটৰ খৰচ (উদাহৰণ: ৪ মহলা, প্ৰতিটো মহলা পাৰ হোৱা অংশৰ খৰচ ১০০০ টকা) — প্ৰতিটো অংশৰ খৰচ সেই অংশ ব্যৱহাৰ কৰা সকলোৰে মাজত সমানকৈ।

এটা ২০ মহলাৰ ঘৰত লিফটৰ ৰক্ষণাবেক্ষণৰ খৰচ কেনেকৈ ভগাব? বহু আবাসিক কমিতিয়ে সকলো ফ্লেটৰ পৰা সমান বা ফ্লেটৰ আয়তন অনুসৰি মাচুল লয়। কিন্তু তলৰ মহলাৰ বাসিন্দাই কৰা লিফটৰ ব্যৱহাৰ ওপৰৰ মহলাৰ বাসিন্দাতকৈ কম; প্ৰথম মহলাৰ বাসিন্দাই কেৱল এটা মহলা পৰ্যন্ত ব্যৱহাৰ কৰে৷ তেওঁলোকৰ তুলনাত ২০ মহলাত থকা বাসিন্দাৰ ব্যৱহাৰ অধিক হোৱাতো স্বাভাৱিক। নিজৰ ব্যৱহাৰ অনুসৰি মাচুল লোৱাটো যুক্তিসঙ্গত নহয় জানো? কিন্তু 'ব্যৱহাৰ অনুসৰি' মানে ঠিক কি — সেইটোও এটা প্ৰশ্ন। যোৱা জুলাই মাহত মই ইটালীত ভাগলোৱা এখন চেমিনাৰত, স্পেইন দেশৰ কেইজনমান গৱেষকে তেওঁলোকৰ দেশত এই সমস্যাটোৰ কেনেকৈ সমাধান কৰিছে তাৰ সৱিশেষ বৰ্ণনা কৰিছিলে, য’ত আমি লিখা এখন গৱেষণা পত্ৰৰো তেওঁলোকে উল্লেখ কৰিছিলে৷

ছ'চিয়েল মিডিয়াৰ ভাল-বেয়া

বান পৰিস্থিতিত মানুহ-জীৱ-জন্তুৰ ক্ষতি অধিক নহ’বলৈ জিলা প্ৰশাসনে এটা সতৰ্কবাণী ফেচবুক, হোৱাটচএপ আৰু ইনষ্টাগ্ৰামৰ জড়িয়তে কৰিলে প্ৰেৰণ কৰিলে। বাৰ্তাটো কেইখনমান জনপ্ৰিয় পেজ, কেইজনমান স্থানীয় সাংবাদিক, গাঁৱৰ কেজনমান হোৱাটচএপ গোটৰ অধিকাৰী আৰু ছাত্ৰ সমাজৰ নেতাই নিজৰ নিজৰ পেজতো পষ্ট কৰিলে৷ আৰু সি এৰাতিৰ ভিতৰতে লাখ লাখ মানুহৰ ওচৰ পালেগৈ। কিন্তু এই প্ৰচাৰত কাৰ অৱদান কিমান? এজন কম অনুগামী থকা মানুহো হয়তো দুটা বেলেগ গোটৰ মাজৰ একমাত্ৰ সাঁকো হ’ব পাৰে— তেওঁ নাথাকিলে তাৰে আটাইতকৈ ডাঙৰ গোটটোৱে হয়তো বাৰ্তাটো পোৱাই মস্কিল হ’ব। আনহাতে এটা ভুৱা খবৰ এইদৰে সিঁচৰিত হ’লে তাৰ দায়িত্ব কাৰ কিমান হ’ব? সামাজিক মাধ্যমৰ প্লেটফৰ্মে উপাৰ্জন কৰা বিজ্ঞাপনৰ আয় একেলগে কাম কৰা কনটেণ্ট নিৰ্মাতাসকলৰ মাজত কেনেকৈ ভগোৱা উচিত? ইয়াতো অৱস্থান গুৰুত্বপূৰ্ণ — নদীত উজনিৰ দেশৰ দৰে, নেটৱৰ্কত 'সাঁকো' হিচাপে থকা মানুহজনৰ এটা অৱস্থানগত সুবিধা থাকে। তেওঁ ইয়াৰ বাবে গুৰুত্ব পোৱাটো উচিৎ৷

কৃত্ৰিম বুদ্ধিমত্তাৰ সঁজুলিত বৈশিষ্ট্য বাছনি

আজিকালি বেংকে ঋণ দিয়াৰ আগতে, চিকিৎসকে ৰোগ নিৰ্ণয় কৰোঁতে, বা চৰকাৰে হিতাধিকাৰী বাছোঁতে কৃত্ৰিম বুদ্ধিমত্তাৰ (AI) সঁজুলি ব্যৱহাৰ কৰিবলৈ লৈছে। এনে এটা সঁজুলিয়ে বহুতো তথ্য বা 'বৈশিষ্ট্য' (feature) চাই সিদ্ধান্ত লয় — যেনে আয়, মাটিৰ পৰিমাণ, শিক্ষা, পূৰ্বৰ ঋণ পৰিশোধৰ ইতিহাস। জিনভিত্তিক ৰোগ নিৰ্ণয়ত এই বৈশিষ্ট্যৰ সংখ্যা হাজাৰ বিজাৰ। প্ৰশ্নটো হ'ল: তেনেকৈ লোৱা সিদ্ধান্ত এটাত কোনটো বৈশিষ্ট্যৰ অৱদান কিমান, তাৰ মাজতে আকৌ কোনবোৰ ৰাখিব আৰু কোনবোৰ বাদ দিব? ইয়াক বৈশিষ্ট্য বাছনিৰ (feature selection) সমস্যা বোলে। ভুল বৈশিষ্ট্য বাছিলে সঁজুলিটো খৰচী আৰু পক্ষপাতদুষ্ট হ'ব পাৰে৷ বেংকে ঋণ নিদিয়া মানুহজনক CBIL score কি আৰু তেওঁ যিমান ঋণ বিচাৰিছিলে সিমান খিনি 'কিয়' নাপালে -- সেয়া বুজাবলৈ এই বৈশিষ্ট্য বাছনি কিদৰে কৰা হয় তাক বুজাব পাৰিব লাগিব। সমস্যাটো আৰু জটিলহৈ গৈ থাকে কাৰণ বৈশিষ্ট্যবোৰ আক’ ইটো সিটোৰ সৈতে জড়িত হৈ এটাই আনটোক প্ৰভাৱাম্বিত কৰে— যেনে আয় আৰু মাটিৰ দাম একেলগে বাঢ়ে-কমে, জিনবোৰে এটা নেটৱৰ্ক হিচাপে কাম কৰে। অৰ্থাৎ ইয়াতো একে প্ৰশ্ন: একেলগে সৃষ্টি হোৱা সিদ্ধান্তৰ কৃতিত্ব কাক কিমান দিব?

একে ধৰণৰ চৌপাশৰ আন আন পৰিস্থিতিবিলাক

জলসিঞ্চনৰ খালৰ উদাহৰণ লোৱা যাওক- উজনিৰফালে থকা খেতিয়ক জনে কেৱল খালৰ আৰম্ভণি অংশহে ব্যৱহাৰ কৰে, কিন্তু শেষৰ খেতিয়কজনে গোটেই খালটোৰে সুবিধা লাভ কৰে। তেন্তে যদি খালটোৰ মেৰামতিৰ কাম নিজৰ মাজতে ভগাই ল’ব লগা হয়, তেতিয়া তাৰ খৰচ কেনেকৈ ভগোৱা যাব?

ঠিক তেনেদৰে, বিমানবন্দৰৰ ৰানৱেত সৰু উৰাজাহাজক চুটি ৰানৱে, ডাঙৰক দীঘল ৰানৱে লাগে — অৱতৰণ মাচুল সেইদৰে কম বেছি নহ’ব জানো? পাহাৰীয়া গাঁৱলৈ পাইপলাইনৰ জড়িয়তে বিদ্যুৎ বা পানীৰ যোগান ধৰোতে আটাইতকৈ দূৰৰ গাঁওখন আৰু একেবাৰে নগৰৰ গাতে লাগি থকা গাওঁখনে পাইপলাইনৰ মেৰামতিৰ বাবে খৰছৰ ভাগ-বতৰা কিদৰে কৰিব? অৱশ্যে আমাৰ দেশত এইবিলাক এতিয়াও চৰকাৰৰ ফালৰপৰাই কৰি দিয়া হয়৷ কিন্তু খৰছৰ দিশটো চিন্তা কৰিলে দুইখন গাওঁৱে একে সুবিধা পাবনে বেলেগ হ’ব? যৌথ ব্যৱসায় কৰা কেইটামান কোম্পানীয়ে একেলগে কাম কৰি খৰচ কমালে, সেই সঞ্চয় কেনেকৈ ভগোৱা যাব? গণতান্ত্ৰিক ব্যৱস্থাত জোঁট চৰকাৰত কেতিয়াবা সৰু এটা দলৰ শক্তিও মুল বিৰোধী দলতকৈ বেছি হয়; মন্ত্ৰীসভা গঠন কৰোতে এই কথা নিশ্চয় লক্ষ কৰা হয় আৰু সেই অনুসৰিয়েই মন্ত্ৰীত্বৰ ভাগ-বতোৱাৰা হয়৷

এই সকলোবোৰৰ মাজত কি মিল আছে?

ওপৰৰ প্ৰতিটো পৰিস্থিতিতে তিনিটা কথা একে। প্ৰথমতে, লাভ বা খৰচ কোনো এজনে অকলে সৃষ্টি নকৰে, একেলগে কৰে। দ্বিতীয়তে, অংশগ্ৰহণকাৰীসকল সমান নহয় — কোনো উজনিত, কোনো নামনিত; কোনোৱে কম ব্যৱহাৰ কৰে, কোনোৱে বেছি; কোনোৱে নিজে বিশেষ উৎপাদনত জড়িত হ’ব নোৱাৰিলেও লাভ সৃষ্টি কৰা দুজনৰ মাজত মধ্যস্থতা কৰি আন আন অংশগ্ৰহণকাৰী সকলক সহায় কৰিছে। তৃতীয়তে, ভাগ-বতৰাৰ নিয়মটো সকলোৱে ন্যায্য বুলি মানি নল'লে অসন্তুষ্টহৈ কোনোবা এজন গোটটো এৰি যোৱাৰ সম্ভাৱনা থাকে, আৰু তেতিয়া সকলোৰে লোকচান হ'য়। টেক্সীৰ উদাহৰণত আমি দেখিলোঁ যে ভাড়াটো 'সকলোৰে মাজত সমান' বা ‘দুৰত্বৰ অনুপাতত' ভাগ কৰিলে এই প্ৰশ্নৰ সন্তোষজনক উত্তৰ নিদিয়ে।

এই ধৰণৰ প্ৰশ্নৰ যুক্তিসঙ্গত উত্তৰ বিচৰা গণিতৰ এটা শাখা আছে — খেল তত্ত্ব (game theory)। পৰৱৰ্তী অংশত আমি খেল তত্ত্বৰ পৰিচয় দি ওপৰৰ প্ৰশ্নবোৰলৈ এটা এটাকৈ উভতি আহিম।

২. খেল তত্ত্ব: এটা চমু পৰিচয়

খেল তত্ত্বৰ 'খেল' মানে ফুটবল বা ক্ৰিকেট নহয়। এই তত্ত্বত 'খেল' মানে এনে এটা পৰিস্থিতি, য'ত কেইজনমান ব্যক্তি, প্ৰতিষ্ঠান বা দেশক 'খেলুৱৈ' (player) বুলি কোৱা হয়, আৰু এজনৰ লাভ-লোকচান কেৱল তেওঁৰ নিজৰ সিদ্ধান্তৰ ওপৰত নহয়, আনৰ সিদ্ধান্তৰ ওপৰতো নিৰ্ভৰ কৰে। গণিতজ্ঞ জন ভন নিউমেন আৰু অৰ্থনীতিবিদ অস্কাৰ মৰ্গেনষ্টাৰ্নে ১৯৪৪ চনত এই বিষয়টোৰ আনুষ্ঠানিক ভেটি স্থাপন কৰিছিল। আজি অৰ্থনীতি, ৰাজনীতি, জীৱবিজ্ঞান, কম্পিউটাৰ বিজ্ঞান আৰু কৃত্ৰিম বুদ্ধিমত্তাত ইয়াৰ বহুল ব্যৱহাৰ হয়।

খেল তত্ত্বৰ দুটা মূল শাখা আছে।

  • অসহযোগী খেল (non-cooperative game): প্ৰতিজন খেলুৱৈয়ে নিজাবীয়াকৈ সিদ্ধান্ত লয়, কোনো বাধ্যতামূলক চুক্তি নাথাকে। ইয়াত প্ৰশ্নটো হ'ল: আনে কৰা কাম এটাৰ পৰা হ’ব পৰা ফলাফল অনুমান কৰি মই কি সিদ্ধান্ত ল’ম? জন নাশ্বৰ সাম্যাৱস্থা (Nash equilibrium) ইয়াৰ আটাইতকৈ পৰিচিত ধাৰণা। এইবিষয়ে আমি আজি আলোচনা নকৰো৷
  • সহযোগী খেল (cooperative game): খেলুৱৈসকলে চুক্তি কৰি গোট বান্ধিব পাৰে, আৰু একেলগে সৃষ্টি কৰা লাভ বা খৰচ কেনেকৈ ভগাব পৰা যায়, সেইটোৱেই মূল প্ৰশ্ন। ইয়াত প্ৰশ্নটো হ'ল: আমি একেলগ হ'লে কিমান পাম, আৰু সেইখিনি কাক কিমান দিলে কোনোৱে অসন্তুষ্ট হৈ গোট এৰি নাযায়?

আমি ওপৰত উল্লেখকৰা সকলোবোৰ পৰিস্থিতিয়েই দ্বিতীয় ধৰণৰ — তিনিজন যাত্ৰীয়ে টেক্সীত উঠিবলৈ মানি লৈছে, দেশবোৰে চুক্তি কৰিব বিচাৰে, বাসিন্দাসকলে একেটা লিফটেই ব্যৱহাৰ কৰিব। গতিকে এই লেখাত আমি সহযোগী খেলৰ কথাহে পাতিম। সহযোগী খেলৰো দুটা ভাগ আছে: লাভখিনি টকাৰ দৰে ইচ্ছামতে ভগাব পাৰিলে তাক 'হস্তান্তৰযোগ্য খেল' (transferable utility game, চমুকৈ TU খেল) বোলে; নোৱাৰিলে NTU খেল। আমাৰ আলোচনা TU খেলৰ ওপৰত।

৩. TU খেল আৰু সমাধান ধাৰণা

সংজ্ঞা

এটা TU খেলত দুটা বস্তু থাকে: খেলুৱৈৰ এটা সংহতি বা গোট N, আৰু এটা মূল্য ফলন (characteristic function) v। খেলুৱৈৰ যিকোনো গোটক 'জোট' (coalition) বোলে, আৰু v(S) সংখ্যাটোৱে কয় জোট S-এ অকলে একেলগে কিমান লাভ কৰিব পাৰে (বা খৰচৰ খেল হ'লে, কিমান খৰচ লাগিব)। সকলো খেলুৱৈ একেলগ হ'লে যি মুঠ মূল্য v(N) হয়, সেইখিনি কেনেকৈ ভগাব পৰা যাব তাৰ নিয়মক 'সমাধান ধাৰণা' (solution concept) বোলে।

টেক্সীৰ উদাহৰণটোত খেলুৱৈ হ'ল ক, খ আৰু গ। এটা জোটৰ খৰচ হ'ল সেই জোটৰ আটাইতকৈ দূৰৰ যাত্ৰীজনৰ ভাড়া: c(ক) = ৬০, c(খ) = ১২০, c(গ) = ২০০, c(ক,খ) = ১২০, c(ক,গ) = c(খ,গ) = c(ক,খ,গ) = ২০০। অকলে গ'লে তিনিওজনে মুঠ ৩৮০ টকা দিব লাগিলহেঁতেন; একেলগে গ'লে ২০০ টকা। অৰ্থাৎ সহযোগিতাৰ লাভ ১৮০ টকা।

প্ৰধান সমাধান ধাৰণা

  • ক'ৰ (core): এনে সকলোধৰণৰ ভাগ-বতৰা ইয়াৰ অন্তৰ্গত হ’ব, য'ত যিকোনো এটা জোটে সেই জোটৰ সদস্য সকলে অকলে অকলে কামটো কৰিলে যি মুঠ লাভ পায় তাতকৈ কম কেতিয়াও নহয়৷ এই কাৰণতে এই সমাধানৰ জড়িয়তে লাভ অৰ্জন কৰা সদস্য সকলৰ কোনোৱে গোট এৰি যোৱাৰ কাৰণ নাথাকে। উবে টেক্সীৰ উদাহৰণটোত “সমান ভাগ” পোৱা সমাধানটো ক'ৰত নাই, কাৰণ ক-ই ৬৬.৬৭ টকা দিব লগা হয়, যি তেওঁৰ অকলে যোৱাৰ খৰচ ৬০ টকাতকৈ বেছি।
  • নিউক্লিয়াছ (nucleolus): ক'ৰৰ ভিতৰৰে আন এটা ভাগ, য'ত আটাইতকৈ অসন্তুষ্ট জোটটোৰ অসন্তোষ সৰ্বনিম্ন কৰা হয়।
  • শ্বেপলি মান (Shapley value): ন'বেল বঁটা বিজয়ী লয়ড শ্বেপলিয়ে ১৯৫৩ চনত দিয়া নিয়ম। ধৰক খেলুৱৈসকল এজন এজনকৈ গোটটোত যোগ দিছে। এজনে যোগ দিয়াৰ লগে লগে মুঠ খৰচ (বা লাভ) যিমান সলনি হয়, সেয়াই তেওঁৰ 'প্ৰান্তিক অৱদান'। সকলো সম্ভাৱ্য ক্ৰমত এই অৱদানৰ গড়েই শ্বেপলি মান।
  • বানজাফ সূচক (Banzhaf index): ভোট গ্ৰহন প্ৰক্ৰিয়াত কোনো এজন সদস্যই কিমানবাৰ নিৰ্ণায়কৰ ৰূপ লয়, তাৰ জোখ; ভোট গ্ৰহনত কোনো এজন প্ৰাৰ্থীৰ জিকি অহাৰ বাবে প্ৰয়োজনীয় শক্তি জোখাত বেছি ব্যৱহাৰ হয়। ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত স্থায়ী সদস্যদেশ বিলাকৰ ভেটো প্ৰয়োগ তথা আন ১৫ খন অস্থায়ী সদস্য দেশৰ ভোট প্ৰদানৰ ক্ষেত্ৰত এই সূচকৰ ব্যৱহাৰ হয়৷

টেক্সীৰ উত্তৰ

যাত্ৰীঅকলে গ'লেসমান ভাগদূৰত্বৰ অনুপাততশ্বেপলি মান
ক৬০৬৬.৬৭৩১.৫৮২০
খ১২০৬৬.৬৭৬৩.১৬৫০
গ২০০৬৬.৬৭১০৫.২৬১৩০

প্ৰথম ৩ কিলোমিটাৰ (৬০ টকা) তিনিওজনে ব্যৱহাৰ কৰিছে, গতিকে প্ৰতিজনে ২০; পিছৰ ৩ কিলোমিটাৰ (৬০ টকা) খ আৰু গ-ৰ, গতিকে ৩০ কৈ; শেষৰ ৪ কিলোমিটাৰ (৮০ টকা) কেৱল গ-ৰ। অৰ্থাৎ যিটো অংশ যিমানজনে ব্যৱহাৰ কৰে, সেই অংশৰ খৰচ তেওঁলোকৰ মাজত সমানকৈ ভাগ কৰা হৈছে। এইবাৰ তিনিওটা নিয়ম তুলনা কৰোঁ:

শ্বেপলি মান ক'ৰৰ ভিতৰত আছে: প্ৰতিজনে অকলে যোৱাতকৈ কম দিয়ে, আৰু কোনো দুজনে একেলগে দিয়া ভাগো তেওঁলোকে দুজনে গ'লে লগা খৰচতকৈ কম (ক+খ = ৭০ < ১২০, ক+গ = ১৫০ < ২০০, খ+গ = ১৮০ < ২০০)। গতিকে কোনোৱে গোট এৰি লাভৱান নহয়। উবাৰৰ সমান ভাগৰ নিয়মে এই চৰ্ত পূৰণ নকৰে।

লিফট আৰু আন উদাহৰণৰ উত্তৰ

লিফটটোৰ কাহিনীটোও একে গঠনৰে খেল, যাক বিমানবন্দৰৰ ৰানৱেৰ উদাহৰণৰ পৰা 'বিমানবন্দৰ খেল' (airport game) বোলা হয়। শ্বেপলি মানৰ নিয়মত লিফটৰ প্ৰথম অংশৰ (তলৰ পৰা প্ৰথম মহলালৈ) খৰচ লিফট ব্যৱহাৰ কৰা সকলোৱে সমানকৈ দিয়ে, পিছৰ অংশ দ্বিতীয় মহলাৰ ওপৰৰ সকলোৱে, আৰু এইদৰে ওপৰলৈ। তলৰ মহলাৰ বাসিন্দাই একো নিদিয়ে, ২০ মহলাৰ বাসিন্দাই আটাইতকৈ বেছি দিয়ে। বাস্তৱত লিফটৰ খৰচৰ এটা অংশ স্থিৰ (মটৰ, কেবিন, বীমা), গতিকে এটা মিশ্ৰিত নিয়ম অধিক বাস্তৱসম্মত৷ ইয়াৰ স্থিৰ অংশচোৱা লিফট ব্যৱহাৰ কৰা সকলোৱে সমান ভাৱে, আৰু উচ্চতাৰ লগত বঢ়া অংশ ওপৰৰ পৰ্যায়ক্ৰমিক নিয়মেৰে দিব পৰাটো অধিক যুক্তিসংগত। ওপৰত উল্লেখ কৰা স্পেইনৰ গৱেষণাৰ দলটোৱে আমাৰ গৱেষণা পত্ৰখন, এই মিশ্ৰিত নিয়মটো, যিটোৰ এটা সাধাৰণ সূত্ৰ আমাৰ পত্ৰখনত প্ৰথমবাৰৰ বাবে প্ৰকাশ পাইছিল -তাৰ বাবেই উল্লেখ কৰিছিলে৷

আমেৰিকাৰ মণ্টানাৰ বিভিন্ন অঞ্চলত সামূহিক জলসিঞ্চনৰ কেতবোৰ খাল আছে৷ খেতিয়কসকলে এইবিলাক ব্যৱহাৰ কৰোতে প্ৰকৃততে কেনেকৈ খৰছ ভগায় সেয়া গৱেষণা কৰোতে প্ৰমাণিত হৈছে যে এনে 'জলসিঞ্চন খেল'ত শ্বেপলি মান সদায় ক'ৰত থাকে। অৰ্থাৎ শ্বেপলি মান অনুসৰি খৰছ ভগাই ল’লে প্ৰত্যেকে অকলসৰীয়াকৈ খৰছ কৰিলে লগা পৰিমানতকৈ কম লাগে বাবে কোনো অসন্তুষ্ট হোৱাৰ সম্ভাৱনা নাথাকে৷ পশ্চিমৰ বহু দেশতে যৌথ ব্যৱসায়ৰ সঞ্চয় – (আমাৰ আত্মসহায়ক গোট বিলাকৰ দৰে) লাভৰ বিতৰণত আৰু জোঁট ৰাজনীতিত ক'ৰ, নিউক্লিয়াছ, শ্বেপলি মান আৰু বানজাফ সূচক ব্যৱহাৰ কৰা হয়।

ইয়াৰ পৰৱৰ্তি খণ্ডত এই বিষয়ে আৰু বিশদ ভাৱে আলোচনা কৰিম৷

(আগলৈ)

Enjoyed this writing?

Leave a like or share your constructive thoughts below.

Prof. Surajit Borkotokey

Prof. Surajit Borkotokey

Author & Researcher

Professor of Mathematics at Dibrugarh University, Assam. Specializes in Cooperative Game Theory and Network Science, writing bilingual reflections on mathematics, science, education, and Assamese heritage.

আলোচনা আৰু পাঠকৰ মতামত

0

এই নিবন্ধৰ সন্দৰ্ভত আপোনাৰ চিন্তা, গঠনমূলক প্ৰশ্ন বা মতামত ব্যক্ত কৰক।

নতুন মন্তব্য যোগ কৰক
Loading comments...

More Writings

View all