ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ড॰ ভূপেন হাজৰিকা পৰিৱেশ্য কলা অধ্যয়ন কেন্দ্ৰ আৰু বিহু সুৰক্ষা সমিতিয়ে যুটীয়াভাৱে দুদিনীয়া কাৰ্যসূচীৰে আয়োজন কৰা ‘পৰিৱেশ্য কলাৰ দৃষ্টিৰে বিহুৰ ঐতিহ্য আৰু বিৱৰ্তন’ শীৰ্ষক ৰাষ্ট্ৰীয় আলোচনাচক্ৰখনৰ উদ্ধোধনী অনুস্হানত প্ৰদান কৰা মোৰ ভাষণৰ কিয়দাংশ--
জয়জয়তে সকলোলৈকে আমাৰ সুপ্ৰভাত জনাইছোঁ৷
ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ হীৰক জয়ন্তী উদ্যাপনৰ সৈতে সংগতি ৰাখি আয়োজন কৰা এই আলোচনাচক্ৰখনত পৰিৱেশ্য কলাৰ দৃষ্টিকোণেৰে বিহুৰ ঐতিহ্য আৰু বিৱৰ্তনৰ ওপৰত আলোচনা কৰিব বিচৰা হৈছে৷ ই এক সময়োপযোগী পদক্ষেপৰূপে বিবেচিত হৈছে৷
পোনপটীয়া ভাষাৰে ক’বলৈ গ’লে দৰ্শক বা শ্ৰোতাৰ সন্মুখত কৰা কলাত্মক উপস্থাপনেই হৈছে পৰিৱেশ্য কলা, যিটো স্বতঃস্ফূৰ্ত বা পৰিশীলিত হ’ব পাৰে৷ পৰিৱেশ্য কলাক জীৱন্ত ৰূপত বা আন কোনো মাধ্যমৰ জৰিয়তেও পৰিৱেশন কৰিব পাৰি৷ আলোচনাচক্ৰ খনৰ মুল উদ্দেশ্য যিহেতুকে বিহুৰ পৰিবেশ্য ৰূপটোৰ ঐতিহ্য আৰু বিৱৰ্ত্তন বিচাৰ কৰা, ইয়াত নিশ্চয় পৰিবেশনৰ বিভিন্ন ঐতিহাসিক তথ্যৰ তথা সময়ৰ পৰিবৰ্তনৰ লগে লগে হোৱা সিবিলাকৰ বিৱৰ্তনৰ ওপৰত তত্বগধুৰ আলোচনা হ’ব! বিশ্ববিদ্যালয় পৰ্যায়ত এই ধৰণৰ আলোচনাই নিশ্চয় সমাজক বাট দেখুৱাত সহায় কৰিব৷ অত্যন্ত বিদ্যায়তনিক গুৰুত্ব থকা এনে এখন আলোচনা চক্ৰৰ আয়োজন কৰাৰ বাবে মই আয়োজক মণ্ডলীক অভিনন্দন তথা ধন্যবাদ জনাইছোঁ৷
অতীত অসমৰ অলিখিত ইতিহাস বিহুৰ মাজতেই বিচাৰি পোৱা যায়৷ বৈজ্ঞানিক দৃষ্টিৰে বিহুক ফঁহিয়াই চালে বিহুৰ মাজতেই আদিম অসমখনৰ জন-জীৱনৰ চানেকী পৰিস্ফূট হৈ উঠে৷ কিন্তু পৰিৱেশ্য কলা অহিবনে বিহুৰ উদ্যাপন তেনেই অসম্পূৰ্ণ৷
কৃষিজীৱি অনাখৰী চহা অসমীয়াই প্ৰকৃতিৰ বিনন্দীয়া ৰূপত মতলীয়া হৈ নাচ-গান কৰিছিল, ডেকা-গাভৰুৰ কণ্ঠেৰে স্বতঃস্ফূৰ্তভাৱে নিগৰি আহিছিল মনৰ নিভৃত কোণত জমা হৈ থকা ভাবৰাশি আৰু তাৰ সমান্তৰালকৈ তালে তালে প্ৰকট হৈ উঠিছিল কেতবোৰ বিশেষ দৈহিক ভংগিমা৷ ৰং-ৰহইচৰ মাজেৰে এনেদৰেই অসমৰ কৃষ্টিৰ পথাৰত পৰিবেশনৰ বীজ ৰোপিত হৈছিল৷
বিহুৰ উৎপত্তি সন্দৰ্ভত লোক-সংস্কৃতিৰ গৱেষকসকলে ভিন্ন সময়ত ভিন্ন মত পোষণ কৰি আহিছে যদিও অসমীয়াৰ প্ৰাণস্পন্দনৰূপে আখ্যায়িত হৈ অহা বিহু নামৰ উৎসৱটিত মংগোলীয়, আৰ্য, অষ্ট্ৰিক আৰু আলপাইন সভ্যতা-সংস্কৃতিৰ উপাদানৰ সংমিশ্ৰণ ঘটি এনেদৰে এটা নতুন ৰূপ পাইছেহি যে আজিৰ তাৰিখত বিহুৰ সৈতে জড়িত হৈ থকা জনগোষ্ঠীয় স্বকীয় বৈশিষ্ট্যসমূহক পৃথক কৰি দেখুৱাটোও প্ৰায় দুঃসাধ্য হৈ পৰিছে৷
মানুহে কৃষিক মূল জীৱিকা বা বৃত্তি হিচাপে গ্ৰহণ কৰি ল’বলৈ শিকাৰ পৰাই কৃষিকাৰ্য আৰম্ভ কৰাৰ আৰু চপোৱাৰ সময়ত আনন্দ কৰিছিল, সিয়েই সমূহীয়া ৰূপ পাই এক ৰীতিলৈ পৰিৱৰ্তন হ’ল আৰু কালক্ৰমত বিহু এক উৎসৱত পৰিণত হ’লগৈ৷
অসমত কৃষিৰ প্ৰক্ৰিয়া পোনতে অষ্ট্ৰিক আৰু মংগোলীয়সকলে আৰম্ভ কৰিছিল বুলি জনা যায় বাবে বিহু পোনতে এই নৃতাত্ত্বিক গোষ্ঠীকেইটাৰে সৃষ্টি বুলি বহুকেইগৰাকী বিশেষজ্ঞই মত পোষণ কৰি আহিছে৷
পিছলৈ বিহুত আৰ্য সভ্যতাৰ প্ৰভাৱ পৰে, বিহুৰ মাজত সোমাই পৰে আৰ্য সভ্যতাৰ ভালেকেইটা উপাদান, যিসমূহ আজিও সুস্পষ্ট৷
তাহানিৰ কালতে অসমৰ ডেকা-গাভৰুৱে মিলি বসন্ত কালত চ’ত মাহৰ নিশা নাচি-বাগি গীত জুৰি আনন্দ কৰিছিল৷ সেই কালছোৱাত ব্যক্তিগত উৎসাহ আৰু প্ৰেমৰ প্ৰকাশেই বিহুত প্ৰাধান্য পাইছিল৷ সেই কালৰ বিহুৱাসকলে একান্তই নিজৰ আনন্দ প্ৰকাশৰ বাবেহে বিহু মাৰিছিল; সেয়েহে তাহানিৰ বিহুত সামাজিক শৃংখলাও আছিল ন্যূনতম৷ অসমখন বৃটিছৰ অধীনলৈ যোৱাৰ লগে লগে অসমৰ সামাজিক, অৰ্থনৈতিক, সাংষ্কৃতিক–সকলো দিশতে কেতবোৰ যুগান্তকাৰী পৰিৱৰ্তনৰ সূচনা হয়৷ আৰু এই আটাইবিলাক পৰিবৰ্তনেই দৃশ্যমান হয় বিহুৰ পৰিবেশ্য ৰূপটোৰ জড়িয়তেই!
পশ্চিমীয়া শিক্ষা আৰু সভ্যতা-সংস্কৃতিৰ প্ৰভাৱে শিক্ষিত অসমীয়াৰ মাজৰ এটা বৃহৎ চামক নিজৰ সাতামপুৰুষীয়া থলুৱা কৃষ্টি-সংস্কৃতি ৰক্ষা কৰাৰ প্ৰতি কিঞ্চিত হ’লেও উদাসীন কৰি তুলিছিল, কাৰণ ১৮২৬ চনত স্বাক্ষৰিত ইয়াণ্ডাবু সন্ধিৰ সন্ধিক্ষণতে ইংৰাজী শিক্ষাৰে শিক্ষিত অসমীয়াৰ মাজৰে একাংশই বিহুক ‘ইতৰ প্ৰাণীৰ নাচ গান’ বুলি আখ্যা দি অসমৰ জনজীৱনৰ অবিচ্ছিন্ন অংগ বিহুৰ গুৰুত্বক প্ৰকাশ্যে অৱমাননা বা তুচ্চ-তাচ্চিল্য কৰিবলৈও কুণ্ঠাবোধ কৰা নাছিল৷
অসমৰ জনসাধাৰণৰ মাজত শংকৰদেৱৰ দ্বাৰা প্ৰচাৰিত একশৰণ নামধৰ্মৰ সৰ্বব্যাপী প্ৰভাৱ পৰাৰ লগে লগে বিহুলৈকো কেতবোৰ আমূল পৰিৱৰ্তন আহিল৷ বিহুত প্ৰেম-পিৰিতীৰ উপৰিও ধৰ্মীয় আদৰ্শৰ চাপ নৱবৈষ্ণৰ আন্দোলনৰ কালছোৱাতে পৰিল৷ তেনেদৰে বিহুৰ নৃত্য-গীতৰ প্ৰভাৱো গুৰুজনাকৃত বৈষ্ণৱ সংস্কৃতিত পৰিল৷ সেই সময়তে বিহুৱে এক পুৰ্ণাংগ সামাজিক উৎসৱৰ ৰূপ পায়৷ ইয়াৰ পৰিবেশ্য ৰূপটো আৰু প্ৰকটহৈ পৰে৷
তাৰো কিছুকালৰ পাছত আহোম স্বৰ্গদেউ ৰুদ্ৰ সিংহই চহা ৰাইজৰ বিহুলৈ পোনপটীয়া ৰজাঘৰীয়া পৃষ্ঠপোষকতা আগবঢ়ায়৷ তেখেতেই গছ তলৰ বিহুক আমন্ত্ৰণ জনাই ৰংঘৰৰ বাকৰিলৈ আনে আৰু অংশগ্ৰহণকাৰী বিহুৱাসকলক পুৰষ্কাৰ দিয়াৰো ব্যৱস্থা কৰে৷ তদুপৰি, এইজনা স্বৰ্গদেৱেই হুঁচৰি দলৰ আগত মূৰ দোৱাই আশীৰ্বাদ লোৱাৰ পৰম্পৰাও আৰম্ভ কৰে৷
এচাম অসমীয়াই বিহুক তুচ্চ জ্ঞান কৰাৰ সময়তে লক্ষ্মীনাথ বেজবৰুৱা, ৰজনীকান্ত বৰদলৈ প্ৰমুখ্যে অসমীয়া ভাষা-সাহিত্যৰ কেইগৰাকীমান পুৰোধা ব্যক্তিয়ে বিহুৰ সপক্ষে মাত মাতি বিলুপ্তিৰ গৰাহৰ পৰা বিহুক ৰক্ষা কৰিলে৷
তথাপিও বিহুৰ ওপৰত ক্ষতিকৰ প্ৰভাৱ নপৰাকৈ নাথাকিল৷ গৰিষ্ঠ সংখ্যক শিক্ষিত অসমীয়াই বিহুত হেপাঁহ পলুৱাই আনন্দ কৰাৰ পৰিৱৰ্তে সামাজিকভাৱে পালন কৰিব লগা এক ৰীতিৰূপেহে বিহুক মানিবলৈ ধৰিলে৷ তেনে এক সময়তে বিহুত এক নতুন অধ্যায়ৰ সূচনা হ’ল– মঞ্চ বিহু৷
ইতিমধ্যে অসমৰ বিভিন্ন ঠাইত পশ্চিমীয়া আৰ্হিৰ মঞ্চ তৈয়াৰ হৈছিল, তাত আন আন সাংস্কৃতিক অনুষ্ঠান ৰাইজৰ আগত প্ৰদৰ্শন কৰাৰ ধাৰা এটিও প্ৰচলিত হৈছিল৷ মঞ্চ বিহুৰ সেই আৰ্হিক ৰাজ্যখনৰ বিভিন্ন অঞ্চলত ৰাইজে গ্ৰহণ কৰিলে৷ এনেদৰেই মঞ্চ বিহুৱে সমগ্ৰ অসমজুৰি অভূতপূৰ্ব জনপ্ৰিয়তা লাভ কৰে৷
মঞ্চ বিহুত বিহু প্ৰদৰ্শনতকৈয়ো বিভিন্ন প্ৰতিযোগিতাৰ ওপৰতহে গুৰুত্ব দিয়া দেখা যায়, আৰু এই বিহু মূলতঃ দৰ্শকক আমোদ দিবলৈকে অনুষ্ঠিত কৰা হয়৷ গতিকে এই বিহু বহুকেইটা নীতি-নিৰ্দেশনা আৰু ব্যাকৰণৰ মাজত সোমাই পৰিল৷ ইয়াৰ ফলত বিহু নৃত্য-গীতে এক প্ৰদৰ্শনমূলক কলাৰ ৰূপ লয়৷
বৰ্তমান মঞ্চ বিহু আৰু হুঁচৰি গাই ঘৰে ঘৰে আশীৰ্বাদ দিয়া–এই দুই ধৰণৰ বিহুৱেই অসমৰ প্ৰান্তে প্ৰান্তে উদ্যাপন কৰা দেখা যায়৷ বৰ্তমান বিহু সন্দৰ্ভত আন এক লক্ষণীয় পৰিৱৰ্তন অহা দেখা গৈছে৷ দৃশ্য-শ্ৰব্য মাধ্যমৰ মাজেদি প্ৰদৰ্শিত বিহুসুৰীয়া গীত-মাত নতুন প্ৰজন্মৰ মাজত অতিকৈ জনপ্ৰিয় হোৱা দেখা গৈছে৷
মঞ্চ বিহুৰ আন এটা বিশেষত্ব হ’লযে বিহুৰ বাবেই সৃষ্ট এই মঞ্চত আজি অসমৰ বিভিন্ন নৃগোষ্ঠিয় বিহুৰ পৰিবেশনো আমি দেখা পাওঁ! আজি বিহুৰ মঞ্চখনতে আমি সোনোৱাল কছাৰী বিহু, মৰাণ বিহু, টিৱা বিহু আদিৰ পৰিবেশন দেখিবলৈ সক্ষম হৈছোঁ! এই বিভিন্ন জাতি জনগোষ্ঠিৰ ঐতিহ্যৰ পৰিবেশন তথা সিবিলাক উপভোগ কৰাৰ সুযোগ দিয়াৰ ক্ষেত্ৰত মঞ্চ বিহুৱে যি ভুমিকা পালন কৰিলে সেয়া হযতো পৰিবেশ্য কলাৰ এই ধাৰাটোৰ বিকাশ নোহোৱা হ’লে কেতিয়াও সম্ভৱ নহ’ল হেতেন! সেয়ে হয়টো পৰিবেশ্য কলাৰ দৃষ্টিৰে বিহুৰ কথা যদিও কোৱা হৈছে, বিহুৱে ইয়াত আন আন সকলো জাতি জনগোষ্ঠিৰ বিহুকো সাঙুৰি আমাৰ বৃহৎ অসমীয়া জাতি গঠনৰ ক্ষেত্ৰত এক ইতিবাচক ভূমিকা পালন কৰিছে!
লোকসংস্কৃতিৰ কেইটামান বৈশিষ্ট্য হ’লযে ইয়াৰ পৰিবেশন স্বতঃস্ফূৰ্ত, ইয়াৰ লগত জড়িত ৰীতি নীতি, গীত বাদ্য বিলাক মানুহৰ মুখে মুখে চলি অহা, সৰল গাঠনি, বাদ্যযন্ত্ৰ বিলাক সাধাৰণতে ঘৰতে তৈয়াৰ কৰি লয় ইত্যাদি! লোক সংস্কৃতিৰ জড়িয়তে এখন সমাজ প্ৰতিভাত হয়! বিহুৰ ক্ষেত্ৰত আমি দেখা কেইটামান বৈশিষ্ট্য হ’লযে বিহু গীত সমুহৰ সুৰ বন্ধা থাকে ৪ বা ৫ টা স্বৰত! ই আমাৰ মানুহে তাতকৈ বেছি স্বৰ ব্যৱহাৰ কৰিব নাজানে কাৰণে হোৱা পৰিঘটনা নহয়! আমাৰ সমাজখন যে অতীজৰে পৰা সংৰক্ষণশীল, বৰ বেছি মুকলিমনা নহয় তাকেহে ই প্ৰতিফলিত কৰে! ঠিক তেনেদৰে বাদ্যযন্ত্ৰ বিলাকে সংস্কৃতিৰ শ্ৰৱন কল্পনাক (Acoustic Imagination) প্ৰতিনিধিত্ব কৰে৷ আমাৰ বিহুৰ লগত জড়িত বাদ্যযন্ত্ৰ বোৰ monophonic অৰ্থাৎ এইবিলাকত harmonic elements কম থাকে৷ উদাহৰণ স্বৰূপে আমি দোতাৰা, টোকাৰি, গগনা আদিৰ কথা ক’ব পাৰোঁ৷ পশ্চিমীয়া লোকবাদ্যত যেনে হাৰ্ডি গাৰ্ডি, বেগ পাইপ আদি বিলাকত কিন্তু polyphony থাকে, harmony থাকে৷ এইবিলাকৰ তুলনাত্মক অধ্যয়ন কৰাৰ, গৱেষণা কৰাৰ নিশ্চয় অনেক সমল আছে আৰু পৰিবেশ্য কলাৰ ছাত্ৰ ছাত্ৰীয়েই এনে ধৰণৰ গৱেষণা আগবঢ়াই লৈ যাব বুলি মই আশাবাদী!
Bihu is a powerful example of how traditional folk form transcends boundaries and brings together diverse communities across Assam! Though bihu originated from specific indigenous traditions, over centuries it has evolved into a pan Assamese celebration. Today it is celebrated in urban and rural areas alike with localized variations while retaining its core identity. Performances play a significant role in the tradition of bihu. It is very pertinent to discuss the evolution of Bihu as a performing art form and the traditions synonymous with our pride, our soul, our existence as a united Assamese society!!!
যদিও বিহুক লৈ আমাৰ উৎসাহৰ অন্ত নাই, বিহু আমাৰ স্বাভিমান, বিহুকলৈ আমি অত্যন্ত স্পৰ্শকাতৰ তাৰ মাজতো বিহুৰ বিকৃতি হৈছে৷ সংস্কৃতিৰ মাজত দুস্কৃতিয়ে স্হান লৈছে৷ বিহুক নতুন প্ৰজন্মই কিদৰে আকোৱালী লৈছে সেয়া আজিৰ তাৰিখত এক লাখটকীয়া প্ৰশ্ন! সংস্কৃতিৰ মাজৰ পৰা দুস্কৃতিক আমি বিচাৰি উলিয়াব পাৰিছোঁনে? বিহুটোক কলাত্মক ৰূপত পৰিবেশন কৰাৰ ক্ষেত্ৰত আমি কি কৰিছোঁ? এইখিনিতে ড° ভুপেন হাজৰিকাদেৱৰ এই গীতটিলৈ মনত পৰে
সময়ৰ গতি আছে জানো জানো
অগতিৰ গতি আছে তাকো জানো
সোঁৱৰাই দিলেই লাগে জগৰ
দাং খাই উঠে দেখো বিহুৱা নগৰ
অসমৰ পথাৰৰ বিহু আহি
নগৰৰ ৰভাতলীত ৰৈ আছেহি
ঢোলৰ ছেৱে ছেৱে শুদা ভাত খাৱ
খাই খাই থেকেচা খাই খাই যাৱ
আৰু বছৰে বছৰে টুটিহে যাৱ!
এইবোৰ দেখিশুনি এলাই এথানি
ক’বলৈ মন যায় কপাই ধৰণী
নতুন পুৰুষে কিছু কাম কৰাৰ
বহাগেই বতৰ কিজানি
বোলো হয় হয় হয় হয় হয় হে হয়নে?
বহাগৰ বতৰত বিহুৰ পৰিবেশ্য ৰূপটোৰ ওপৰত এনে এখন কৰ্মশালা অনুস্হিত কৰি ভুপেন হাজৰিকাৰ এই আহ্বানক সহাৰি জনোৱাৰ বাবে মই পুণৰ বাৰ আয়োজক মণ্ডলীলৈ মোৰ অভিনন্দন জনালোঁ আৰু
এইখিনিকে কৈ ‘পৰিৱেশ্য কলাৰ দৃষ্টিৰে বিহুৰ ঐতিহ্য আৰু বিৱৰ্তন’ শীৰ্ষক এই ৰাষ্ট্ৰীয় আলোচনাচক্ৰখন উদ্বোধন কৰা হ’ল বুলি ঘোষণা কৰিলোঁ৷
ধন্যবাদ।



আলোচনা আৰু পাঠকৰ মতামত
0এই নিবন্ধৰ সন্দৰ্ভত আপোনাৰ চিন্তা, গঠনমূলক প্ৰশ্ন বা মতামত ব্যক্ত কৰক।