অসমীয়া••16 মিনিট পঢ়া

সহযোগিতাৰ গণিত: প্ৰয়োগৰ অজস্ৰ সম্ভাৱনা, কিন্তু? (২ য় খণ্ড)

An article on how Cooperative Game Theory can be and has been used in many practical-socio-economic and technological problems. This is the second part. Part of it was presented in the 8th Debananda Saikia Memorial Lecture on 6th November at Arya Vidyapeeth College, Guwahati.

Prof. Surajit Borkotokey
Prof. Surajit Borkotokey

Professor of Mathematics • Dibrugarh University

আগৰ সংখ্যাৰ বাবে ক্লিক কৰক: https://borkotokeys.in/blog/sahayogitar-ganit-blogpost-2

(আগৰ সংখ্যাৰ পাছৰ পৰা)

শ্বেপলি মান কিয় ইমান গুৰুত্বপূৰ্ণ

টেক্সীৰ উদাহৰণত শ্বেপলি মানে যি উত্তৰ দিলে, সেয়া কেৱল এটা দেখিবলৈ ভাল লগা সংখ্যাই নহয়। সত্তৰ বছৰতকৈ বেছি সময় ধৰি এই নিয়মটো সহযোগী খেল তত্ত্বৰ কেন্দ্ৰবিন্দু হৈ আছে, আৰু ইয়াৰ কাৰণ কেইটা হ’ল:

1. ই নীতিৰ ওপৰত প্ৰতিষ্ঠিত। শ্বেপলিয়ে প্ৰমাণ কৰিছিল যে চাৰিটা সৰল নীতি — মুঠ মূল্য সম্পূৰ্ণ ভগাব লাগিব, একে অৱদানৰ দুজনে একে ভাগ পাব, একো যোগ নকৰাজনে একো নাপাব, আৰু দুটা বেলেগ কামৰ ভাগ যোগ কৰিলে মুঠ কামৰ ভাগ পোৱা যায় — এই আটাইকেইটা নীতি মানি চলা নিয়ম এটাই আছে, আৰু সেইটোৱেই শ্বেপলি মান। গতিকে নীতিৰ ওপৰত নিৰ্ভৰশীল হোৱা হেতু তাৰ গ্ৰহনযোগ্যতা অধিক, যিহেতুকে নীতিৰ ওপৰত একমত হোৱাটো সহজ।

2. ই প্ৰত্যেকৰে নিজৰ নিজৰ অংশৰ জোখৰ হিচাপ ৰাখে। টেক্সীৰ তালিকাত দেখিলোঁ, একেজন যাত্ৰীৰ অৱদান ক্ৰমৰ ওপৰত নিৰ্ভৰ কৰে। সকলো ক্ৰমৰ গড় লোৱাৰ বাবে কাকো অসুবিধাত বা সুবিধাত পেলোৱা নহয়। কেৱল দুৰত্বৰ আনুপাতিক হিচাপে ভাড়াটো ভাগ কৰা হ’লে প্ৰথমভাগ দুৰত্বযে আটাইকেইজনে একেলগে গ’ল বা তাৰ পাছত দুজন থাকিল আৰু শেষত এজন থাকিল, এই কথাটোৱে গুৰুত্ব নাপালে হেতেন৷ কিন্তু একেলগে যোৱাৰ বাবে যে তেওঁলোকে নিজৰ নিজৰ ব্যক্তিগত কাম কাজবোৰ কৰাত যে আটাইকেজনৰ মতামতক গুৰুত্ব দিব লগা হ’ল, উদাহৰণস্বৰূপে ‘ক” ই বাকী দুজনৰ উপস্হিতিত হয়তো তেওঁৰ বাকদত্তাৰ সৈতে কিছু ব্যক্তিগত কথা পাতিবলৈ অপাৰগ হ’ল, “খ” ৰ চাহ খাবলৈ মন গৈছিল কিন্তু “গ” সোনকালে ঘৰ পাবগৈ লাগে বাবে, তেওঁ সেই আশা মনতে মাৰ নিয়ালে৷ অৰ্থাৎ প্ৰত্যেকেই ভাড়া টো ভাগ কৰাৰ লগতে নিজা সুবিধা-অসুবিধা বিলাকো আপোচ কৰিব লগা হৈছে৷ শ্বেপলি মানে ইয়াৰো গাণিতিক ৰূপ নিৰ্ণয় কৰিছে৷

3. ইয়াৰ যোগে বহু পৰিস্থিতিৰ গাণিতিক মডেল তৈয়াৰ কৰিব পাৰি-- নেটৱৰ্ক, অনিশ্চয়তা, অসমান ওজন বা গোটৰ গঠন — প্ৰতিটোৰ বাবে শ্বেপলি মানৰ এটা সংস্কৰণ আছে। জীন সম্পৰ্কীয় গৱেষণাত, কৃত্ৰিম বুদ্ধিমত্তা আদিত ইয়াৰ ব্যৱহাৰৰ বিষয়ে ইতিমধ্যে আমি আলোচনা কৰিছোঁ৷ ইয়াৰ উপৰিও বিমানবন্দৰৰ মাচুল, পানী যোগানৰ খৰচ, ব্যৱসায়িক সঞ্চয়, AI-ৰ সিদ্ধান্ত ব্যাখ্যা কৰা আটাইতকৈ অধিক প্ৰচলিত পদ্ধতি SHAP-ও শ্বেপলি মানৰ ওপৰতেই গঢ় লৈ উঠিছে। ২০১২ চনত শ্বেপলিয়ে ন'বেল বঁটা লাভ কৰিছিল।

4. নেটৱৰ্ক যোগ হ'লে: নেটৱৰ্ক খেল
ওপৰত উল্লেখ কৰা টেক্সীৰ উদাহৰণটোত যিকোনো দুজনে একেলগে যাব পাৰে। কিন্তু বহু পৰিস্থিতিত সকলোৱে সকলোৰে সৈতে পোনপটীয়াকৈ কাম কৰিব নোৱাৰে: দুখন গাঁৱৰ মাজত পোনপটীয়া পথ নাই, দুজন মানুহ বন্ধু নহয়, দুখন দেশৰ মাজত সীমান্ত নাই বা বন্ধুত্ব নাই। কোনে কাৰ সৈতে সংযুক্ত, সেই গঠনটোক নেটৱৰ্ক বোলে: খেলুৱৈবোৰ বিন্দু (node), আৰু সিহঁতৰ মাজৰ সম্পৰ্ক সংযোগ (link)। মাকিন অৰ্থনীতিবিদ মেথিউ জেকচন আৰু আশ্বেল উলিনস্কিয়ে (১৯৯৬) দেখুৱাইছিল যে একোটা সম্পৰ্কৰ মূল্য কেৱল কোন কোন খেলুৱৈয়ে সম্পৰ্কটো কৰিছে কেৱল তাৰ ওপৰত নহয়, সিহঁত কেনেকৈ সংযুক্ত তাৰ ওপৰতো নিৰ্ভৰ কৰে। ইয়াকে নেটৱৰ্ক গেম বোলা হয়।

নেটৱৰ্ক গেমত শ্বেপলি মানৰ দুটা মূল ৰূপ আছে। মায়াৰ্চন মান (Myerson value) খেলুৱৈ-ভিত্তিক: ই প্ৰতিজন সদস্যৰ অৱদান জোখে, কিন্তু সংযোগ নাথাকিলে সহযোগিতাও সম্ভৱ নহয় বুলি ধৰি লয়। পজিচন মান (position value) সংযোগ-ভিত্তিক: ই প্ৰতিটো সংযোগৰ অৱদান জুখি সেই সংযোগৰ দুয়োমূৰৰ সদস্যৰ মাজত ভগাই দিয়ে। এইবাৰ আৰম্ভণিৰ বাকী তিনিটা প্ৰশ্নলৈ উভতি যাওঁ।

ছ'চিয়েল মিডিয়াৰ উত্তৰ
ধৰা হ’ল একাউণ্টবোৰ খেলুৱৈ, আৰু এটা গোটে আৰ্জন কৰা মূল্য হ'ল কেৱল সেই একাউণ্টবোৰে শ্বেয়াৰ কৰিলে বাৰ্তাটো কিমান মানুহৰ ওচৰ পায়। মায়াৰ্চন আৰু পজিচন মানে কম অনুগামী (follower) থকা মানুহজন, যদি তেওঁ দুজন অত্যন্ত গুৰুত্বপূৰ্ণ মানুহক সংযোগ কৰে, তেওঁকো তেওঁৰ প্ৰকৃত অৱদান দিয়ে, কাৰণ তেওঁ নথাকিলে এটা গোট সম্পূৰ্ণ বাদ পৰি যায়। অনুগামীৰ সংখ্যাই সকলো কথা নকয়। একে পদ্ধতিৰে ভুৱা খবৰৰ দায়িত্ব কোনে ল’ব তাক নিৰ্ধাৰণ কৰিব পাৰি অথবা বিজ্ঞাপনৰ আয় কোনে কিমান পাব তাক নীতিগত ভাৱে ভগাব পাৰি।

নদীৰ উত্তৰ
এখন নদী আচলতে এডাল শিকলিৰ দৰে এটা নেটৱৰ্ক — উজনিৰ দেশ মধ্য ভাগৰ দেশৰ সৈতে, মধ্য ভাগৰ দেশ নামনিৰ দেশৰ সৈতে যুক্ত। দেশবোৰ খেলুৱৈ, আৰু এটা গোটৰ মূল্য হ'ল সেই দেশবোৰে একেলগে পানী পৰিচালনা কৰিলে পোৱা মুঠ লাভ — জলসিঞ্চন, বিদ্যুৎ, বানৰ পৰা সুৰক্ষা। ভগাব লগাটো আচলতে পানী নহয়, সহযোগিতাৰ ফলত হোৱা অতিৰিক্ত লাভ। আম্বেক আৰু স্প্ৰুমঁৰ নিয়মত প্ৰতিখন দেশই তাৰ উজনিৰ গোটটোৱে অকলে যিমান পাব পাৰে তাৰ ওপৰত নিজৰ অতিৰিক্ত অৱদান পায়। ফলত উজনিৰ দেশখনে তাৰ ভৌগোলিক স্হিতিৰ বাবে লাভ কৰা সুবিধাৰ মূল্য পায়, কিন্তু নামনিৰ দেশেও সহযোগিতাৰ লাভৰ ভাগ পায়; আৰু কোনো দেশ বা গোটে চুক্তি এৰি অকলে গুচি গৈ বেছি পাব নোৱাৰে। পৰৱৰ্তী অংশত আমি উন্নত দেশত সম্ভৱ হোৱা এনে নীতিৰ বাস্তৱ প্ৰয়োগৰ বিষয়ে কেইটামান উদাহৰণ ল’ম।

৬. উন্নত দেশত বাস্তৱ প্ৰয়োগ
ওপৰৰ ধাৰণাবোৰ কেৱল পাঠ্যপুথিতে সীমাবদ্ধ নহয়। উন্নত দেশসমূহত এইবোৰ বাস্তৱ নীতি আৰু চুক্তিৰ ক্ষেত্ৰত প্ৰয়োগ কৰা হৈছে। তলত তাৰে কিছু উদাহৰণ দিয়া হৈছে--

আন্তৰ্জাতিক নদীৰ পানী ভাগ-বতৰা
কলম্বিয়া নদী চুক্তি, কানাডা–আমেৰিকা (১৯৬৪) : উজনিৰ দেশ কানাডাই নিজৰ নদীবান্ধবোৰ মূলতঃ নামনিৰ আমেৰিকাক বানৰ পৰা ৰক্ষা কৰিবলৈ ব্যৱহাৰ কৰে। তাৰ বিনিময়ত আমেৰিকাই সমন্বিত পৰিচালনাৰ জড়িয়তে নামনিত উৎপন্ন হোৱা অতিৰিক্ত জলবিদ্যুতৰ আধা কানাডাক দিয়ে৷ এই ব্যৱস্হাক "কানাডীয় অধিকাৰ" হিচাপে জনা যায়।

নীল অৱবাহিকা (২০০৬): নীল নদীৰ অৱবাহিকাত থকা ইজিপ্ট, চুডান, ইথিওপিয়া আৰু বিষুবৰেখীয় দেশসমূহক লৈ ২০০৬ চনত এটা অধ্যয়ন চলোৱা হৈছিল। শ্বেপলি মান নিৰূপণ কৰি দেখুৱা হৈছিল যে সম্পূৰ্ণ সহযোগিতাই অৱবাহিকাটোৰ বাৰ্ষিক মূল্য প্ৰায় ৪,১৮০ মিলিয়ন ডলাৰৰ পৰা ৯,১১২ মিলিয়ন ডলাৰলৈ বঢ়াব পাৰে। নদী বিবাদত সহযোগী খেলৰ প্ৰয়োগৰ এইটোৱেই আটাইতকৈ পৰিচিত উদাহৰণ।

ৰাজহুৱা আন্তঃগাঁথনিৰ খৰচ ভাগ
ছুইডেনৰ স্কোনে অঞ্চলৰ পানী যোগান (ইয়ং, অকাডা আৰু হাছিমোটো) : আন এটা অধ্যয়নত ছুইডেনৰ স্কোনে অঞ্চলৰ এটা যৌথ পানী যোগান প্ৰকল্পৰ খৰচ পৌৰসভাবোৰৰ মাজত ভগাবলৈ শ্বেপলি মান, নিউক্লিয়লাছ (আন এটা সমাধান) আৰু পৰম্পৰাগত অভিযান্ত্ৰিক নিয়মৰ তুলনা কৰা হৈছিল। ই দেখুৱাইছিল যে কিছুমান পৰম্পৰাগত নিয়মত কিছুমান পৌৰসভাই অকলে প্ৰকল্প কৰাটোহে লাভজনক হয়।

বাৰ্মিংহাম বিমানবন্দৰ, ব্ৰিটেইন: বিমানবন্দৰৰ ৰানৱেৰ মুঠ খৰচ বিভিন্ন বিমান পৰিচালনা কোম্পানীৰ বিমান অবতৰণ মাচুলৰ জড়িয়তে সংগ্ৰহ কৰা হয়৷ এইক্ষেত্ৰত বাৰ্মিংহাম বিমান বন্দৰৰ অবতৰণ মাচুল ১৯৬৮–৬৯ চনৰ ভিতৰত কিমান বিমানে বিমান বন্দৰটো ব্যৱহাৰ কৰিলে, তাৰ ভিতৰত কিমান খন বৃহৎ বিমান আছিল, কিমানখন ক্ষুদ্ৰ বিমান আছিল, ইত্যাদি তথ্যৰ ব্যৱহাৰ কৰি এটা সহযোগী গেমৰ মডেল তৈয়াৰ কৰি তাৰ শ্বেপলি মান আৰু নিউক্লিয়াছ নিৰূপণ কৰি ঠিক কৰা হৈছিল৷

ব্যৱসায়িক সহযোগিতা
ছুইডেনৰ কাঠ পৰিবহণ: ২০০৮ চনত দক্ষিণ ছুইডেনৰ আঠটা বনজ কোম্পানীয়ে তেওঁলোকে উৎপাদন কৰা বনজ সম্পদৰ পৰিবহণৰ এক সামুহিক পৰিকল্পনা কৰিলে। নিজাববীয়া উন্নত পৰিকল্পনাৰ পৰা প্ৰায় ৫% আৰু সহযোগিতাৰ পৰা আৰু প্ৰায় ৯% খৰচ সামৰি হ'ল। কোনো কোম্পানী গোটটোৰ পৰা আঁতৰি নাযাবলৈ সঞ্চয়খিনি শ্বেপলি মান, নিউক্লিয়াছ আৰু আন নিয়মেৰে ভগাই তুলনা কৰা হৈছিল। এই ব্যৱস্হাটো সকলোৰে বাবে গ্ৰহনযোগ্য হৈছিল৷

এই উদাহৰণবোৰে দেখুৱায় যে সহযোগী খেল তত্ত্ব নীতিৰ ক্ষেত্ৰত পৰীক্ষিত আৰু ব্যৱহাৰযোগ্য। এইবাৰ আমাৰ নিজৰ অঞ্চলৰ সমস্যালৈ আহোঁ।

আমাৰ চাৰিওফালৰ স্থানীয় সমস্যা
প্ৰতি বছৰে ব্ৰহ্মপুত্ৰৰ বানে আমাক একেটা প্ৰশ্নৰ সন্মুখীন কৰে। এখন জিলাই মথাউৰি ওখ কৰিলে নিজৰ গাঁওবোৰ ৰক্ষা পৰে, কিন্তু পানীখিনি গৈ ওচৰৰ জিলাত সোমায়। তেন্তে মথাউৰিৰ খৰচ কোনে বহন কৰিব, আৰু ক্ষতিগ্ৰস্ত জিলাখনক কোনে কিমান ক্ষতিপূৰণ দিব? এই প্ৰশ্নৰ সন্তোষজনক উত্তৰ নাপালে জিলাবোৰৰ মাজত সন্দেহ আৰু বিবাদ বাঢ়ে, প্ৰকল্প পলম হয়।

বিদ্যুৎ গ্ৰীড: উত্তৰ-পূবৰ ৰাজ্যবোৰ ট্ৰেন্সমিচন লাইনেৰে সংযুক্ত। যিখন ৰাজ্য গ্ৰীডৰ মাজত আছে, তাৰ মাজেৰে বেছিভাগ বিদ্যুৎ পাৰ হয়, গতিকে লাইন বনোৱা আৰু ৰক্ষণাবেক্ষণৰ খৰচো সেইখন ৰাজ্যৰে বেছি। খৰচৰ ভাগৰ ক্ষেত্ৰত অবিচাৰ হ'লে সেই ৰাজ্যখনে নতুন সংযোগ গঢ়াত আগ্ৰহ হেৰুৱাব।

চাহৰ ক্ষুদ্ৰ খেতিয়ক: বহু খেতিয়কে নিজৰ উৎপাদিত চাহপাত আনৰ কাৰখানাত বেচিব লগা হয়৷ বহুক্ষেত্ৰত তেওঁলোকে বজাৰ পাবলৈ দালালৰ সহায় ল’ব লগা হয়। চাহৰ দাম বাঢ়িলেও তেওঁলোকৰ হাতলৈ লাভ কিয় নাহে? চাহপাত যদি খেতিয়কে নেবেচে, কাৰখানা টো কেনেকৈ চলিব? সহযোগিতাৰ প্ৰয়োজন ইয়াতো আছে৷

আত্মসহায়ক গোট আৰু সমবায় সমিতি: দহজনীয়া গোটত সকলোকে সমান ভাগ দিয়াটো স্বাভাৱিক, কিন্তু হাজাৰজনীয়া ফেডাৰেচনত সেই নিয়ম চলাব পাৰি জানো? বেছি কাম কৰাসকল আঁতৰি গ'লে কি হ'ব?

সীমান্ত বাণিজ্য: 'এক্ট ইষ্ট' নীতিৰ অধীনত বাণিজ্য বাঢ়িছে বুলি কোৱা হয়, কিন্তু সেই লাভৰ কিমান অংশ উত্তৰ-পূবৰ উৎপাদকৰ হাতলৈ আহে, আৰু কিমান দূৰৈৰ ডাঙৰ বাণিজ্যিক কেন্দ্ৰবোৰে লৈ যায়?

জোঁট ৰাজনীতি আৰু শান্তি চুক্তি: চৰকাৰ গঠনৰ সময়ত সৰু দল এটাও কেতিয়াবা নিৰ্ণায়ক হৈ পৰে। কোনটো দলৰ সঁচাকৈ কিমান দৰ-দামৰ শক্তি আছে, আৰু কোনটো জোঁট ভাঙি যোৱাৰ আশংকা আছে? শান্তি চুক্তিতো একে প্ৰশ্ন: কোনটো পক্ষই চুক্তি টিকাই ৰাখিব বা ভাঙিব পাৰে?

এই সকলোবোৰ সমস্যাৰ মাজত এটা কথা একে: মূল্য বা খৰচ কোনো এজনে অকলে সৃষ্টি নকৰে, সংযোগৰ জৰিয়তেহে হয়। আৰু প্ৰতিবাৰেই প্ৰশ্নটো একে — কাক কিমান ভাগ দিয়া উচিত, আৰু ভাগ দিয়াৰ ক্ষেত্ৰত অনিয়ম বা অবিচাৰ হ'লে কোনে অসহযোগ কৰিব?

সহযোগী খেল তত্ত্বৰ মূল শিক্ষাটো সৰল: সহযোগিতা তেতিয়াহে টিকি থাকে, যেতিয়া প্ৰতিজন অংশীদাৰে অনুভৱ কৰে যে তেওঁৰ ভাগ ন্যায্য আৰু অকলে থকাতকৈ ভাল। সহযোগিতাৰ মডেলবোৰে এই ধাৰণাক এটা গণনাযোগ্য, পৰীক্ষাযোগ্য আৰু ৰাজহুৱাকৈ আলোচনা কৰিব পৰা সংখ্যালৈ ৰূপান্তৰিত কৰে। ব্ৰহ্মপুত্ৰৰ বানৰ পৰা চাহ বাগিচালৈকে, সীমান্তৰ হাটৰ পৰা কৃত্ৰিম বুদ্ধিমত্তালৈকে — আমাৰ বহু সমস্যাই আচলতে সংযোগৰ সমস্যা- সহযোগিতাৰ সমস্যা।
(লেখাটো প্ৰস্তুত কৰোতে ইণ্টাৰনেটত উপলব্ধ বিভিন্ন উৎসৰ সহায় লোৱা হৈছে৷ সিবিলাকৰ নিৰ্ভৰযোগ্যতা বিচাৰ কৰিহে আমি ইয়াত উদাহৰণবিলাক সন্নিৱিষ্ট কৰিছোঁ৷ ) (সমাপ্ত)

Enjoyed this writing?

Leave a like or share your constructive thoughts below.

Prof. Surajit Borkotokey

Prof. Surajit Borkotokey

Author & Researcher

Professor of Mathematics at Dibrugarh University, Assam. Specializes in Cooperative Game Theory and Network Science, writing bilingual reflections on mathematics, science, education, and Assamese heritage.

আলোচনা আৰু পাঠকৰ মতামত

0

এই নিবন্ধৰ সন্দৰ্ভত আপোনাৰ চিন্তা, গঠনমূলক প্ৰশ্ন বা মতামত ব্যক্ত কৰক।

নতুন মন্তব্য যোগ কৰক
Loading comments...

More Writings

View all