অসমীয়া••25 মিনিট পঢ়া

কৃত্ৰিম বুদ্ধিমত্তাৰ দৌৰ : The Game of Chicken

Game theoretic solutions on how the race for attaining Artificial General Intelligence has effected human civilization!!!

Prof. Surajit Borkotokey
Prof. Surajit Borkotokey

Professor of Mathematics • Dibrugarh University

কৃত্ৰিম বুদ্ধিমত্তাৰ দৌৰ : The Game of Chicken

কৃত্ৰিম সাধাৰণ বুদ্ধিমত্তা:

কৃত্ৰিম সাধাৰণ বুদ্ধিমত্তা (Artificial General Intelligence) হ’ল ভৱিষ্যতৰ এনে এক এ আই ব্যৱস্থা, যিয়ে মানুহৰ দৰেই যিকোনো বৌদ্ধিক কাম সমান পাৰদৰ্শিতাৰেই বুজি পাব, শিকিব আৰু সম্পন্ন কৰিব পাৰিব। বৰ্তমানৰ এ আই মডেল বোৰ প্ৰতি দিনেই দক্ষ হৈ গৈ আছে যদিও এতিয়াও মানুহৰ বাধ্য হৈ আছে, কিন্তু এ জি আই হ’ব স্বয়ংক্ৰিয়ভাৱে নতুন পৰিস্থিতিৰ সৈতে খাপ খাই পৰিব পৰা এক সাৰ্বজনীন মানৱ-স্তৰৰ বুদ্ধিমত্তা। সিহতে মানুহৰ দৰেই সিদ্ধান্ত ল’ব পাৰিব, তাৰ ওপৰত ভিত্তি কৰি নিদিষ্ট পদক্ষেপ ল’ব পাৰিব আৰু সিহতৰ নিজা পছন্দ-অপছন্দ ও থাকিব ৷ এই কথাবিলাক আমাৰ বাবে এতিয়ালৈকে যদিও কল্প কাহিনী যেনেই লাগি আছে, শেহতীয়া কেতবোৰ ঘটনাৰ বাবে ইয়াক সম্পূৰ্ণ নস্যাৎ কৰিবলৈকো সংশয় হৈছে ৷

কৃত্ৰিম বুদ্ধিমত্তাৰ লগত জড়িত সাম্প্ৰতিক ঘটনাৱলী:

যোৱা কিছুদিন ধৰি কৃত্ৰিম বুদ্ধিমত্তাৰ বিকাশৰ লগত জড়িত বিশ্বৰ কেতবোৰ বিশেষ বিশেষ ব্যক্তিয়ে কৃত্ৰিম বুদ্ধিমত্তাৰ উত্থানে অতি সোনকালে মানৱ জাতিক ধংসৰ মুখলৈ লৈ যাব বুলি শংকা প্ৰকাশ কৰিছে ৷ আনকি ক্লড্ (Claude) নামৰ বহুল ব্যৱহৃত কৃত্ৰিম বুদ্ধিমত্তাৰ ইঞ্জিনটোৰ প্ৰস্তুতকৰ্ত্তা এন্থ্ৰপিক (Anthropic) নামৰ কোম্পানীৰ মুখ্য কাৰ্যবাহী বিষয়া দাৰিঅ' আমোডেইয়ে মুকলিকৈয়ে কৈছে যে আটাইতকৈ শক্তিশালী এ আই মডেলবোৰৰ বিকাশৰ গতি কমোৱা উচিত ৷ এই গতিত গৈ থাকিলে এই মডেল বিলাকে কৃত্ৰিম সাধাৰণ বুদ্ধিমত্তা লাভ কৰিবলৈ বৰ বেছি দিন নালাগিব৷ এইকথাত হয়ভৰ দিছে বিশ্বৰ আটাইতকৈ ধনী ব্যক্তি এলন মাস্ক আৰু অপেন এ আই নামৰ কৃত্ৰিম বুদ্ধিমত্তা তৈয়াৰ কৰা আন এটা কোম্পেনীৰ মুখ্য কাৰ্যবাহী বিষয়া ছাম অল্টমেনেও ৷ কথাৰ আৰম্ভণি যোৱা ৮ ছেপ্টেম্বৰত। এন্থ্ৰ'পিকৰ সুৰক্ষা গৱেষক জেকব ককচনে সেইদিনা এ আই ৰ বৰ্দ্ধিত আগ্ৰাসনত সন্ত্ৰস্ত হৈ তথা মানৱজাতিৰ প্ৰতি নিজৰ দায়বদ্ধতা প্ৰকাশ কৰি এন্থ্ৰ'পিকৰ চাকৰি ইস্তফা দিলে৷ তেওঁ এক্সত এটা পষ্ট দিলে য’ত তেওঁ লিখিলে যে প্ৰতিষ্ঠানবোৰে নিজে নিজকে উন্নত কৰিব পৰা অতিবুদ্ধিমান ব্যৱস্থাৰ পিছত ইমান খৰকৈ দৌৰিছে যে সাৱধান নহ'লে অতিবুদ্ধিমান এ আই-ৰ পৰা মানৱজাতি নিঃশেষ হোৱাৰো সম্ভাৱনা আছে। আৰু আচৰিত কথা, তেওঁক সমৰ্থন কৰি এন্থ্ৰ'পিকৰে এলাইনমেণ্ট শাখাৰ ইভান হাবিঞ্জাৰে আৰু এখোজ আগবাঢ়ি গৈ ক'লে যে অহা দশকটোৰ ভিতৰত এ আই য়ে গোটেই মানৱজাতিক শেষ কৰাৰ সম্ভাৱনা দহ শতাংশতকৈও বেছি। ঠিক তাৰ পাছতে দাৰিঅ' আমোডেইয়ে দিয়া বিবৃতিয়ে সমগ্ৰ বিশ্বতে আলোড়নৰ সৃষ্টি কৰে ৷ এই বিতৰ্কৰ মাজতে আন এটা খবৰে গণিতজ্ঞ মহলত হুলস্থুল লগালে। অপেন এ আই -এ (OpenAI) এ দাবী কৰিছে যে তেওঁলোকৰ এটা আভ্যন্তৰীণ মডেলে ১০,০০০ টা এজেণ্টক একেলগে ৮৮ ঘণ্টা খটুৱাই গণিতৰ এটা অত্যন্ত জটিল সমস্যা হিচাপে পৰিচিত নেভিয়াৰ-ষ্ট'কছ (Navier–Stokes) নামৰ সমস্যাটোৰ সমাধান উলিয়াইছে। ১৬৬ পৃষ্ঠাৰ গৱেষণাপত্ৰখন আৰু লগতে লীন (Lean) নামৰ গাণিতিক প্ৰমাণ পৰীক্ষা কৰিবলৈ ব্যৱহৃত কম্পিউটাৰ ভাষাৰ জড়িয়তে কৰা সত্যাপনো তেওঁলোকে ৰাজহুৱা কৰিছে। কিন্তু "সমাধান" শব্দটো ব্যৱহাৰ কৰাৰ আগতে এটা কথা জানি থোৱা দৰকাৰ — গণিতত এনেধৰণৰ দাবীয়ে স্বীকৃতি লাভ কৰাৰ কিছুমান নিয়ম আছে। ১৯০০ চনত পেৰিছত ডেভিদ হিলবাৰ্টে (David Hilbert) গণিতৰ ২৩টা তেতিয়ালৈকে অমীমাংসিত সমস্যাৰ এখন তালিকা আগবঢ়াইছিল ৷ সেই তালিকাই গোটেই বিংশ শতিকাৰ গাণিতিক গৱেষণাৰ গতিপথ নিৰ্ধাৰণ কৰি দিছিল ৷ ঠিক তাৰ এশ বছৰ পিছত, ২০০০ চনত সেই পেৰিছতে ক্লে মেথেমেটিক্স ইনষ্টিটিউটে (Clay Mathematics Institute) হিলবাৰ্টৰ সেই পৰম্পৰাকে আগবঢ়াই লৈ গৈ সাতোটা 'মিলেনিয়াম প্ৰাইজ' সমস্যা ঘোষণা কৰে আৰু প্ৰতিটোৰ বাবে দহ লাখ ডলাৰৰ পুৰস্কাৰ নিৰ্ধাৰণ কৰে। এই সাতোটাৰ ভিতৰত আজিলৈকে মাত্ৰ এটাহে সমাধান হৈছে৷ সেয়েহে ক্লে ইনষ্টিটিউটৰ স্বীকৃতিয়েই এতিয়া এটা ঐতিহাসিক সমস্যা "সমাধান হ'ল" বুলি ঘোষণা কৰাৰ আন্তৰ্জাতিক মাপকাঠি হৈ পৰিছে ৷ গতিকে সম্পূৰ্ণ প্ৰমাণিত নোহোৱা যিকোনো দাবীকে দাবী কৰাৰ মুহূৰ্ততে চূড়ান্ত বিজয় বুলি ধৰি ল’ব নোৱাৰি। সেই মাপকাঠিৰে জুখিলে অপেন এ আই-ৰ প্ৰমাণটো এতিয়াও দাবীহে — স্বাধীন গণিতজ্ঞসকলে এতিয়ালৈকে নিজাকৈ প্ৰমাণটো সত্যাপণ কৰা নাই ৷ ক্লে ইনষ্টিটিউটে এতিয়াও সমস্যাটোক "অমীমাংসিত" বুলিয়েই তালিকাভুক্ত কৰি ৰাখিছে ৷ তেওঁলোকৰ নিয়ম অনুসৰি প্ৰকাশৰ পিছত দুবছৰ আৰু গণিতজ্ঞ সমাজৰ সাধাৰণ স্বীকৃতি নোহোৱাকৈ ইয়াক বিবেচনালৈকে অনা নহয়। আৰু আমোদজনক কথাটো হৈছে যে অপেন এ আই-এ এই দহ লাখ ডলাৰৰ পুৰস্কাৰটো তেওঁলোকে দাবী নকৰো বুলি প্ৰতিশ্ৰুতি দিছে ৷ এই খিনিতে কামটোৰ কৃতিত্বৰ অংশীদাৰিত্বতো এটা সমস্যা হৈছে। নিউয়'ৰ্ক বিশ্ববিদ্যালয়ৰ ট্ৰিষ্টান বাকমাষ্টাৰ (Tristan Buckmaster) আৰু এন্থ্ৰ'পিকৰ সৈতে জড়িত লেভেন্ট আলপ'গে (Levent Alpöge) আগতীয়াকৈ এই দিশত যথেষ্ট আগবাঢ়িছিল, কিন্তু ফলাফল ৰাজহুৱা কৰাৰ আগতেই অপেন এ আই-এ নিজৰ বিশাল প্ৰচেষ্টাটো আৰম্ভ কৰে। বাকমাষ্টাৰে প্ৰশ্ন তুলিছে — অপেন এ আই -এ তেওঁলোকৰ এই বিষয়ত কৰা পূৰ্বৰ কামৰ সম্ভেদ পাইছিল নেকি? অপেন এ আই-এ পোণপটিয়াকৈ অস্ৱীকাৰ কৰাৰ পৰিৱৰ্ত্তে কৈছে যে জানি-বুজি তেওঁলোকে সেয়া কৰা নাই। মন কৰক, এই দুয়োজন গণিতজ্ঞৰ এজন এন্থ্ৰ'পিকৰ সৈতে জড়িত — অৰ্থাৎ ক'ৰবাত এখন দৌৰ চলি আছে আৰু দৌৰখন কেৱল কোম্পানীৰ মাজতেই নহয়, গৱেষকৰ মাজতো।

গেম অৱ চিকেন:

দুখন গাড়ীৰ কাহিনী কল্পনা কৰক — এটা ঠেক ৰাস্তাৰ দুয়োমূৰৰ পৰা দুখন গাড়ী প্ৰচণ্ড বেগেৰে ইখনে সিখনৰ দিশে আগবাঢ়িছে। দুয়োজন চালকৰ হাতত মাত্ৰ দুটা বিকল্প — ব্ৰেক প্ৰয়োগ কৰি এক সম্ভাৱ্য ভয়ানক দূৰ্ঘটনাৰ পৰা নিজকে আৰু আনজন চালকক ৰক্ষা কৰিব পাৰে, নাইবা পোনে পোনে একে বেগতে আগবাঢ়ি গৈ থাকিব পাৰে। এই পৰিঘটনাটোৰ চাৰিটা সম্ভাৱ্য পৰিণতি হ’ব পাৰে: দুয়োজনেই যদি ব্ৰেক প্ৰয়োগ কৰে তেতিয়া কাৰো একো ক্ষতি নহয়, কেৱল দুয়োৰে সামান্য সন্মানহানি হ’ব। এজনে ব্ৰেক প্ৰয়োগ কৰিলে, কিন্তু আনজনে নকৰিলে — যিজনে কৰিলে তেওঁ "চিকেন", অৰ্থাৎ ভীৰু আখ্যা পায়; আৰু আনজনে গোটেই সন্মানটো লৈ যায় – সাধাৰণ ভাষাত তেওঁ “হিৰ’” আখ্যা পায়। শেষৰ পৰিণতিটো হ’ব পাৰে যে কোনেও শেষলৈকে ব্ৰেক প্ৰয়োগ নকৰিলে —ফলাফল অনিবাৰ্য সংঘৰ্ষ। দুয়োৰে সৰ্বনাশ। প্ৰত্যেক চালকৰ ব্যক্তিগত স্বাৰ্থৰ ফালৰ পৰা আটাইতকৈ ভাল ফলাফলটো হ'ল — আনজনে ব্ৰেক মাৰক, মই নামাৰো। কিন্তু দুয়োজনেই যদি ঠিক সেই একে যুক্তি মানি চলে, তেন্তে যি ফলাফল ওলায় সেইটোৱেই দুয়োৰে বাবে আটাইতকৈ ভয়ানক। আৰু ইয়াৰ আটাইতকৈ বিপদজনক দিশটো হ'ল — জয়ৰ চাবিকাঠি হৈ পৰে "মই কেতিয়াও ব্ৰেক নামাৰো" বুলি প্ৰতিপক্ষক বিশ্বাস কৰোৱাটো। সেয়েহে এজন চালকে ব্ৰেকৰ এচেম্বলী টোকেই খুলি খিৰিকীৰে বাহিৰলৈ দলিয়াই দিব পাৰে — নিজৰ বিকল্প নিজেই নষ্ট কৰি, যাতে আনজনে দেখে যে এতিয়া ব্ৰেক ধৰাটো তেওঁৰ পক্ষে অসম্ভৱ। গেম থিয়ৰীত ইয়াক বিকল্পহীন-কৌশল (commitment device) বোলা হয়। লক্ষ্য কৰক — প্ৰতিটো পদক্ষেপ ব্যক্তিগতভাৱে সম্পূৰ্ণ যুক্তিসংগত, তথাপি গোটেই শৃংখলটোৱে সামূহিক বিপদৰ ফালেহে লৈ যায়।

একেই খেল, ডাঙৰ ৰাস্তা: কৃত্ৰিম বুদ্ধিমত্তাৰ বিশ্বজনীন দৌৰ:

এতিয়া গাড়ী দুখনৰ ঠাইত এ আই মডেল প্ৰস্তুত কৰা প্ৰযুক্তি প্ৰতিষ্ঠানসমূহক কল্পনা কৰক, আৰু দুইফালৰ পৰা আহি থকা গাড়ী দুখনৰ পৰিঘটনাটোক কৃত্ৰিম সাধাৰণ বুদ্ধিমত্তা (AGI) গঢ়ি তোলাৰ প্ৰতিযোগিতা খনৰ লগত তুলনা কৰক। সাদৃশ্যটো এনেদৰে মিলে:- ব্ৰেক প্ৰয়োগ কৰা মানে শক্তিশালী এ আই মডেল বিলাকৰ বিকাশৰ বেগ কমোৱা, সুৰক্ষা গৱেষণাত সময় আৰু সম্পদ প্ৰদান কৰা ইত্যাদি। ব্ৰেক প্ৰয়োগ নকৰি গোণা মহটো যোৱাদি আগলৈ গৈ থকা মানে আটাইতকৈ শক্তিশালী মডেলটো আটাইতকৈ সোনকালে কোনে উলিয়াই দিব পাৰে তাৰে প্ৰতিযোগিতাত অৱতীৰ্ণ হোৱা। ফলাফল প্ৰাপ্তিৰ গঠনটোও একেই। প্ৰথম হোৱাৰ লাভ বিশাল — বজাৰ, প্ৰতিভা, ৰাষ্ট্ৰীয় কৌশলগত সুবিধা। অকলে বেগ কমালে প্ৰতিযোগিতাখনৰ পৰা আতৰি আহিব লগাৰ শংকা। গতিকে প্ৰতিটো পক্ষই হিচাপ কৰে: সিহঁতে বেগ হয়তো নকমাব; গতিকে মই যদি কমাই দিওঁ, মই হাৰিম। দুয়ো পক্ষই একে ধৰণে হিচাপ কৰে, আৰু দুয়ো পক্ষই বেগ বঢ়াই গৈ থাকে। ইয়াৰ শেষ কি? দাৰিঅ' আমোডেইয়ে কোৱাৰ ধৰণেৰে মানৱ জাতিৰ ধংস ? ইতিমধ্যে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে তেওঁ কোনো কাৰণতে এ আই-ৰ বিকাশৰ গতি কমাবলৈ নিৰ্দেশনা নিদিয়ে বুলি ঘোষণা কৰিছে ৷ কাৰণ চীন দেশৰ এ আই – ইঞ্জিন বিলাক তেতিয়া আৰু শক্তিশালী হৈ গৈ থাকিব যাৰ ফলত শ্বেয়াৰ বজাৰত আমেৰিকাৰ ভাৱিব নোৱাৰা ধৰণৰ ক্ষতি হ’ব ৷ অৰ্থাৎ আমেৰিকাই চিকেন হ’ব নিবিচাৰে, আৰু ই যুক্তিসংগত ৷ কিন্তু তিনিটা কাৰণত এই খেলখন গাড়ীৰ খেলখনতকৈও ভয়ংকৰ: প্ৰথমে, সংঘৰ্ষৰ ক্ষতি কেৱল দুখন গাড়ীৰ নহয়। চালক দুজনে যি নিৰ্ণয় লয়, তাৰ ফল ভুগিব লগা হব আন বহুতে — অৰ্থাৎ যিসকলে খেলখনত অংশ লোৱা নাই, সেই সমগ্ৰ মানৱজাতিয়ে। অৰ্থনীতিৰ ভাষাত ইয়াক ঋণাত্মক বাহ্যিকতা (negative externality) বোলা হয়, আৰু এইটোৱেই মানৱ জাতিৰ অস্তিত্বৰ সংকট ঘণীভুত কৰাৰ এটা প্ৰধান কাৰণ হিচাপে চিহ্নিত হৈছে । দ্বিতীয়তে, ইয়াত প্ৰতিপক্ষৰ বেগ জোখাটো টান। গাড়ীৰ ক্ষেত্ৰত আনখনৰ গতি চকুৰে দেখা যায়; গৱেষণাগাৰৰ ভিতৰত কি চলিছে সেয়া দেখা নাযায়। অসম্পূৰ্ণ তথ্যৰ বাবে প্ৰতিটো পক্ষই সাধাৰণতে আনজনৰ বেগ “অতি-অনুমান” কৰে, আৰু সেই “অতি-অনুমান”ৰ বাবেই নিজৰ বেগ আৰু বঢ়াই দিয়ে। তৃতীয়তে, খৰচ আৰু লাভৰ সময়-বিন্যাস অসম। ব্ৰেক মাৰিলে ক্ষতিটো তৎক্ষণাৎ আৰু নিশ্চিত — বজাৰ হেৰুৱা, বিনিয়োগ হ্ৰাস। সংঘৰ্ষটো এটা সম্ভাৱনা আৰু ই দূৰৱৰ্তী। মানুহে নিশ্চিত আৰু ওচৰৰ ক্ষতিক, সম্ভাব্য আৰু দূৰৰ ক্ষতিতকৈ বেছি গুৰুত্ব দিয়ে। অৱশ্যে, এ আই -ৰ উন্নয়নে কেৱল বিৰূপ প্ৰভাৱেই যে পেলাব সিও নহয় — সুৰক্ষিত গৱেষণাৰ ফলাফল বহু সময়ত দুয়ো পক্ষই ব্যৱহাৰ কৰিব পাৰে, আৰু গাড়ীৰ দৰে ইয়াত সংঘৰ্ষ মানে মানৱ জীৱন নিশ্চিহ্ন হোৱাটো নিশ্চিত নহয়, কেৱল সম্ভাৱনাহে। লাভ-লোকচানৰ ভাৰখনত কাৰ পাল্লা ভাৰী — এই প্ৰশ্নত বিশেষজ্ঞসকলৰ মাজত যথেষ্ট মতভেদ আছে। গতিকে গেম অৱ চিকেন ইয়াত এটা গাঠনিক আৰ্হি, ভৱিষ্যদ্বাণী নহয়।

নাশ্ব সাম্যাৱস্থা আৰু পাৰস্পৰিক সংযম:

এই খিনিতে গেম থিয়ৰীত থকা “নাশ্ব সাম্যাৱস্থা” নামৰ ধাৰণা এটাই কেনেকৈ দুয়োজন চালকৰ বাবেই নিজৰ নিজৰ গাড়ী দুখন নিশ্চিত সংঘৰ্ষৰ ফালে লৈ যোৱাটোৱেই যে আটাইতকৈ যুক্তিসংগত সিদ্ধান্ত হয়, তাক ব্যাখ্যা কৰে ৷ “এ বিউটিফুল মাইণ্ড” খ্যাত এজন বিখ্যাত গণিতজ্ঞ তথা অৰ্থনীতিবিদ জ’ন নাশ্বে উদ্ভাৱন কৰা নাশ্ব সাম্যাৱস্থা এনে এক কৌশল-সংযোজন, য'ত আনসকলে নিজৰ কৌশল অপৰিৱৰ্তিত ৰাখিলে কোনো এজন খেলুৱৈয়েই অকলে নিজৰ কৌশল সলনি কৰি অধিক লাভ কৰিব নোৱাৰে। অৰ্থাৎ — এনে কৌশল সকলোৱে অৱলম্বন কৰিব যাৰ বাবে পাছত কাৰোৰে অনুশোচনা কৰিবলৈ নাথাকে কাৰণ তাত বাদে একক পদক্ষেপৰ জৰিয়তে কোনেও উন্নতি কৰিব নোৱাৰে। গেম অৱ চিকেনত দুটা এনে সাম্যাৱস্থা আছে, আৰু দুয়োটাই অসম :- এজনে ব্ৰেক প্ৰয়োগ কৰে, আনজনে নকৰে। সমস্যাটো হ'ল দুয়োজন চালকেই এই সাম্যাৱস্থাকে সৰোগত কৰি যদি আগবাঢ়ি যাব বিচাৰে তেতিয়া সংঘৰ্ষ অনিবাৰ্য! তেন্তে পাৰস্পৰিক সংযম কিদৰে পাব পাৰি?— অৰ্থাৎ দুয়োজনেই বেগ কেতিয়া কমাব — যিটো বৰ্তমান সাম্যাৱস্থা নহয়। কাৰণ আনজনে বেগ কমাইছে বুলি জানিলে নিজে বেগ বঢ়াই লাভ কৰাৰ প্ৰলোভন থাকি যায়। ড’নাল্ড ট্ৰাম্পে লোৱা সিদ্ধান্তটো গতিকে আমি ভূল বুলি উলাই কৰিব নোৱাৰোঁ ৷ গতিকে খেলুৱৈক সলনি কৰি নহয়, খেলখনৰ পৰা কি পাম তাৰ গঠনটোহে সলনি কৰি আমি পাৰস্পৰিক সংযমক সাম্যাৱস্থালৈ পৰিণত কৰিব পাৰো । ইয়াৰ কেইটামান উপায় হ’ব পাৰে এনেধৰণৰ ৷ এক বিশ্বজনীন চুক্তি আৰু তাক সত্যাপন কৰাৰ ব্যৱস্থা গ্ৰহনৰ বাবে সকলো পক্ষকে সৈমান কৰাব লাগিব ৷ সকলো পক্ষকে এই নিশ্চিতি দিব লাগিব যে কেৱল প্ৰতিশ্ৰুতিৰে কাম নচলিব, বিশ্বাসযোগ্য পৰ্যবেক্ষণৰ জড়িয়তে লাভালাভ কম হ’লেও সাময়িক লাভতকৈ দূৰৱৰ্তী লাভেহে সকলোকে অনাগত বিপদৰ পৰা ৰক্ষা কৰিব ৷ অন্যথা চুক্তি ভংগ কৰিলে দণ্ড বিহাৰ ব্যৱস্থা থাকিব লাগিব – উদাহৰণ স্বৰূপে আমি শক্তিশালী দেশ বিলাকে আৰোপ কৰা অৰ্থনৈতিক নিষেধাজ্ঞা ৰ কথা ক’ব পাৰো । সত্যাপনৰ ব্যৱস্থাই "সিহঁতে গোপনে বেগ বঢ়াই আছে" — এই সন্দেহটো কমায়, আৰু ইয়াৰ ফলত অতি-অনুমানৰ সম্ভাৱনাও কমে ৷ দ্বিতীয় উপায়টো হ’ল: যদি দুয়ো পক্ষই সংঘৰ্ষৰ সম্ভাৱনা সঁচাকৈয়ে বহু বেছি বুলি বিশ্বাস কৰে, তেন্তে দৌৰি যোৱাৰ প্ৰত্যাশিত লাভ নিজেই কমি যায়। ইয়াৰ বাবে উভয় পক্ষই বিজ্ঞানসন্মত এক লাভা-লাভ মূল্যায়নৰ যোগেদি সহমতত উপস্থিত হোৱাটো প্ৰয়োজন ৷ শেষৰ উপায়টো হ’ব পাৰে যে খেলখন এবাৰেই খেলা নহয়, বাৰে বাৰে খেলা হয় বুলি ধৰি ল'লে সহযোগ টিকি থকাৰ সম্ভাৱনা বহুগুণে বাঢ়ে, কাৰণ আজিৰ বিশ্বাসভংগৰ মূল্য কাইলৈ শুধিব লগা হয়। ইয়াতে অ-সহযোগী (non-cooperative) আৰু সহযোগী (cooperative) গেম থিয়ৰীৰ মৌলিক পাৰ্থক্যটো প্ৰাসংগিক হৈ পৰে। অ-সহযোগী কাঠামোত চুক্তি বাধ্যতামূলক নহয়, সেয়েহে প্ৰতিটো পক্ষই লাভৰ বাবে সদায় নিজৰ স্বাৰ্থৰ ফালে চায়। বাধ্যতামূলক চুক্তি (binding agreement) সম্ভৱ হ’লে খেলখনৰ প্ৰকৃতিটোৱেই সলনি হৈ যায়, আৰু তেতিয়া প্ৰশ্নটো হৈ পৰে — সহযোগৰ পৰা পোৱা লাভটো পক্ষসমূহৰ মাজত ন্যায্যভাৱে কেনেকৈ ভগাব। সেয়া এটা সুকীয়া, কিন্তু সমাধানযোগ্য প্ৰশ্ন।

এ আই -ক হঠাতে নিষিদ্ধ কৰিলে মানুহে কেনে অনুভৱ কৰিব?

ধৰা হঁওক, সুৰক্ষাৰ কাৰণ দেখুৱাই এ আই- ক হঠাতে নিষিদ্ধ কৰা হ'ল। মানুহৰ অনুভৱটো কেনে হ'ব? ইয়াৰ আটাইতকৈ ওচৰৰ উদাহৰণটো আমাৰ চকুৰ আগতেই ঘটি গৈছে। কোভিড-১৯ মহামাৰীৰ সময়ত পৰীক্ষা ব্যৱস্থা সলনি হৈছিল — মুকলি-কিতাপ পৰীক্ষা, ঘৰতে বহি লিখা, সময়ৰ বান্ধোন লেহেমীয়া। ছাত্ৰ-ছাত্ৰীসকলে সেই ব্যৱস্থাত অভ্যস্ত হৈ পৰিল। তাৰ পিছত যেতিয়া সাধাৰণ পৰীক্ষা ঘূৰি আহিল, বহুতে নিজকে যেন বিকলাংগ হৈ পৰা যেন অনুভৱ কৰিলে। তেওঁলোকৰ বুদ্ধি কমা নাছিল; কমিছিল সেই সুবিধাখিনি, যিটোক তেওঁলোকে ইতিমধ্যে স্বাভাৱিক বুলি ধৰি লৈছিল। ঠিক সেইদৰে আমি অনুমান কৰিব পাৰোঁ যে এ আই নিষিদ্ধ হ'লে প্ৰথম তথা মূল ক্ষতি হ’ব উৎপাদনশীলতাৰ ৷ যি কাম দহ মিনিটত হৈছিল, সি এতিয়া দুঘণ্টা ল'ব। প্ৰতিবেদন এখনৰ খচৰা, তথ্যৰ সাৰাংশ, সাধাৰণ এটা সাংকেতিক ক্ৰম (code) — প্ৰতিটোৰে বাবে এতিয়া সম্পূৰ্ণ সময় দিব লাগিব। কামৰ পৰিমাণ একেই থাকিব, কিন্তু সময়ৰ হিচাপটো উলটি যাব। দ্বিতীয়তে, আমি কিবা এটা লিখিবলৈ লৈ ক’ত আৰম্ভ কৰিম তাক গুণাগথা কৰি থাকোতে বহু সময় পাৰ কৰিব লাগিব ৷ এইটোৱেই হয়তো আটাইতকৈ কষ্টকৰ। আগতে প্ৰথম খচৰাটো যন্ত্ৰই দিছিল, আৰু মানুহৰ কাম আছিল সেইটো শুধৰোৱা — অৰ্থাৎ সমালোচনা কৰা, যিটো সৃষ্টি কৰাতকৈ সহজ। এতিয়া প্ৰথম বাক্যটোও নিজে লিখিব লাগিব। শূন্যৰ পৰা আৰম্ভ কৰাৰ যি মানসিক বাধা, সেয়া বহুদিন পাহৰি থকাৰ পিছত পুনৰ সন্মুখীন হ'বলৈ টান। সহায়বিহীন চিন্তা ক্লান্তিকৰ। দীৰ্ঘ সময় মনোযোগ ধৰি ৰখা, জটিল যুক্তিৰ শৃংখল মূৰত ধৰি ৰখা — এইবোৰ অভ্যাসৰ ওপৰত নিৰ্ভৰশীল। যিকোনো পেশীৰ দৰে, বহুদিন ব্যৱহাৰ নকৰিলে এই ক্ষমতাও দুৰ্বল হৈ পৰে। গতিকে দিনৰ শেষত ক্লান্তিটো আগতকৈ বেছি অনুভৱ হ'ব। কিন্তু ইয়াত এটা কথা লক্ষ্য কৰিবলগীয়া। এই কষ্টৰ মূল উৎস মানুহৰ নিৰপেক্ষ সামৰ্থ্য নহয় — উৎসটো হ'ল প্ৰসংগ-বিন্দু (reference point) সলনি হোৱাটো। কোভিডৰ আগৰ ছাত্ৰজনে সাধাৰণ পৰীক্ষাক অস্বাভাৱিক বুলি ভবা নাছিল; কোভিডৰ পিছৰ ছাত্ৰজনে ভাবিলে। মানুহে লাভ-লোকচান নিৰপেক্ষভাৱে নোজোখে, বৰঞ্চ এটা অভ্যস্ত স্তৰৰ সাপেক্ষেহে জোখে ৷ হেৰুওৱাৰ কষ্ট, পোৱাৰ আনন্দতকৈ বেছি তীব্ৰ। সেয়েহে প্ৰকৃত দক্ষতা আৰু অনুভৱ হোৱা দক্ষতাৰ হ্ৰাস — এই দুটাক পৃথক কৰি চোৱা দৰকাৰ। দুয়োটাই সঁচা, কিন্তু দুয়োটা একে বস্তু নহয়।

সামৰণি:

চাৰিটা বিষয় আচলতে এডাল সূতাৰেই গঁথা। গেম অৱ চিকেন -ত ব্ৰেক মাৰিলে চালকজনে তৎক্ষণাৎ, ব্যক্তিগতভাৱে, স্পষ্টকৈ ক্ষতি অনুভৱ কৰে — আনজনে আগবাঢ়ি যোৱাটো তেওঁ নিজ চকুৰে দেখে। কিন্তু সংঘৰ্ষ নোহোৱাৰ যি লাভ, সেয়া সামূহিক, অদৃশ্য ৷ সংযমী হোৱাৰ মূল্য ব্যক্তিগতভাৱে ভৰিব লগা হয়; কিন্তু দুয়ো পক্ষই দেখুৱা সংযমৰ ফলাফল সকলোৱে লাভ কৰে। ঠিক এইখিনিতেই গেম থিয়ৰীৰ প্ৰয়োজন — খেলুৱৈসকলক ভাল হ'বলৈ উপদেশ দিবলৈ নহয়, বৰং খেলখনক এনেদৰে পুনৰ্গঠন কৰিবলৈ, যাতে সংযমেই প্ৰতিজন খেলুৱৈৰ বাবে যুক্তিসংগত পছন্দ হৈ পৰে।

Enjoyed this writing?

Leave a like or share your constructive thoughts below.

Prof. Surajit Borkotokey

Prof. Surajit Borkotokey

Author & Researcher

Professor of Mathematics at Dibrugarh University, Assam. Specializes in Cooperative Game Theory and Network Science, writing bilingual reflections on mathematics, science, education, and Assamese heritage.

আলোচনা আৰু পাঠকৰ মতামত

0

এই নিবন্ধৰ সন্দৰ্ভত আপোনাৰ চিন্তা, গঠনমূলক প্ৰশ্ন বা মতামত ব্যক্ত কৰক।

নতুন মন্তব্য যোগ কৰক
Loading comments...

More Writings

View all