অসমীয়া••28 মিনিট পঢ়া

মোৰ দেউতাৰ বিষয়ে কিছু কথা

An Essay on my Father Late Poresh Chandra Borkotokey and his influence in shaping my life! This was published in the Platinum Jubilee Souvenir Book of Margherita Public Higher Secondary School.

Prof. Surajit Borkotokey
Prof. Surajit Borkotokey

Professor of Mathematics • Dibrugarh University

মাৰ্ঘেৰিটা পাব্‌লিক উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ মহাৰজত জয়ন্তী উপলক্ষে প্ৰকাশ কৰিবলৈ লোৱা স্মৰণিকাখনৰ বাবে সম্পাদক মহোদয়ে কিবা এটা লিখিবলৈ কোৱাৰ পৰাই পয়সত্তৰ বছৰ বয়সীয়া বিদ্যালয়খনৰ লগত থকা মোৰ সম্পৰ্কটোৱে মোক স্মৃতিকাতৰ কৰি তুলিছে৷ শৈশৱ আৰু কৈশোৰৰ সেই সময়ছোৱা, যি ব্যক্তিত্ব বিকাশৰ ক্ষেত্ৰত অত্যন্ত গুৰুত্বপূৰ্ণ তথা স্পৰ্শকাতৰ বুলি মনোবিজ্ঞানী সকলে কয়, পাৰ কৰিছোঁ এই বিদ্যালয়ত, কি দিয়া নাই এই বিদ্যালয়ে মোক! ইয়াতে নাটক কৰিবলৈ শিকিছোঁ, গান গাবলৈ শিকিছোঁ, সমনীয়াৰ লগত ফুটবল-ক্ৰিকেট খেলিছোঁ, কুইজ কৰিবলৈ সুযোগ পাইছোঁ, তৰ্ক-আকস্মিক বক্তৃতাত ভাগ লৈছোঁ, সাহিত্য ৰচনাৰ আদিপাঠ লৈছোঁ৷ আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ’ল : ভৱিষ্যতে গণিতৰ ছাত্ৰ হ’ব পৰাকৈ বিষয়টোৰ প্ৰতি আকৃষ্ট হোৱাৰ আদিপাঠো লৈছিলো এই বিদ্যালয়ৰে কেইগৰাকীমান নমস্য শিক্ষকৰ কাষত৷ মোক সম্পাদক সোণোৱাল ছাৰে বিশ্ববিদ্যালয়ৰ গণিতৰ শিক্ষক হিচাপে বিশ্বৰ বিভিন্ন দেশৰ ভ্ৰমণৰ অভিজ্ঞতাৰ ওপৰত লেখাটো প্ৰস্তুত কৰিবলৈ প্ৰথমে কৈছিল যদিও পাছত মোৰ দেউতা, এই বিদ্যালয়ৰ ছাত্ৰ, শিক্ষক তথা অধ্যক্ষৰূপে অৱসৰ গ্ৰহণ কৰি জীৱনৰ আটাইতকৈ গুৰুত্বপূৰ্ণ সময়খিনি বিদ্যলয়খনৰ সৈতে পাৰ কৰা স্বৰ্গীয় পৰেশ চন্দ্ৰ বৰকটকীৰ বিষয়েও লিখাৰ কথা কয়৷ দুয়োটা বিষয়েই মোৰ আপোন আৰু ক’ৰবাত মোৰ জীৱনত সিহঁতৰ মাজত এক সংযোগ বিচাৰি পাওঁ৷ প্ৰথমেই মোৰ দেউতাক যিদৰে মই পাইছিলোঁ, দেখিছিলো তথা জানিছিলোঁ সেই বিষয়ে কিছুকথা লিখাৰ পাছত আনটো বিষয়লৈ যাম৷
মোৰ দেউতা স্বৰ্গীয় পৰেশ চন্দ্ৰ বৰকটকীৰ জন্ম হৈছিল ১৯৪২ চনত নাওহলীয়াত৷ কিন্তু তেখেতৰ বায়েক-ভিনিহিয়েক মাৰ্ঘেৰিটা চাহবাগিছাত কৰ্মসূত্ৰে বসবাস কৰাৰ সুবাদত সৰুতেই তেখেতক মাৰ্ঘেৰিটালৈ লৈ আনি মাৰ্ঘেৰিটা পাব্‌লিক উচ্চতৰ মাধ্যমিক বিদ্যালয়ত নামভৰ্তি কৰি দিয়ে৷ জনামতে দেউতা পঢ়াত ভাল আছিল বাবে তেতিয়াৰ শিক্ষক সকলে দেউতাক মৰম কৰিছিল৷ বিদ্যালয়ৰ প্ৰতিস্থাপক অধ্যক্ষ প্ৰয়াত সুৰেন্দ্ৰনাথ বৰুৱা ছাৰ, আজি কিছুদিনৰ আগতে পৰলোকগামী হোৱা স্বৰ্গীয় কৃষ্ণপ্ৰসাদ সিংহ ছাৰ, সংস্কৃতৰ শিক্ষক প্ৰয়াত ছক্ৰৱৰ্তী ছাৰ ইত্যাদিৰ কথা দেউতাই সদায় অতি শ্ৰদ্ধাৰে সোঁৱৰিছিল৷ ডিব্ৰুগড় হনুমানবক্স সুৰজমল কানৈ মহাবিদ্যালয়ত অৰ্থনীতি বিষয়ত সন্মানসহ উত্তীৰ্ণ হোৱাৰ পাছত দেউতাই গুৱাহাটী বিশ্ববিদ্যালয়ত একে বিষয়তে স্নাতকোত্তৰ বিষয়তো নামভৰ্তি কৰিছিল৷ কিন্তু শৰীৰৰ অসুস্থতাৰ বাবে দেউতাই সেয়া সম্পূৰ্ণ কৰিব নোৱাৰিলে৷ পঢ়াৰ মন আছিল, কিন্তু গোটেই জীৱনটো এক বিশেষ অসুখত ভোগা দেউতাই আনুষ্ঠানিক শিক্ষা তাতেই শেষ কৰিলে যদিও কিতাপ পঢ়াৰ নিচা কেতিয়াও শেষ নহ’ল৷ আমি ঘৰত সৰুৰে পৰাই কিতাপ পঢ়াৰ এটা পৰিৱেশ পাইছিলোঁ৷ কাৰণ মোৰ মা আৰু দেউতা দুয়ো কিতাপৰ পোক আছিল৷ দেউতাই ঈছপৰ সাধুবিলাকৰ অসমীয়ালৈ অনুবাদ কৰি ডায়েৰীত লিখি গৈছিল, প্ৰকাশৰ উদ্দেশ্যে নহয়, ছাত্ৰ-ছাত্ৰীক পঢ়ি শুনাইছিল, তাত নিহিত শিকনি বিলাক যাতে নিজৰ জীৱনত প্ৰয়োগ কৰি ছাত্ৰ-ছাত্ৰী সকলে একোটা অৰ্থবহ জীৱন কটাব পাৰে তাৰে আশাত৷ ২২ বছৰ বয়সত অথাৰ্ৎ ১৯৬৪ চনত দেউতাই মাৰ্ঘেৰিটা পাব্‌লিক উচ্চতৰ মাধ্যমিক বিদ্যালয়ত শিক্ষক হিচাপে যোগদান কৰে৷ সেই সময়ৰ অধ্যক্ষ প্ৰয়াত সুৰেণ বৰুৱাদেৱে দেউতাক এনেই থকাতকৈ চাকৰিকে কৰিবা নেকি বুলি সোধাত হেনো দেউতাই চাকৰি কৰাত সন্মতি দিলে আৰু পাছদিনাৰ পৰাই দেউতাৰ শিক্ষকতাৰ জীৱন আৰম্ভ হ’ল৷
মোৰ জনাবুজা হোৱা দিনবোৰত দেখিছিলোঁ : দেউতাক ছাত্ৰ-ছাত্ৰীসকলে বৰ ভাল পাইছিল৷ প্ৰথম ছোৱাৰ ছাত্ৰ-ছাত্ৰী সকলেতো দেউতাক সমনীয়াৰ দৰেই জ্ঞান কৰিছিল৷ কিন্তু ক’ৰবাত সেই বন্ধুত্বৰ মাজত শ্ৰদ্ধাও আছিল৷ ছাত্ৰ-ছাত্ৰীৰ প্ৰতিটো ক্ৰিয়া-কলাপ যেনে বিদ্যালয় সপ্তাহ, সৰস্বতী পূজা, শিক্ষামূলক ভ্ৰমণ ইত্যাদিত দেউতাৰ যোগদান আছিল অপৰিহাৰ্য৷ দেউতা সৰল আছিল, কৃত্ৰিমতা নাছিল৷ কোনোবাই কিবা এটা ক’লে পটকৰে বিশ্বাস কৰি লৈছিল, তাৰ বাবে বিপদতো নপৰা নহয়৷ আৰ্থিক নাটনি আমাৰ পৰিয়ালটোৰ বাবে এটা ডাঙৰ সমস্যা আছিল৷ শিক্ষকৰ দৰমহা- তাতে এটা ডাঙৰ অংশ গৈছিল দেউতাৰ ঔষধত৷ মই পঞ্চম শ্ৰেণীত নামভৰ্তি কৰাৰে পৰা, দেউতাৰ লগতে দশম শ্ৰেণীলৈকে বিদ্যলয়লৈ অহা-যোৱা কৰিছিলো৷ ইয়াৰ কাৰণ আছিল দেউতাৰ অসুখটো, যিকোনো সময়ত দেউতা ক’ব নোৱাৰা হৈ যায় আৰু সেইসময়ত এটা অৱলম্বন বিচাৰে৷ এইদৰে এবাৰ বিদ্যালয়ত পৰি মূৰত তিনিটা চিলাই ল’বলগীয়া অৱস্থা হৈছিল৷ এনেবোৰ কাৰণতে আমাৰ জীৱনটো, এতিয়া উভতি চালে ভাবো : অন্যতকৈ কিছু পৃথক আছিল৷ মা-দেউতাই সদায় কৈছিল- ‘‘আমাৰ একো সঞ্চিত সম্পত্তি নাই, তহঁত দুয়োটাই আমাৰ সম্পত্তি, দেউতাই যিখিনি কৰিব নোৱাৰিলে তহঁতে সেয়া কৰিব লাগিব৷’’ পৰৱৰ্তী সময়ত মই আৰু ভাতৃ (পৰাণ বৰকটকী, অসমৰ এজন পৰিচিত সংগীত পৰিচালক) য়ে চেষ্টা কৰিছিলোঁ মা-দেউতাৰ আশাবোৰ পূৰণ কৰাৰ৷ কিছু সফল হ’লো আৰু ক’ৰবাত বিফল হ’লো, চেষ্টা কিন্তু নকৰাকৈ থকা নাই৷
লাহে-লাহে বাঢ়ি অহা অসুখটোৰ বাবে দেউতাক বহুতে অৱজ্ঞা কৰিছিল যদিও তাৰ মাজতো দেউতাই ইংৰাজীৰ শিক্ষক হিচাপে সকলোৰে সন্মান আদায় কৰিবলৈ সক্ষম হৈছিল৷ ছাত্ৰ-ছাত্ৰীক বিভিন্ন বিদ্যায়তনিক প্ৰতিযোগিতাত অংশ গ্ৰহণ কৰিবলৈ নিজেই লৈ গৈছিল, কেতিয়াবা চাবুৱা, কেতিয়াবা ডিব্ৰুগড়, কেতিয়াবা সোনাৰীলৈ৷ সমাজৰ বিভিন্ন স্থানত ¸ বৰ্তমান সমাজত প্ৰতিষ্ঠিত প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সকলৰ কথা গৌৰৱেৰে আমাক শুনাইছিল৷ আমাৰ ঘৰত ভিতৰুৱা গাঁৱৰ বহু ছাত্ৰ থাকি বিদ্যালয়ত পঢ়াৰ সুযোগ লাভ কৰিছিল৷ তেনে কিছুসংখ্যক ছাত্ৰৰ সৈতে আমাৰ আজিও মধুৰ সম্পৰ্ক; দেউতাক সুঁৱৰি চকুলো টোকে৷ নিজে পৃথিৱী ফুৰিবলৈ সুযোগ নাপালে কিন্তু আমাৰ চকুৰে পৃথিৱী চোৱাৰ হেঁপাহ কৰিছিল৷ দেউতাৰ মনোবলৰ কথা ভাবিলে আচৰিত লাগে, ১৯৯৮ চনত দেউতাই অধ্যক্ষ হ’বলৈ সুযোগ পালে৷ গোটেই জীৱনটো অসুখীয়া বুলি পোৱা অৱজ্ঞা খিনিৰ এক উচিত উত্তৰ দিয়াৰ সুবিধাতো এৰিবলৈ দেউতা ৰাজী নহ’ল৷ ঘৰখনৰ বাকী তিনিওটা প্ৰাণীৰ হাজাৰ উপদেশৰ পাছতো নিজৰ মতত অটল থাকি অধ্যক্ষৰ পদ গ্ৰহণ কৰিলে৷ সোণালী জয়ন্তী পাতিলে, বিদ্যালয়লৈ অহা আৰ্থিক অনুদানেৰে বিদ্যালয়খনৰ পৰিকাঠামোৰ উন্নতি সাধন কৰিলে ৷ কিছুলোকে সৰলতাৰখিনিৰ সুযোগ লৈ দেউতাক বিপদতো পেলালে, যাৰ বাবে দেউতাৰ পেন্সনো বন্ধ হৈ আছিল৷ অৱশ্যে ভুল-বুজাবুজিবোৰৰ পৰিসমাপ্তি ঘটিল আৰু দেউতাই বিচৰাধৰণেৰে শেষৰ জীৱনটো নিবাৰ্হ কৰিবলৈ সক্ষম হ’ল৷ ২০০৯ চনৰ ২৪ জানুৱাৰীত দেউতা পৰলোকগামী হয়৷
গণিতৰ ছাত্ৰ হোৱাৰ হেঁপাহ মোৰ অষ্টম শ্ৰেণীৰ পৰাহে উদ্ভৱ হৈছিল৷ শ্ৰদ্ধাৰ হিৰণ্য বৰদলৈ ছাৰৰ ওচৰত অংক পঢ়োতে অংক বিলাক ভাল লাগিবলৈ ধৰিলে৷ পাছত যেতিয়া মা-দেউতাক অংক বিষয়ত উচ্চ শিক্ষা গ্ৰহণ কৰাৰ আগ্ৰহৰ কথা কওঁ, তেখেতসকলে মোক নিৰাশ নকৰিলে৷ মই প্ৰথমে কটন কলেজ আৰু পাছলৈ দিল্লী বিশ্ববিদ্যালয়ত পঢ়ি থাকোতে মোৰ ঘৰখনে কিমান আৰ্থিক সমস্যাৰ সন্মুখীন হৈছিল তাক নেদেখিলে অনুভৱ কৰিব নোৱাৰি৷ কিন্তু দেউতাৰ এটাই কথা, ‘‘তই ওলাই আহ, ভাল মানুহ হ, পৃথিৱীখন চা, মানুহক সেৱা কৰ৷’’ ডিব্ৰুগড় বিশ্ববিদ্যালয়ত শিক্ষক হিচাপে যোগদান কৰোতেও দেউতাৰ একেই কথা, ‘‘ শিক্ষক হিচাপে ছাত্ৰক কেৱল পঢ়াব লগা বিষয়ৰ জ্ঞান দিলেই নহ’ব৷ ছাত্ৰক সমাজৰ প্ৰতি দায়ৱদ্ধ কৰিব পৰা জ্ঞান দিব লাগিব৷ তাৰ বাবে পৃথিৱীখন দেখিব লাগিব৷ যিমান পাৰ জ্ঞান-অভিজ্ঞতা গোটাই আন, ছাত্ৰৰ মাজত বিলাই দে৷ ’’ এইয়াই হয়তো আছিল বিশ্বৰ বিভিন্ন প্ৰান্ত ঘূৰি ফুৰি জ্ঞান অন্বেষণ কৰি মোৰ ছাত্ৰ সকলক সিবিলাকৰ লগত পৰিচয় কৰি দিয়াৰ মোৰ যি আগ্ৰহ তাৰ উত্তৰণৰ এক উল্লেখযোগ্য অনুপ্ৰেৰণা৷
দেউতা ঢুকুৱাৰ এঘাৰ দিনৰ দিনা মই জীৱনত প্ৰথমবাৰৰ বাবে বিদেশলৈ যাত্ৰা কৰিছিলোঁ : অষ্ট্ৰেলীয়াৰ পাৰ্থত অৱস্থিত University of Western Australia ত অনুষ্ঠিত হোৱা এক গৱেষণা সন্মীলনত ভাগ লোৱাৰ উদ্দেশ্যেৰে৷ প্ৰথমবাৰ বিদেশী গৱেষকৰ মাজত একমাত্ৰ ভাৰতীয় হিচাপে নিজৰ গৱেষণা পত্ৰ পাঠ কৰোতে লাভ কৰা অভিজ্ঞতা মোৰ বাবে পাহৰিব নোৱাৰা, তাতে দেউতাক হেৰুৱাৰ দুখো বৰ কেঁচা হৈ আছিল৷ ইয়াৰ ঠিক দুবছৰৰ পাছত ‘ইণ্ডো- ইউ এছ চায়েন্স এণ্ড টেক্‌নলজী’ নামৰ প্ৰতিষ্ঠানৰ পৰা লাভ কৰা জলপানিৰে আমেৰিকাৰ লুইছিয়ানা ৰাজ্যিক বিশ্ববিদ্যালয়ত এবছৰৰ বাবে গৱেষণা কৰিবলৈ এটা সুযোগ পালো৷ মোৰ গৱেষণাৰ বিষয় আছিল গেম থিয়ৰী; অৰ্থনীতি আৰু প্ৰায়োগিক গণিতৰ সংমিশ্ৰণ৷ আমেৰিকাত থকা কালছোৱাত বিভিন্ন ধৰণৰ অভিজ্ঞতা লাভ কৰিছিলোঁ, শিক্ষক, ছাত্ৰ-ছাত্ৰীৰ কৰ্মস্পৃহা দেখি তবধ মানিছিলো৷ সোমবাৰৰ পৰা শুক্ৰবাৰলৈ সকলোৱে সাংঘাটিক পৰিশ্ৰম কৰে৷ শনিবাৰ আৰু দেওবাৰ তেওঁলোকে বিশ্ৰাম লয়- জীৱনটো উপভোগ কৰে, পৰিয়ালৰ সৈতে সময় কটায়৷ এই দুদিন বিদ্যায়তনিক আলোচনা কৰাটো ছাত্ৰইও নিবিচাৰে, শিক্ষকেও নিবিচাৰে৷ একো একোটা ক্লাছ দুই তিনিঘণ্টা পৰ্যন্ত চলে৷ শিক্ষকে ছাত্ৰ-ছাত্ৰীৰ মনোযোগ আকৰ্ষণ কৰিবলৈ বিভিন্ন ন ন উদ্ভাৱনী পন্থা অৱলম্বন কৰে৷ যিগৰাকী শিক্ষকৰ সৈতে মই গৱেষণা কৰিবলৈ গৈছিলোঁ, তেওঁৰ নাম আছিল প্ৰফেছৰ সুদীপ্তা চাৰেংগী, বৰ বন্ধুভাৱাপন্ন তথা প্ৰত্যেকটো কথাকে ধনাত্মক দিশেৰে চোৱা এজন ব্যক্তি, যাৰ পৰা মই বহু কথাই শিকিব পাৰিছিলো৷ এনেদৰেই আচলতে বিদ্যায়তনিক নেটৱৰ্কৰ বিস্তাৰ হয়৷ গতিকে মানুহৰ লগত সম্পৰ্ক তৈয়াৰ কৰাটো একৈশ শতিকাৰ গুৰুত্বপূৰ্ণ পৰিঘটনা৷ সামাজিক মাধ্যমবিলাকে ইয়াক সাকাৰ কৰাত অৰিহণা যোগাইছে৷ বিশেষকৈ জীৱনৰ ওপৰত এক গভীৰ বোধ তেখেতৰ পৰাই লাভ কৰিছিলোঁ৷ প্ৰফেছৰ চাৰেংগীয়ে ছাত্ৰসকলক Assignment সময়মতে কৰাৰ উপহাৰ স্বৰূপে ক্লাছৰ শেষত অনলাইনত খাদ্য সম্ভাৰ অৰ্ডাৰ কৰিছিল৷ এই কামটো, মই মোৰ গৱেষক ছাত্ৰ-ছাত্ৰী সকলৰ লগতো পাছত কৰি সুফল পাবলৈ সক্ষম হৈছোঁ৷ বৰ্তমান ৰাষ্ট্ৰীয় শিক্ষানীতি ২০২০ ত উল্লেখিত বহুবিলাক ব্যৱস্থা আজিৰ পৰা ১২ বছৰৰ আগতেই আমেৰিকাত লক্ষ্য কৰিছিলোঁ৷ প্ৰফেচৰ চাৰেংগীয়ে দেশ-বিদেশৰ বহুজন গৱেষকৰ লগত মোক পৰিচয় কৰাই দিছিল৷ তেওঁলোকৰ সৈতে আজিও মোৰ বিদ্যায়তনিক তথা সৌহাৰ্দ্যৰ সম্পৰ্ক অটুত আছে৷ এই সম্পৰ্কৰ জৰিয়তে ন ন ব্যক্তিৰ সংস্পৰ্শলৈ আহিছো৷
আমেৰিকাত অধ্যাপক সকলৰ দা-দৰমহা, সা-সুবিধা সকলোৰে সমান নহয়, যোগ্য ভোগ্য বসুন্ধৰা আপ্তবাক্যশাৰী ইয়াত খাপ খাই পৰে৷ একে বিভাগৰে দুজন অধ্যাপকৰ মাজত যাৰ গৱেষণাৰ মান উচ্চ, প্ৰকল্পৰ জড়িয়তে বিশ্ববিদ্যালয়লৈ অধিক ধন আনিব পাৰিছে, উচ্চমানৰ গৱেষণা পত্ৰ প্ৰকাশো কৰিছে তেওঁ অধিক সা-সুবিধা, দা-দৰমহা লাভ কৰে৷ বিভাগ সমূহত দুই শ্ৰেণীৰ অধ্যাপক থাকে, এক শ্ৰেণী কেৱল শিক্ষা দানতে সীমাৱদ্ধ, তেওঁলোকে গৱেষণা কৰাটো বাধ্যতামূলক নহয়৷ আনশ্ৰেণীয়ে শিক্ষা দান আৰু গৱেষণা দুয়োটা ক্ষেত্ৰতে যুক্ত হৈ থাকে৷ ইয়াত অৱসৰৰ কোনো নিৰ্দিষ্ট সময় নাথাকে, একোজন অধ্যাপকে বিচাৰিলে আমৃত্যু এমেৰিটাছ প্ৰফেছৰ হিচাপে নিয়োজিত হ’ব পাৰে৷ ছাত্ৰ-ছাত্ৰীৰ শিক্ষকৰ প্ৰতি আনুগত্য শিক্ষকৰ শিক্ষাদান তথা গৱেষণাৰ ওপৰত নিৰ্ভৰ কৰে৷ ছাত্ৰ-শিক্ষকৰ সম্পৰ্ক প্ৰায়েই বন্ধুত্বসুলভ হয়৷ ছাত্ৰই ভাল নাপালে শিক্ষকে চাকৰি এৰি যাব লগা হয়, গতিকে শিক্ষক সকলে ছাত্ৰৰ অভাৱ-অভিযোগৰ প্ৰতি গুৰুত্ব দিব লাগে৷ আমাৰ দৰে শিক্ষকে শিক্ষাদানৰ বাহিৰে অন্যান্য চৰকাৰী-অনাচৰকাৰী কাম-কাজ সম্পাদন কৰিব নালাগে৷ সেয়েহে শিক্ষকে ক্লাছ ক্ষতি কৰাৰ নিদৰ্শন একেবাৰে নগণ্য৷ ছাত্ৰৰ কোনো এটা পাঠ্যক্ৰমত উত্তীৰ্ণ হোৱাৰ লগত পাঠ্যক্ৰমটো নিৰ্দিষ্ট কৰি ৰখা সময় জড়িত হৈ থাকে, শ্ৰেণীত সিমান সময় ছাত্ৰই শিক্ষকৰ সৈতে সময় অতিবাহিত নকৰিলে মূল পৰীক্ষাত ভাল ফলাফল দেখুৱালেও সামগ্ৰীক পৰীক্ষাত সি বিৰূপ প্ৰভাৱ পেলায়৷
২০১৪ আৰু ২০১৬ চনত চীনদেশৰ বেইজিং প্ৰযুক্তি প্ৰতিষ্ঠান [Beijing Institute of Technology (BIT) ত ভিজিটিং প্ৰফেছৰ হিচাপে দুমাহ থকাৰ অভিজ্ঞতা হৈছিল, এইয়াও এক মিশ্ৰিত অভিজ্ঞতা৷ আমেৰিকাৰ দৰেই ইয়াৰো শিক্ষা ব্যৱস্থা একে যদিও ইয়াত ইংৰাজী কোৱা আৰু বুজা মানুহৰ সংখ্যা আঙুলিৰ মূৰত গণিব পৰা৷ প্ৰাথমিক পযাৰ্য়ৰ পৰা উচ্চ পযাৰ্য়ৰ গৱেষণালব্ধ গ্ৰন্থলৈকে সকলোবোৰ চীনা ভাষাত উপলব্ধ৷ আমি পঢ়িবলৈ বিদেশৰ পৰা মগাই অনা ইংৰাজী ভাষাৰ এনে বহু কিতাপৰ চীনা অনুবাদ দেখি অনুভৱ হৈছিল কিয় চীনদেশ আজি বিশ্বৰ ভিতৰতে অৰ্থনীতি, শিক্ষা আদিত অগ্ৰণী স্থান অধিকাৰ কৰিবলৈ সক্ষম হৈছে৷ স্বাৱলম্বীতা চীনালোকৰ চৰিত্ৰৰ এটা গুৰুত্বপূৰ্ণ বৈশিষ্ট্য৷ সাধাৰণতে তেওঁলোকে একেলগে আহাৰ গ্ৰহণ কৰিলে সকলোবোৰ খাদ্য মাজত ৰাখি তাৰপৰা চপ্‌ষ্টিকেৰে উঠাই উঠাই খায়৷ ই তেওঁলোকৰ সমাজ ব্যৱস্থাৰ পৰিচায়ক৷ পশ্চিমীয়া দেশত কিন্তু ইয়াৰ সম্পুৰ্ণ বিপৰীত ছবি এখন দেখা যায়৷ ইয়াত প্ৰত্যেকেই নিজৰ নিজৰ পচন্দক লৈ সচেতন৷
চীন দেশত ছাত্ৰই শিক্ষকক ভগৱানৰ দৰে গণ্য কৰে৷ সমাজত শিক্ষকৰ স্থান অতি উচ্চ৷ পশ্চিমীয়া সংস্কৃতিৰ প্ৰভাৱ চৌপাশে বিৰাজমান কিন্তু তাৰ মাজতো Google, Facebook আদি বিলাক নিষিদ্ধ৷ ইবিলাকৰ বিকল্প হিচাপে তেওঁলোকে নিজাকৈ এপ্‌ উলিয়াই লৈছে আৰু সকলোৱে ব্যৱহাৰ কৰে৷ বেইজিং প্ৰযুক্তি প্ৰতিষ্ঠানত ছাত্ৰ-ছাত্ৰীৰ সংখ্যা মই যাওঁতে বিছ হাজাৰৰো অধিক৷ চৰকাৰী প্ৰযুক্তি বিষয়ক নীতি-নিৰ্দেশনাৰ প্ৰতিখন আঁচনিৰ লগতে ইয়াত অধ্যাপক সকল জড়িত হৈ থাকে৷ মোক নিমন্ত্ৰণ জনোৱা অধ্যাপকজনৰ নাম আছিল প্ৰফেছৰ ছিয়াং জাং, তেখেতৰ আত্মীয়তা আৰু আতিথ্য শলাগ ল’ব লগীয়া৷ তেখেতৰ ছাত্ৰসকলে মোক আৱৰি-সামৰি ৰাখিছিল৷ গৱেষণাৰ ক্ষেত্ৰত তেওঁলোক বহুত আগবাঢ়ি গৈছে৷ বহু কথা আছে আমাৰ, তেওঁলোকৰ পৰা শিকিব লগীয়া৷
২০১৭ চনত শ্লোভাকীয়া চৰকাৰৰ এটা জলপানিৰে এই দেশৰ ৰাজধানী ব্ৰাটিশ্লাভাত তিনিমাহ কটাইছিলোঁ, মোৰ গৃহস্থ আছিল প্ৰফেছৰ ৰাড্‌ক মেছিয়াৰ৷ এক বিশাল ব্যক্তিত্বৰ, প্ৰায় ৭ ফুট ওখ এই অধ্যাপকজনৰ বিদ্যায়তনিক সফলতা ঈৰ্ষণীয়৷ কৃত্ৰিম বুদ্ধিমত্তাৰ কেতবোৰ সুক্ষ্ম গাণিতিক সমস্যা সমাধানৰ ক্ষেত্ৰত আগবঢ়োৱা তেখেতৰ অৱদানৰ বাবে সমগ্ৰ বিশ্বত সমাদৰ লাভ কৰিছে৷ মোৰ সৌভাগ্য যে তেখেতৰ সৈতে মই প্ৰস্তুত কৰা ভালেকেইখন গৱেষণা পত্ৰ বিশ্বৰ খুব আগশাৰীৰ জাৰ্নেলত প্ৰকাশ কৰিবলৈ সক্ষম হৈছোঁ৷ সত্তৰোৰ্ধৰ এই অধ্যাপকজননৰ ব্যস্ততা দেখিলে আচৰিত হ’ব লাগে৷ কিন্তু তাৰ মাজতো তেখেতৰ লগত অষ্ট্ৰীয়াৰ পৰ্বতত আমি হাইকিং কৰিবলৈ গৈছোঁ৷ শ্লোভাকীয়াৰ উত্তৰ দিশত অৱস্থিত টাট্ৰা পৰ্বতমালাৰ ঠিক সোমাজতে থকা তেখেতৰ বৰফেৰে আবৃত্ত ছবিৰ দৰে শুৱনি ঘৰত সময় অতিবাহিত কৰিছোঁ৷ তেখেতৰ লগত থকা পৰিচয়ৰ সুবাদতে শ্ল’ভাকীয়াৰ লিপ্তভ্‌স্কীজান নামৰ গাঁৱত এক আন্তৰ্জাতিক আলোচনা চক্ৰত নিমন্ত্ৰিত হৈ গৱেষণা পত্ৰ পাঠ কৰিবলৈ সুযোগ পাইছো৷ ভাৰতবৰ্ষৰ বহুৰঙী সংস্কৃতিৰ লগত পৰিচয় নথকা প্ৰায় দুই আঢ়ৈশ ইউৰোপীয় গণিতজ্ঞৰ সন্মুখত আমাৰ বিহুগীত প্ৰদৰ্শন কৰি তেওঁলোককো নচুৱাবলৈ সুবিধা পাইছোঁ৷ য’তেই গৈছোঁ, বিদ্যয়তনিক অভিজ্ঞতা আহৰণৰ উপৰিও এনেদৰে সমাজ-সংস্কৃতিৰ সৈতে নিজকে জড়িত কৰিবলৈ যত্নপৰ হৈছোঁ৷
২০১৪ চনত ব্ৰাজিলৰ চাওপাওল’ত অৱস্থিত চাওপাওল’ বিশ্ববিদ্যালয়লৈ গৈছিলোঁ আন্তৰ্জাতিক গেমথিয়ৰী সন্মিলনত অংশগ্ৰহণ কৰিবলৈ৷ তেওঁলোকে কিছু সংখ্যক অংশগ্ৰহণকাৰীক আৰ্থিক সাহায্য দিছিল৷ তাৰ মাজত সৌভাগ্যক্ৰমে ময়ো আছিলোঁ৷ এই সন্মিলনত মই লগ পাইছিলো কেইবাজনো বিশ্ববিশ্ৰুত গেম থিয়ৰীৰ বিশেষজ্ঞক, লগ পাইছিলো ন’বেল বঁটা বিজয়ী অৰ্থনীতিবিদ-গণিতজ্ঞ জন নাশ্বক, ‘‘এ বিউটিফুল মাইণ্ড’’ নামৰ বোলছবিখনৰ জৰিয়তে সাধাৰণ মানুহৰ মনতো জনপ্ৰিয় হৈ পৰা কুৰি শতিকাৰ এই মহান ব্যক্তি জনক লগ পাই, তেওঁৰ সৈতে কথা পাতি জীৱনটো ধন্য হোৱা যেন লাগিছিল৷ মোৰ উপাধিটো ভাৰতৰ আন আন ভাৰতীয় উপাধিৰ লগত কিয় নিমিলে এই বিষয়ে তেওঁ মোক প্ৰশ্ন কৰিছিল৷ মই অসমৰ বুলি কোৱাত অসমৰ চাহৰ বিষয়ে তেওঁ জানে বুলি মিচিকিয়াই হাঁহি এটা মাৰি মোক জনাইছিল৷ এই সন্মিলনত উপস্থিত থাকি পণ্ডিত সকলৰ লগত বিভিন্ন বিষয়ৰ আলোচনা কৰি ভাৱ হৈছিল আমি কিমান ক্ষুদ্ৰ তেওঁলোকৰ তুলনাত৷
ব্ৰিটিছ যুক্তৰাষ্ট্ৰৰ উত্তৰ আয়াৰলেণ্ডৰ বেলফাষ্টত অৱস্থিত কুইন্‌ছ বিশ্ববিদ্যালয়ৰ অধ্যাপক ৰাজনীশ কুমাৰক মই পাইছিলো আমেৰিকাত গৱেষণা কৰি থাকোতে৷ তাৰ পাছৰ পৰাই আমি একেলগে বহুকেইটা প্ৰকল্প সম্পাদন কৰিছিলো৷ এটা সময়ত দুয়োৰে সম্পৰ্ক একেবাৰে পৰিয়ালৰ দৰে হৈ পৰিল৷ মই বহুবাৰ দীঘলীয়াকৈ থকাকৈ বেলফাষ্টলৈ গৈছোঁ, পৰিয়াল লৈ গৈছো, তেওঁলোকো আহিছে৷ তাত মোৰ যদিও মূল কাম গৱেষণা কৰা, ছাত্ৰৰ আগত কেইবাবাৰো বক্তৃতা দিয়াৰ অভিজ্ঞতা হৈছে৷ ছাত্ৰসকলে কিবা নুবুজিলে খুটি-নাটি মাৰি সুধি লয়৷ আমাৰ ছাত্ৰৰ দৰে নুবুজিলেও মনে মনে বহি থকাৰ অভ্যাস নাই৷ গতিকে ক্লাছৰ কাৰণে প্ৰস্তুতি কৰোতে যথেষ্ট সাৱধান হ’ব লগা হয়৷
দেউতাই কৈছিলঃ শিক্ষা কেৱল নিজে গ্ৰহণ কৰি নিজৰ মাজতে ৰাখিলে তাৰ কোনো মূল্য নাথাকে৷ বিলাই দিব লাগে৷ সেই কথা সৰোগত কৰি মোৰ লগত গৱেষণা কৰি থকা ছাত্ৰ-ছাত্ৰী সকলকো মই বিদেশলৈ পঠোৱাৰ চেষ্টা কৰো৷ ইতিমধ্যে মোৰ অধীনৰ আঠ গৰাকী গৱেষক ছাত্ৰ-ছাত্ৰী কুইন্‌চ বিশ্ববিদ্যালয়ত প্ৰায় তিনিমাহকৈ থাকি আহিছে৷ এগৰাকী চীনৰ নৰ্থ ৱেষ্টাৰ্ণ পলিটেক্‌নিক বিশ্ববিদ্যালয়ত গৱেষণাৰ কামত এবছৰ থাকি আহিছে৷ আন এগৰাকী ছাত্ৰী কেমব্ৰিজ বিশ্ববিদ্যালয়ত এটা পোন্ধৰ দিনীয়া প্ৰশিক্ষণ লৈ আহিছে আৰু কিছুদিনৰ আগতে এজন ছাত্ৰই ৰাছিয়াৰ ছেইণ্ট পিটাৰ্ছবাগ বিশ্ববিদ্যালয়ত উচ্চ গৱেষণাৰ উদ্দেশ্যে দুবছৰৰ বাবে নিবাৰ্চিত হৈছে৷ ডিব্ৰুগড়ৰ দৰে ভাৰতৰ একেবাৰে সীমামূৰীয়া ঠাই এখনৰ পৰাওযে এনেদৰে ছাত্ৰ-ছাত্ৰী গৈ বিশ্বদৰবাৰত প্ৰতিষ্ঠিত হ’ব পাৰে সেয়া আজি কিছুদিনৰ আগলৈকে কল্পনা কৰিবলৈও টান আছিল৷ কিন্তু যোগাযোগৰ ব্যৱস্থাৰ অগ্ৰগতি তথা অকণমান সাহস কৰি আগবাঢ়ি যোৱাৰ মানসিকতা এটা তৈয়াৰ কৰি লোৱাৰ বাবেই হয়তো ই সম্ভৱ হৈ উঠিছে৷
মোৰ এই লেখা পঢ়ি হয়তো পাঠকৰ মনত হয়তো প্ৰশ্নৰ উদয় হ’বঃ কথাবোৰ ইমান সহজনে? মসৃণ নে? আচলতে নহয়, প্ৰত্যাহ্বান বহুত, আমাৰ প্ৰত্যেকৰে জীৱনত সফলতাতকৈ বিফলতাৰ সংখ্যা অধিক৷ কিন্তু সফল হ’বলৈ বিফল হোৱাটো অতিকে জৰুৰী৷ মোৰ জীৱনটোও বিফলতাৰে পূৰ্ণ৷ কিন্তু প্ৰত্যাহ্বান বিলাক মোকাবিলা কৰিবলৈ মোৰ দেউতাই মোক মনোবল দিছিল৷ শাৰীৰিক প্ৰত্যাহ্বান নেওচি দেউতাই যিদৰে নিজক প্ৰতিষ্ঠা কৰিছিল, সেয়া মোৰ বাবে আছিল বিফলতাৰ মাজত সফলতা বিচৰাৰ সঞ্জীৱনী সুধা৷ সপোনৰ পাছত দৌৰাৰ মানসিকতা, ভাগি পৰিলে পুনৰ নতুন উদ্যমেৰে আগবাঢ়ি যোৱাৰ প্ৰেৰণা৷

Enjoyed this writing?

Leave a like or share your constructive thoughts below.

Prof. Surajit Borkotokey

Prof. Surajit Borkotokey

Author & Researcher

Professor of Mathematics at Dibrugarh University, Assam. Specializes in Cooperative Game Theory and Network Science, writing bilingual reflections on mathematics, science, education, and Assamese heritage.

আলোচনা আৰু পাঠকৰ মতামত

0

এই নিবন্ধৰ সন্দৰ্ভত আপোনাৰ চিন্তা, গঠনমূলক প্ৰশ্ন বা মতামত ব্যক্ত কৰক।

নতুন মন্তব্য যোগ কৰক
Loading comments...

More Writings

View all